সমললৈ যাওক

বাণীকান্ত কাকতি

ৱিকিউদ্ধৃতিৰ পৰা

বাণীকান্ত কাকতি (ইংৰাজী: Banikanta Kakati) অসমৰ এগৰাকী শিক্ষাবিদ আৰু গৱেষক, ভাষাবিদ, সম্পাদক আৰু সমালোচক৷ অসমীয়া ভাষাৰ ভাষাতাত্ত্বিক অধ্যয়ন বিষয়ত তেখেতে যথেষ্ট অৱদান আগবঢ়াই থৈ গৈছে। তেওঁ প্ৰথম বাৰলৈ ১৯১৮ চনত কলিকতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা ইংৰাজী সাহিত্যত এম.এ ডিগ্ৰী লাভ কৰে। তাৰ পাছত তেওঁ কটন কলেজত ইংৰাজী বিষয়ৰ অধ্যাপনা কৰিবলৈ লয়৷ অধ্যাপনা কৰি থাকোঁতেই পুনৰ ১৯২৩ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী ভাষাৰ আনটো গ্ৰুপত পৰীক্ষা দি প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ এম.এ পাছ কৰে। তেওঁ কটন কলেজৰ অধ্যাপক আছিল আৰু পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ “অসমীয়া বিভাগ’’ৰ প্ৰথমজন অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেখেতৰ গৱেষণা গ্ৰন্থখনৰ নাম হ’ল-‘Assamese : Its Formation And Development.

  1. বেলি মাৰ যায়; কিন্তু গ্ৰহ-উপগ্ৰহে তাৰ প্ৰতিবিম্বৰেই বাটৰুৱাক পথ দেখুৱায়৷ কোনোবা জাতি নাইকিয়া হয়; কিন্তু তাৰ মানসিক বিকাশৰ জেউতি বা প্ৰতিবিম্বই পুৰুষানুক্ৰমে মানৱ সমাজক পোহৰ দি থাকে৷[]
  2. ভাষাৰ বান্ধেই সমাজ আৰু ৰাষ্ট্ৰৰ বান্ধ৷[]
  3. যিসকলে নিজৰ লক্ষ্য আগত ৰাখি কৰ্তব্যৰ পথত নীৰৱে আগবাঢ়ে তেওঁলোকেই সমাজ আৰু জগতৰ ভৱিষ্যত আশা৷[]
  4. ভাষা চৈতন্য নাথাকিলে জাতীয় চৈতন্য নাথাকে৷[]
  5. দেশ হিতৈষণা এটি অতীন্দ্ৰিয় ৰোগ৷[]
  6. মনত লগাকৈ দিব নোৱাৰিলে অকল উপদেশ বা নিৰ্দেশে একো কাম কৰিব নোৱাৰে৷[]
  7. অসমত অসংখ্য ভাষা-ভাষী মানুহৰ সমাৱেশ৷ চাৰিওফালে বেঢ়ি থকা পৰ্বতীয়া ভাষাবোৰৰ ভিতৰত অসমীয়া ভাষা এটি সৰু দ্বীপৰ দৰে৷ ইমানবোৰ ভাষা-ভাষীৰ ঠেলা-হেঁচাত হয় অসমীয়া ভাষা বুৰ গ’লহেঁতেন, নহয় ই বিকৃতাকাৰ হ’লহেঁতেন৷ বৈষ্ণৱ কবিসকলে অসমীয়া ভাষাক আশ্ৰয় কৰি সাৰ্বজনীন শিক্ষা দিয়াৰ ব্যৱস্থা কৰাত অসমীয়া ভাষা জাতীয় ভাষাৰূপে পৰিগণিত হ’ল৷[]
  8. চৈতন্যৰ উদয়ৰ পৰা মৰণলৈকে মানৱ জীৱন এক সুদীৰ্ঘ কাৰুণ্যৰ আৱেগ মাথোন; নাইবা গভীৰ নৈৰাশ্যৰ দীৰ্ঘশ্বাস৷[]
  9. আদিতে হাঁহি আৰু কান্দোনৰ একো পাৰ্থক্য নাই৷ যি কাৰণেই আমি হাঁহোঁ, সেই কাৰণেই আমি কান্দোঁ৷[]
  10. জীৱনৰ সীমাবদ্ধতাৰ নিমিত্তে হৃদয়ৰ বাসনাৰ অসীমতাৰ নিমিত্তে আৰু সংসাৰৰ বাধা বিঘিনিৰ নিমিত্তে মানৱ হৃদয় সদায় উতলা অৱস্থাতেই থাকে৷[]
  11. বিজ্ঞানৰ পণ্ডিতসকলে কয়, জুহালৰ এঙ্গাৰ আৰু বহুমূলীয়া হীৰা হেনো ৰসায়নৰ বিশ্লেষণত একেই পদাৰ্থ। []
  12. প্ৰতিবিম্বই পুৰুষানুক্ৰমে মানৱ সমাজক পোহৰ দি থাকে।[]
  13. অসমীয়া ভাষাটো বিভিন্ন অনা-আৰ্য ভাষাৰ সাগৰৰ মাজত এটা সৰু দ্বীপৰ নিচিনা।
  14. মনৰ পৰাধীনতা সৰ্বগ্ৰাসী যক্ষ্মাৰোগৰ বীজাণুৰ নিচিনা মাৰাত্মক। মানসিক পৰাধীনতাৰ বৰবিহ মেলি দিব পাৰিলে কোনো জাতিৰেই মনুষ্যত্বৰ অৱশেষ নাথাকে।

