বাণীকান্ত কাকতি

ৱিকিউদ্ধৃতিৰ পৰা

বাণীকান্ত কাকতি (ইংৰাজী: Banikanta Kakati) অসমৰ এগৰাকী শিক্ষাবিদ আৰু গৱেষক, ভাষাবিদ, সম্পাদক আৰু সমালোচক৷ অসমীয়া ভাষাৰ ভাষাতাত্ত্বিক অধ্যয়ন বিষয়ত তেখেতে যথেষ্ট অৱদান আগবঢ়াই থৈ গৈছে। তেওঁ প্ৰথম বাৰলৈ ১৯১৮ চনত কলিকতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা ইংৰাজী সাহিত্যত এম.এ ডিগ্ৰী লাভ কৰে। তাৰ পাছত তেওঁ কটন কলেজত ইংৰাজী বিষয়ৰ অধ্যাপনা কৰিবলৈ লয়৷ অধ্যাপনা কৰি থাকোঁতেই পুনৰ ১৯২৩ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী ভাষাৰ আনটো গ্ৰুপত পৰীক্ষা দি প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ এম.এ পাছ কৰে। তেওঁ কটন কলেজৰ অধ্যাপক আছিল আৰু পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ “অসমীয়া বিভাগ’’ৰ প্ৰথমজন অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেখেতৰ গৱেষণা গ্ৰন্থখনৰ নাম হ’ল-‘Assamese : Its Formation And Development.

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. বেলি মাৰ যায়; কিন্তু গ্ৰহ-উপগ্ৰহে তাৰ প্ৰতিবিম্বৰেই বাটৰুৱাক পথ দেখুৱায়৷ কোনোবা জাতি নাইকিয়া হয়; কিন্তু তাৰ মানসিক বিকাশৰ জেউতি বা প্ৰতিবিম্বই পুৰুষানুক্ৰমে মানৱ সমাজক পোহৰ দি থাকে৷[১]
  2. ভাষাৰ বান্ধেই সমাজ আৰু ৰাষ্ট্ৰৰ বান্ধ৷[১]
  3. যিসকলে নিজৰ লক্ষ্য আগত ৰাখি কৰ্তব্যৰ পথত নীৰৱে আগবাঢ়ে তেওঁলোকেই সমাজ আৰু জগতৰ ভৱিষ্যত আশা৷[১]
  4. ভাষা চৈতন্য নাথাকিলে জাতীয় চৈতন্য নাথাকে৷[২]
  5. দেশ হিতৈষণা এটি অতীন্দ্ৰিয় ৰোগ৷[২]
  6. মনত লগাকৈ দিব নোৱাৰিলে অকল উপদেশ বা নিৰ্দেশে একো কাম কৰিব নোৱাৰে৷[২]
  7. অসমত অসংখ্য ভাষা-ভাষী মানুহৰ সমাৱেশ৷ চাৰিওফালে বেঢ়ি থকা পৰ্বতীয়া ভাষাবোৰৰ ভিতৰত অসমীয়া ভাষা এটি সৰু দ্বীপৰ দৰে৷ ইমানবোৰ ভাষা-ভাষীৰ ঠেলা-হেঁচাত হয় অসমীয়া ভাষা বুৰ গ’লহেঁতেন, নহয় ই বিকৃতাকাৰ হ’লহেঁতেন৷ বৈষ্ণৱ কবিসকলে অসমীয়া ভাষাক আশ্ৰয় কৰি সাৰ্বজনীন শিক্ষা দিয়াৰ ব্যৱস্থা কৰাত অসমীয়া ভাষা জাতীয় ভাষাৰূপে পৰিগণিত হ’ল৷[৩]
  8. চৈতন্যৰ উদয়ৰ পৰা মৰণলৈকে মানৱ জীৱন এক সুদীৰ্ঘ কাৰুণ্যৰ আৱেগ মাথোন; নাইবা গভীৰ নৈৰাশ্যৰ দীৰ্ঘশ্বাস৷[৩]
  9. আদিতে হাঁহি আৰু কান্দোনৰ একো পাৰ্থক্য নাই৷ যি কাৰণেই আমি হাঁহোঁ, সেই কাৰণেই আমি কান্দোঁ৷[৩]
  10. জীৱনৰ সীমাবদ্ধতাৰ নিমিত্তে হৃদয়ৰ বাসনাৰ অসীমতাৰ নিমিত্তে আৰু সংসাৰৰ বাধা বিঘিনিৰ নিমিত্তে মানৱ হৃদয় সদায় উতলা অৱস্থাতেই থাকে৷[৩]
  11. বিজ্ঞানৰ পণ্ডিতসকলে কয়, জুহালৰ এঙ্গাৰ আৰু বহুমূলীয়া হীৰা হেনো ৰসায়নৰ বিশ্লেষণত একেই পদাৰ্থ। [৪]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ ১.২ (সম্পা)অপূৰ্ব তালুকদাৰ (২০২৩)। মহৎ লোকৰ বাণী। নিষ্ঠা প্ৰকাশন।
  2. ২.০ ২.১ ২.২ ৰক্তাভ জ্যোতি বৰা (২০০৩)। উদ্ধৃতি অভিধান। বাণী মন্দিৰ।
  3. ৩.০ ৩.১ ৩.২ ৩.৩ ড° মহেশ্বৰ নেওগ (সম্পা:) (১৯৯১)। বাণীকান্ত ৰচনাৱলী। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:৭,৫।
  4. সাহিত্য আৰু প্ৰেম

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w: