বিষ্ণু প্ৰসাদ ৰাভা

ৱিকিউদ্ধৃতিৰ পৰা
(বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰা পুনঃনিৰ্দেশিত)
১৯৫০ৰ দশকত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা

বিষ্ণু প্ৰসাদ ৰাভা (ইংৰাজী: Bishnu Prasad Rabha; ৩১ জানুৱাৰী, ১৯০৯ – ২০ জুন, ১৯৬৯) অসমৰ এগৰাকী বিশিষ্ট শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু আছিল। কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা ‘নটৰাজ’ নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য সৰ্বপল্লী ৰাধাকৃষ্ণণে তেখেতক ১৯৩৯ চনত কলাগুৰু উপাধি প্ৰদান কৰিছিল। বিষ্ণু প্ৰসাদ ৰাভা সংস্কৃতিৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত আছিল। সংগীত, নৃত্য, চিত্ৰকলা, আৰু অভিনয়ৰ উপৰি সংগীত পৰিচালক হিচাপে আৰু কথাছবি পৰিচালক হিচাপেও কাম কৰি গৈছে। ১৯৫৫ চনত ৰাভাই ভাৰতীয় কমিউনিষ্ট দল (চি.পি.আই.)-ত যোগ দিয়ে আৰু এই দলৰ প্ৰাৰ্থীৰূপে ১৯৫৭ চনত বৰপেটা সমষ্টিৰ পৰা বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে। নিৰ্বাচনত ৰাভাৰ পৰাজয় হয়। ১৯৬২ চনত ভাৰত-চীন যুদ্ধৰ সময়ত চীনাপন্থী বুলি ৰাভাক আকৌ বন্দী কৰা হয় আৰু ন মাহৰ বাবে জেললৈ পঠোৱা হয়। ১৯৬৭ চনত তেজপুৰৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধানসভা নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰে। ১৯৬৮ চনত কোকৰাঝাৰ সমষ্টিৰ পৰা লোকসভাৰ নিৰ্দলীয় প্ৰাৰ্থীৰূপে থিয় হয় যদিও পৰাজয় বৰণ কৰে। ১৯৬৯ চনৰ ২০ জুন তাৰিখে ৰাতি ২-২৫ বজাত তেজপুৰত ৰাভাদেৱে মৃত্যুক সাবটি লয়। পাকস্থলীত হোৱা কৰ্কট ৰোগত ভুগি তেখেতৰ মৃত্যু হয়।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

"ব্ৰহ্মপুত্ৰৰ শক্তি অসমীয়া জাতি-ভাষা-সংস্কৃতি জীয়াই ৰাখিবলৈ হ’লে বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতি-ভাষা আমি জীয়াই ৰাখিব লাগিব।"
  1. খাবৰ বাবে পিন্ধিবৰ বাবে মুৰ গুজিবৰ বাবে মানুহে যিহকে কৰে সেয়ে কলাকৃষ্টিৰ জগত সেয়াও সংগ্ৰামৰে ক্ষেত্ৰ। তাৰ জৰিয়তেও গণজাগৰণ আনিব পাৰি। বিপ্লৱৰ এক হাতিয়াৰ হ’ল মানুহ।[১]
  2. কেৱল জনসংখ্যাই জাতিক ডাঙৰ নকৰে; জাতি ডাঙৰ হয় জাতীয়তাবাদৰ হকে, ডেকাই দিয়া হিয়াৰ ৰাঙলী তেজেৰে।[১]
  3. কৰ্ময়ে উপাসনা হাঁহিয়ে জীৱন।[২]
  4. ৰাইজেই ৰজা মোৰ, প্ৰজায়েই ৰজা মোৰ, সুখেৰে পঞ্চায়তীৰাজ।[৩]