(জাতীয় চৈতন্য)[]

  1. মনৰ পুষ্টি আৰু প্ৰকাশ হয় ভাষাৰ সহায়েৰে। সেইকাৰণে জাতীয় চৈতন্যগৰ্বী লোকসকলে নিজৰ ভাষা আৰু তাৰ বিশুদ্ধতা ৰক্ষা কৰে।

(জাতীয় চৈতন্য)[]

  1. কোনো অলৌকিক ঘটনাই আমাৰ ভাষা-সাহিত্যৰ ভিতৰেদি জাতীয় চেতনাৰ উদ্বোধন নকৰে। অসম সাহিত্য সভাৰ পিনে চোৱা, দেশ স্বাধীন হ'ল; সাহিত্য ধৰাশায়ী হ'ল। কামৰূপ অনুসন্ধান সমিতিৰ পিনে চোৱা, এছটা কলা-কাঠত নামটো আঁকি থোৱা আছে, যেন কবৰখানাৰ দুৱাৰ মুখত অঁৰা মৰা মানুহৰ নাম।

(জাতীয় চৈতন্য)[]

  1. অসম বিভিন্ন জনজাতি আৰু গোষ্ঠীভূত লোকৰ বাসভূমি। এই সকলোবোৰকেই লগ লগাই অসমীয়া জাতিৰ সকলো শাখাৰ লোকৰে সাধাৰণ মঙ্গল সাধিবৰ অৰ্থে তেওঁলোকৰ কৰ্মসমূহ কেন্দ্ৰীভূত কৰিবলৈ হ'লে নতুন দৰ্শনৰ আৰু নতুন সমন্বয়ৰ সৃষ্টিৰ অৰ্থে আত্মনিয়োগ কৰিবৰ আৱশ্যক হ'ব।

(ভৱিষ্যৎ অসমীয়া সাহিত্য)[]

  1. সাময়িক বতাহৰ কোবত নিজক বেলুনৰ দৰে বেপাৰীৰ দোকানৰ জৰিত আঁৰি থ'বলৈ অমান্তি হৈ নিজৰ আদৰ্শ আৰু লক্ষ্য স্থিৰ ৰাখি কৰ্তব্যৰ পথত নীৰৱে আগবাঢ়ে-তেওঁলোকেই সমাজ আৰু জগতৰ ভৱিষ্যৎ আশাৰ থল। বতাহত ওফন্দি উঠা বেলুনবোৰ ল'ৰা-ছোৱালীৰ ধেমালিৰ বস্তু সমাজৰ কোনো কামতে নালাগে।

(নীৰৱ সাধনা)[]