  5. ৰাইজৰ মৰম-চেনেহেই আমাৰ ৰক্ষাকবচ। ৰাইজৰ আশিসেই আমাৰ পাশুপাট অস্ত্ৰ। এই ৰক্ষাকবচ আৰু পাশুপাট অস্ত্ৰৰ বলতেই আমি সুস্থ, বলিষ্ঠ আৰু নিৰ্ভীক সৈনিক।[৩]
  6. কাৰ্ল মাৰ্ক্সৰ সাম্যবাদ আৰু গান্ধীজীৰ সাম্যবাদৰ বহু আগতেই যুগনায়ক শংকৰদেৱে আমাৰ দেশত সাম্যবাদী নীতি প্ৰচাৰ কৰি থৈ গৈছে।[৩]
  7. ... ৰাইজৰ অন্তৰ ফুলনিৰ ফুলে ফুলে উৰি উৰি পৰি পৰি মৌগুটি ভোমোৰাৰ দৰে ৰস শুহি শুহি মই মোৰ হৃদয়ত মৌ-কোঁহ ৰচনা কৰোঁ। সেই ৰাইজৰেই মৌ মই ৰাইজক বিলাওঁ।[৪]
  8. অসমীয়া গাভৰুৱে হাঁহিলে হিয়াপতীয়া ডালিমগুটীয়া মুকুতাপতীয়া দাঁতৰ পাৰি জিলিকি উঠে। তাতে আকৌ ওঁঠ অধৰ, লালেংটেৰ বা দেৱা গছৰ ছালৰ ছালিৰে তামোল খাই সেলেঙী লগাই ৰঙা পিকৰ বোল বোলায়, ৰাংঢালী, পিকঢালী, সৰবৰহী তেজীৰঙা মুখত কেতেকী ফুলৰ সুগন্ধি ৰেণুগুড়ি সানে, খকালী নকীয়া নাকৰ ওপৰত দুটা ধেনুভিৰীয়া চেলাউৰিৰ মাজতে সোণপোক বা সেন্দূৰ পিন্ধে........[৫]
  9. মানুহৰ জীৱনটো এটা আৱেষ্টনীৰ মাজত ৰখা সুষমা ভৰা পদাৰ্থ নহয়। ই অনিৰ্দিষ্ট জীৱন্ত ব্যাপক জ্বলন্ত শিখা।[উৎসৰ প্ৰয়োজন]
  10. শোষণকাৰীক শেষ কৰিবই লাগিব; কিন্তু অস্ত্ৰৰ সহায়েৰে নহয়, জনগণক জগাই তুলি, মহা-বিপ্লৱৰ সৃষ্টি কৰি। তাকে কৰিবলৈ মই হাতত কলম তুলি লৈছোঁ।[৬]
  11. বিষ্ণু ৰাভা নমৰে, মই আকৌ আহিম। (মৃত্যু শয্যাৰ পৰা পত্নীলৈ দিয়া শেষ সান্ত্বনা বাণী)[৭]
  12. মাৰ্ক্সবাদ লেনিনবাদে মোৰ চঞ্চল, অস্থিৰ জীৱনলৈ আনি দিলে সাগৰ সংগমৰ পূৰ্ণতা আৰু গভীৰতা।[৮]
  13. ভৌগোলিক পৰিবেশ আৰু ইতিহাসৰ বোৱতী ধাৰাত এখন ৰাজ্যৰ আৰু এটা জাতি বিশেষৰূপে গঢ় লয় আৰু তাৰ কৃষ্টিতো ইয়াৰ বৈশিষ্ট্য দেখা যায়।[৯]
  14. খাবৰ বাবে, পিন্ধিবৰ বাবে মানুহে সুন্দৰভাৱে যিহকে কৰে, সেয়ে কৃষ্টি।[উৎসৰ প্ৰয়োজন]
  15. ব্ৰহ্মপুত্ৰৰ শক্তি অসমীয়া জাতি-ভাষা-সংস্কৃতি জীয়াই ৰাখিবলৈ হ’লে বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতি-ভাষা আমি জীয়াই ৰাখিব লাগিব।[১০]
  16. আপোনালোকে মোক জীৱন শিল্পী বুলি কয়। যদি প্ৰকৃততে মই জীৱন শিল্পী হওঁ সেয়া ভগৱানৰ কৰুণাত নহয়, জনতাৰ সৃজনী শক্তিতহে। ‘শিল্পী’ কথাষাৰ আজিকালি বৰ সহজ হৈ পৰিছে। কিন্তু শিল্পী হ’বলৈ ঝঞ্ঝা বিজয়ী আত্মাৰ অধিকাৰী হ’ব লাগিব। প্ৰশান্ত মহাসাগৰত ডুব মাৰি অসংখ্য শামুক বুটলিব পৰা দুঃসাহস আৰু দুৰ্বাৰ শক্তি থাকিলেহে আজি আৰ্টৰ মুক্তা লাভ কৰা সম্ভৱ।
    • বিষ্ণু প্ৰসাদ ৰাভা, মধ্য গুৱাহাটী বিহু সন্মিলনত দিয়া ভাষণৰ পৰা[১১]
  1. বৰ্তমান সাম্ৰাজ্যবাদৰ যি ধুমুহা বলিছে, ধনতান্ত্ৰিকৰ যি বিজয় বৈজয়ন্তী ধ্বজা উৰিছে, সেই ধনতান্ত্ৰিকতা আৰু সাম্ৰাজ্যবাদৰ হেঁচাত অসমীয়া গাঁৱলীয়া দুখীয়া, হুজুৱা, হালোৱা, বনুৱা বাচি থাকিবনে? যদি অসমীয়াৰ এই দুখীয়া শ্ৰেণী মৰে, তেন্তে অসমীয়া জাতিও মৰিব, লগে লগে লয় পাব অসমীয়া কৃষ্টি, অসমীয়া সংস্কৃতি আৰু অসমীয়া সভ্যতা৷[১২]

বিষ্ণুৰাভা সম্পৰ্কে বিভিন্নজনৰ উক্তি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • “বিষ্ণুৰাভা জীয়াই থাকোঁতে মানুহে তেওঁক যিমানখিনি জানিছিল বা যিদৰে জানিছিল- মৃত্যুৰ পিছৰে পৰা যিমানেই দিন গৈছে তেওঁক তাতকৈ বহু বেছি ভালদৰে বুজি উঠা যেন লাগিছে। বহুমুখী প্ৰতিভা আৰু বিশাল ব্যক্তিত্বৰ অধিকাৰী বিষ্ণু ককাইদেউ আছিল জাতি-জনজাতিৰ সমন্বয়ৰ এক জীৱন্ত প্ৰতীক। বিষ্ণু ৰাভা ঠিকাদাৰ নহয়, মন্ত্ৰীও নহয়, সত্ৰাধিকাৰো নহয়, নাস্তিকো নহয়, খাটি মহাপুৰুষীয়া যদিও মাছ-মাংস খায়। ২৫০০ বিঘা মাটিৰ জমিদাৰ হৈয়ো পুঁজিপতি নহয়, মাটিও নাই। গেৰুৱা বসন নিপিন্ধে যদিও সন্ন্যাসী, বিশ্ববিদ্যালয়ত দহোটা – পাঁচোটা গৱেষণা কৰা নাছিল যদিও গৱেষক, বুৰঞ্জীবিদ, নৃতত্ত্ববিদ। বিপ্লৱী যদিও ৰোমাণ্টিক। জাতি বিচাৰ নামানে যদিও ধনী-দুখীয়াৰ জাতি বিচাৰ মানে। তিনিটা সন্তানৰ পিতৃ যদিও গতানুগতিক সংসাৰী নহয়। কমিউনিষ্ট হ’লেও ফেনাটিক নহয়। বয়স তিনিকুৰি হ’লেও মনটো একৈশ বছৰীয়া। খাটি বড়ো, খাটি অসমীয়া অথচ বিশ্বৰ ছন্দে ছন্দে ধাৱমান এক মহান মানৱ শিল্পী…”
  • অসমত এটি কথা আছে ‘জ্যোতিৰ জ্যোতি, ৰাভাৰ আভা। ’ আলোচনা প্ৰসংগত এদিন ৰাভাই মোক কৈছিল যে মাৰ্ক্সবাদ-লেলিনবাদে তেওঁৰ চঞ্চল, অস্থিৰ শিল্পী জীৱনলৈ আনিছে সাগৰ-সংগমৰ পূৰ্ণতা আৰু গভীৰতা। যদি ৰাভা কণমানো চৰকাৰী অনুগ্ৰহ প্ৰাৰ্থী হ’লহেঁতেন তেওঁৰ কোনো প্ৰকাৰ অভাৱেই নাথাকিলহেঁতেন। কিন্তু ৰাভাই বাছি ল’লে দাৰিদ্ৰৰ পথ। অসমৰ লক্ষ লক্ষ দৰিদ্ৰ জনতাৰ শিল্পীৰ পথ ইয়াতকৈ ভিন্ন হ’ব নোৱাৰে।”
  • ”ৰাভাই ৰাজনীতিত যোগ দিছিল কিয়? শাসনৰ নামত জনসমাজৰ ওপৰত অনুষ্ঠিত অন্যায় অবিচাৰ আদিয়ে শিল্পীগৰাকীৰ অন্তৰ গভীৰভাৱে স্পৰ্শ কৰিছিল। জনসমাজৰ দাৰিদ্ৰই মানুহজনক ম্ৰিয়মাণ কৰিছিল। সত্য আৰু ন্যায়ৰ অৰ্থে জনসমাজৰ কাৰণে যুঁজাৰ মানসেৰে ৰাভাই ৰাজনীতিৰ আশ্ৰয় গ্ৰহণ কৰিছিল। মন্ত্ৰী হ’বৰ বাবে নহয়। ৰাভাই বিচাৰি লোৱা ৰাজনীতিৰ পথ হৈছে কাঁইটীয়া। এনে ৰাজনীতিত আছে দুখ আৰু কষ্ট। পলাতক অৱস্থাত সন্মুখীন হ’ব লগা ৰাভাৰ দুখ-কষ্টৰ কথা আমি জানো।”