  1. সাহিত্যই জীৱনত কিদৰে প্ৰভাৱ পেলায় তাৰ সাক্ষী বুৰঞ্জীয়ে দিয়ে। ধৰ্মপ্ৰচাৰ আৰু সামাজিক বিপ্লৱত সাহিত্য হৈছে অগ্ৰগণী। প্ৰোটেষ্টান ধৰ্মমত প্ৰচাৰত লুথাৰৰ ৰচনাৱলী, ভাৰতবৰ্ষত মধ্যযুগৰ বৈষ্ণবধৰ্ম প্ৰচাৰত শঙ্কৰদেৱ, তুলসীদাস আদি ভক্ত কবিৰ পুথি, আধুনিক যুগৰ বিপ্লৱবোৰত কছো, ভল্টেয়াৰ, লেনিন, গৰ্কী আদি লিখকৰ কিতাপ-পত্ৰ কিমান কাৰ্যকৰী হৈছে তাক দোহাৰিবৰ সকাম নাই। আমাৰ জাতীয় আন্দোলনতো মহাত্মা গান্ধীৰ ইয়ং ইণ্ডিয়া, আত্মজীৱনী আদি ৰচনাৱলী কিমান সফল হৈছে সেই কথা আটাইৰে বিদিত। এইদৰে সমাজৰ আৱশ্যকীয় সংস্কাৰবিলাক সাহিত্যৰ জৰিয়তে আগবঢ়াই নিব পাৰি।"
  2. দুষ্ট, অমিত্ৰ সকলোকে সংহাৰ কৰি পৃথিৱীত এক ভাব, এক মত প্ৰচলন কৰি সকলোৰে মাজত সমভাব এটি বিস্তাৰ কৰিবৰ কল্পনা আদৰ্শ-সাহিত্যত আজন্ম কালৰপৰাই চলি আহিছে।[]

(বধ-কাব্য)

  1. সকলো জাতীয় আৰু মহাজাতীয় আন্দোলনক সাহিত্যই বতাহে বনপোৰা জুইক সহায় কৰাৰ দৰে সহায় কৰে। সাহিত্যৰ ওপৰত প্ৰতিষ্ঠিত হ'ব নোৱাৰিলে কোনো আন্দোলনেই যুগমীয়াকৈ তিষ্ঠিব নোৱাৰে।[]

(বৰগীত)

  1. সম্ভাৱিত ঘটনাৰপৰা পথ উদ্ভাৱন কৰি সাহিত্যই যদি তুলনামূলক চিত্ৰ আঁকি দেখুৱাব পাৰে, তেনেহ'লে কোন পথেৰে আমি আগবাঢ়িব লাগে তাৰ অন্ততঃ কিঞ্চিৎ আভাস পাব পাৰোঁ। প্ৰকৃত সাহিত্য স্কুলীয়া ল'ৰাৰ বিলাসৰ বস্তু নহয়। ই পাঠকৰ সাধনাৰ সামগ্ৰী।

(যুগ সাহিত্য আৰু সমাজৰ ৰূপৰেখা)[]

  1. বৰ্হিজগতৰ সৈতে মানুহৰ যি বিৰোধ আৰু সংগ্ৰাম সেয়েই সাহিত্যৰ প্ৰেৰণা ... আনহাতে মনৰ সংশয়াপন্ন আৰু বিমোৰ অৱস্থাত সাহিত্যয়ো মানুহক উদগনি আৰু দিহা-ভৰষা দিবলৈ চেষ্টা কৰিছে। জীৱন আৰু সাহিত্যৰ এয়ে দুমুখীয়া সম্বন্ধ।

(আমাৰ নতুন সাহিত্য)[]

  1. বধ-কাব্যবোৰ সকলো ধৰ্মৰেই অন্তৰ্নিহিত আন এটি মজ্জাগত ভাবৰ প্ৰকাশ। সেইটো হৈছে জগতত সাম্যভাব প্ৰৱৰ্তনৰ চেষ্টা আৰু একান্তিকা ভক্তিৰ বিজয় ঘোষণা।

(বধ-কাব্য)[]

  1. অৰ্থনৈতিক অসাম্যয়ো ৰাইজক চেপি ধৰি আমাৰ ৰাজহুৱা জীৱন নিস্তেজ কৰিবলৈ ওলাইছে।

(আমাৰ নতুন সাহিত্য)[]

  1. নতুনকৈ উঠি অহা ল'ৰা-ছোৱালীবিলাকক যদি লিখা-পঢ়া শিকাই স্বদেশপ্ৰীতি, সাম্যভাৱ, উদাৰতা আদি আদৰ্শ উপলব্ধি কৰাব পৰা যায় তেনেহ'লে আমাৰ উদ্দেশ্য সফল হ'বলৈ পলম নালাগে।[]

(আমাৰ নতুন সাহিত্য)

  1. বৰ্তমান জগতৰ ভাবৰাজ্যত কাৰ্লমাৰ্ক্সৰ প্ৰভাৱ অতুলনীয়।

(নীবৰ সাধনা)[]

  1. আধ্যাত্মিক উপলব্ধি যদি ঈশ্বৰ আৰু শুদ্ধ মনৰ ভিতৰত বুজা-বঢ়া কৰিবলগীয়া বিষয় হয়, তেনেহ'লে সামাজিক শ্ৰেণীবিভাগ অনুসৰি ইয়াত অধিকাৰ ভেদ থাকিব নোৱাৰিব। ওখকুলীয়া মানুহহে ঈশ্বৰ আৰাধনাৰ অধিকাৰী বা নীহকুলীয়া মানুহৰ ইয়াত অধিকাৰ নাই, এনে ভেদ-জ্ঞান ইয়াত থাকিব নোৱাৰে।

(শংকৰদেৱৰ আধ্যাত্মিক দান)[]

ভিন্নজনৰ দৃষ্টিৰে বাণীকান্ত কাকতি

[সম্পাদনা কৰক | উৎস সম্পাদনা]

১.কলিকতা প্ৰেচিডেন্সি কলেজত আমি একেলগে পঢ়িছিলো। মই পঞ্চম বাৰ্ষিকত থাকোতে তেওঁ তৃতীয় বাৰ্ষিকত ভৰ্তি হৈছিল। তেতিয়া ১৯১৩ চন। ইডেন হোষ্টেলত থকা দুটি বছৰত তেওঁৰ আন আন আমোদ-প্ৰমোদ বাদ দি কিতাপতে একাণপতীয়াকৈ লাগি থকা দেখা পাইছিলো। তেওঁৰ স্বভাৱ নিজু আছিল, মানুহৰ লগত বৰ বেছি হলি-গলিও নকৰিছিল। কিন্তু যিবোৰ মানুহে তেওঁৰ সংস্পৰ্শত আহিবলৈ সুযোগ পাইছিল, সেইবোৰ মানুহে তেওঁৰ জ্ঞানৰ পৰিচয় পাই চমক খাই উঠিছিল। গভীৰ জ্ঞান আৰু অমায়িক ব্যৱহাৰৰ কাৰণে অধ্যাপক কাকতি কটন কলেজত সকলোৰে সন্মানৰ ব্যক্তি হিচাপে পৰিগণিত হয়। খুহুটীয়া মন্তব্যৰ কাৰণে তেওঁ বন্ধুবৰ্গ আৰু ছাত্ৰসকলৰ সমানে পৰিচিত আছিল।[] -সূৰ্য্য কুমাৰ ভূঞা

২.অনেকৰ কাৰণে তেওঁৰ হাঁহিসনা চোকা হিউমাৰৰ দংশন পোনচাটে সহ্য কৰা টান, কিন্তু সেইফেৰা চম্ভালি ল'ব পাৰিলে তাৰ পিছত কাকতি ৰসাল আৰু হিতকৰ হৈয়ে দেখা দিয়ে।[] -ড° মহেশ্বৰ নেওগঃ

৩.তেওঁ ৰাইজৰ মানুহ। ভৰিত কেনভাছ জোত, গাত হাফচাৰ্টটো আৰু মুখত বিড়ি এটা লৈ থকা অধ্যাপক কাকতি ৰাজ্যৰ বিভিন্ন ঠাইত থকা তেওঁ ছাত্ৰসকলক কাৰণে এটা অতীত আখ্যানৰ দৰে।[১০] -ড° প্ৰফুল্ল দত্ত গোস্বামী
৪.ঠাট্টা-মস্কৰা তেওঁৰ দৈনন্দিন ৰগৰ। মানুহৰ প্ৰথমে ভালকৈ জুখি চাইহে তেওঁ পিছত উৎসাহিত কৰিছিল। সেই কাৰণে তেওঁৰ ওচৰ চাপিবলৈকে সকলো ছাত্ৰ-ছাত্ৰয়ে সাহ নকৰিছিল। কিন্তু কাকতি ছাৰৰ ওচৰ চাপি যেতিয়া অন্তৰৰ লগত চিনাকি হোৱা যায়, তেতিয়া শ্ৰদ্ধাত মূৰ নত হৈ যায়। এজন মৰমিয়াল পিতৃ, সজ বন্ধু বন্ধু, বিজ্ঞ উপদেষ্টা আৰু তত্ত্বাৰ্থী ছাত্ৰৰ গুণ তেওঁৰ গাত মিহলি হৈ আছিল। আমাৰ ছাত্ৰসকল বহুতেই তেওঁৰ পৰা ব্যক্তিগত, ঘৰুৱা আৰু সামজিক জীৱনত লাগতিয়াল উপদেশ আৰু পৰামৰ্শ পাইছিল।[১১] -ড° প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য্য
৫. তেওঁৰ (বাণীকান্ত কাকতিৰ) সমালোচনাৰ ভাষা অনুভূতিশীল ৰসবোধ আৰু বৌদ্ধিক যুক্তি বিস্তাৰৰ উপযোগী এক অতুলনীয় পৰিশীলিত ভাষা। মোৰ ভাষাতেই মই প্ৰায়ে কাকতিৰ ভাষাৰ প্ৰভাৱ অনুভৱ কৰোঁ। এই গদ্য সচেতন, চিন্তাশীল, পৰিশ্ৰম, অথচ কথ্যভাষাৰ সতেজ স্বচ্ছন্দতাৰ পৰা বেছি দূৰৰ বস্তু নহয়। কবিতাৰ বা সাহিত্যৰ উচ্চমানৰ বিচাৰ এনে ভাষা অবিহনে সম্ভৱ নহ'লহেঁতেন।"---হীৰেন গোহাঁই[১২]