  • “বিষ্ণু ৰাভা কোনো বিশেষ দলৰ সম্পত্তি নহয়, তেওঁ অসমৰ জনগণৰ এক অমূল্য সম্পদ। দল-মত অনুযায়ী এই সম্পদৰ বিশ্লেষণ আৰু ব্যৱহাৰ বিচিত্ৰ হোৱাটোৱেই স্বাভাৱিক। কিন্তু তেওঁৰ সাধনাৰ মৌল চৰিত্ৰ যাতে বিকৃত নহয় তাকে আমি চকু ৰাখিব লাগিব। এই সম্পৰ্কে সন্দেহৰ কোনো অৱকাশেই নাই যে মাৰ্ক্সবাদেই অসম তথা ভাৰতৰ জনগণৰ মুক্তি আৰু সৰ্বাংগীণ মংগলৰ পথ বুলি তেওঁ 1946 চন মানৰ পৰা আমৃত্যু কাল অবিচলিতভাৱে বিশ্বাস কৰিছিল আৰু এই কথাও জল্-জল্ পট্-পট্ যে সকলো ধৰণৰ সংকীৰ্ণতা আৰু জাতিগত বিদ্বেষৰ পৰা মুক্ত আছিল। তেওঁৰ ৰচনাৱলী পূৰ্ণাংগভাৱে আৰু যথাযোগ্য মৰ্য্যাদাৰে প্ৰকাশ নোহোৱালৈকে তেওঁৰ চিন্তাৰ ভালেমান দিশ অনুদ্ঘাটিত হৈ থাকিব।”
  • There are some peculiarities in Mr. Rava's dance which I must learn.

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ অসমীয়া ভাষাত অসমীয়া ব্যক্তিৰ কেইটামান উদ্ধৃতি, ৬ জানুৱাৰী, ২০২২
  2. আমি পোহৰ বিচাৰি যাওঁ, ৬ জানুৱাৰী, ২০২২
  3. ৩.০ ৩.১ ৩.২ বিপ্লৱী শিল্পী বিষ্ণু, নীলাচৰাই, ৬ জানুৱাৰী, ২০২২
  4. বিষ্ণু ৰাভাৰ সংগ্ৰামী আভা, দেবেন্দ্ৰনাথ বৰা
  5. সাহিত্যৰত্নঃএশ একুৰি সাহিত্যিকৰ জীৱনী
  6. বিপ্লৱী শিল্পী বিষ্ণু ৰাভা, ৰতি মোহন নাথ, মুক্তি দেউল, স্মৃতিগ্ৰন্থ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস, আছু, কলিয়াবৰ।
  7. বিষ্ণু ৰাভা নমৰে, মই আকউ আহিম, তোষেশ্বৰ তামোলী ফুকন, সাদিন, পৃষ্ঠা ৪, দেওবাৰ, ১৯ জুন, ২০২২
  8. বিষ্ণু ৰাভা নমৰে, মই আকউ আহিম, তোষেশ্বৰ তামোলী ফুকন, সাদিন, পৃষ্ঠা ৪, দেওবাৰ, ১৯ জুন, ২০২২
  9. অসমীয়া প্ৰতিদিন, তুষাৰ প্ৰতিম, ৩১ জানুৱাৰী, ২০২২
  10. আইৰ প্ৰাণৰ ভাষা, কলংপাৰ, অসমীয়া সাপ্তাহিক, ২২ ফেবৰুৱাৰী, ২০২৩
  11. ১১.০ ১১.১ ১১.২ ১১.৩ ১১.৪ সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভা: ব্যক্তিত্বৰ জিলিঙণি – (ৰঞ্জিত ভূঞা),‘মুক্ত চিন্তা’ৰ কৰ্মদল, ৫ জুলাই ২০২১
  12. ১২.০ ১২.১ ১২.২ মহন্ত, দিগন্ত (সম্পাদনা) (২০১৮)। মুক্তি দেউল। সদৌ অসম ছাত্ৰসন্থা, কলিয়াবৰ, পৃষ্ঠা:১৩৯।

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]