  1. ১.০ ১.১ ১.২ (সম্পা)অপূৰ্ব তালুকদাৰ (২০২৩)। মহৎ লোকৰ বাণী। নিষ্ঠা প্ৰকাশন।
  2. ২.০ ২.১ ২.২ ৰক্তাভ জ্যোতি বৰা (২০০৩)। উদ্ধৃতি অভিধান। বাণী মন্দিৰ।
  3. ৩.০ ৩.১ ৩.২ ৩.৩ ড° মহেশ্বৰ নেওগ (সম্পা:) (১৯৯১)। বাণীকান্ত ৰচনাৱলী। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:৭,৫।
  4. সাহিত্য আৰু প্ৰেম
  5. অপূৰ্ব তালুকদাৰ। মহৎ লোকৰ বাণী। নিষ্ঠা প্ৰকাশন।
  6. ৬.০ ৬.১ ৬.২ ৬.৩ ৬.৪ ৬.৫ ৬.৬ ৬.৭ {{{title}}}।
  7. ৭.০ ৭.১ ৭.২ ৭.৩ ৭.৪ ৭.৫ বাণীকান্ত ৰচনাৱলী (অসমীয়া খণ্ড), সম্পাদনা মহেশ্বৰ নেওগ, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী, প্ৰথম প্ৰকাশ, ১৯৯১।
  8. ১০০ অসম বৰেণ্য,সম্পাদনা-অনুভৱ পৰাশৰ,চিন্তামণি প্ৰকাশন, শান্তি পথ, জুৰোড তিনিআলি, গুৱাহাটী-২৪,প্ৰথম প্ৰকাশ: ২০২২ চন,পৃষ্ঠা-৩২৭,ISBN: 978-93-94240-46-9
  9. ১০০ অসম বৰেণ্য,সম্পাদনা-অনুভৱ পৰাশৰ,চিন্তামণি প্ৰকাশন, শান্তি পথ, জুৰোড তিনিআলি, গুৱাহাটী-২৪,প্ৰথম প্ৰকাশ: ২০২২ চন,পৃষ্ঠা-৩২৭,ISBN: 978-93-94240-46-9
  10. ১০০ অসম বৰেণ্য,সম্পাদনা-অনুভৱ পৰাশৰ,চিন্তামণি প্ৰকাশন, শান্তি পথ, জুৰোড তিনিআলি, গুৱাহাটী-২৪,প্ৰথম প্ৰকাশ: ২০২২ চন,পৃষ্ঠা-৩২৭,ISBN: 978-93-94240-46-9
  11. ১০০ অসম বৰেণ্য,সম্পাদনা-অনুভৱ পৰাশৰ,চিন্তামণি প্ৰকাশন, শান্তি পথ, জুৰোড তিনিআলি, গুৱাহাটী-২৪,প্ৰথম প্ৰকাশ: ২০২২ চন,পৃষ্ঠা-৩২৭,ISBN: 978-93-94240-46-9
  12. কালস্ৰোত আৰু কাণ্ডাৰী; 'বাণীকান্ত কাকতি: শতবাৰ্ষিকীৰ সমীক্ষা', ১৯৯৫, পৃঃ ১১৪।
:w:
:w: