সমললৈ যাওক

লীলা গগৈ

ৱিকিউদ্ধৃতিৰ পৰা

ড॰ লীলা গগৈ (ইংৰাজী: Dr. Lila Gogoi; ১৯৩০-১৯৯৪) অসমৰ এজন বিশিষ্ট সাহিত্যিক, বুৰঞ্জীবিদ, গ্ৰন্থকাৰ, শিক্ষাবিদ আছিল। গগৈ অসম সাহিত্য সভাৰ সম্পাদক, উপ-সভাপতি, কাৰ্যনিৰ্বাহকৰ সদস্য, অসম প্ৰকাশন পৰিষদৰ সদস্য, সৰ্বভাৰতীয় পাঠ্যপুথি প্ৰণয়ন আৰু কাৰ্যকৰী সমিতিৰ সদস্য, সৰ্বভাৰতীয় পৰিভাষা প্ৰণয়ন সমিতিৰ সদস্য, অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ সঞ্চালক আছিল। ১৯৯৪ চনত তেওঁ অসম সাহিত্য সভাৰ মৰিগাঁও বাৰ্ষিক অধিবেশনত সভাপতিত্ব কৰিছিল।

  • আমাক এখন আধুনিক বিজ্ঞানসন্মত বুৰঞ্জী লাগে। অসমৰ বুৰঞ্জী। কোনখন অসমৰ? আজিৰ ৰাজনীতিয়ে ভেটা মাৰি দিয়া জকাইচুকীয়া অসম নে তাহানিৰ উত্তৰে হিমালয় পৰ্বত, দক্ষিণে সাগৰৰ পাৰ, পূৰ্বে পাটকাই পৰ্বত আৰু পশ্চিমে আজিৰ বিহাৰ ৰাজ্যৰো এছোৱা সামৰি থকা প্ৰাগজ্যোতিষ কামৰূপ অসম? ভৌগোলিক অসম নে সাংস্কৃতিক অসম?আজিৰ অসমৰ বুৰঞ্জী লিখিবলৈ হলে তাহানিৰ প্ৰাগজ্যোতিষ কামৰূপৰ সীমা ধৰি বিষয়-বস্তু বিচাৰ কৰিব লাগিব। সেইদৰে ৰজাৰ বা ৰজা ঘৰৰ বুৰঞ্জী নহৈ দেশৰ মানুহৰ বুৰঞ্জী লিখিব খুজিলেও সকলো জাতি-গোষ্ঠীৰ মানুহৰ জীৱনৰ সম্যক বাতৰি দিব লাগিব।[১]
  • ৰংঘৰ ৰংৰ সফুঁ‌ৰা। শেনচোৱাৰ বহৰী শেনে কণুৱা মাৰি আকাশ তোলপাল কৰিছিল। হাতী-ম'হৰ যুঁ‌জৰ দপ্‌দপনিত ৰূপহিও পথাৰত সৰু-সুৰা ভূইকঁ‌প হৈছিল, প্ৰজাৰ কিৰিলিত ৰংঘৰৰ বুকু ৰজন্‌জনাই গৈছিল। গছতলৰ বিহুৱা আহি ৰংঘৰৰ পথাৰত ঢোলৰ চাপৰ মাৰি নাচনিৰ গাত দেওধনি তুলিছিল।[২]
  1. ঈষাণজ্যোতি বৰা. বুৰঞ্জীবিদ ড. লীলা গগৈৰ সাহিত্যিক জীৱন:এক আলোকপাত. প্ৰকাশক: সাহিত্য.অৰ্গ. আহৰণ কৰা হৈছে: ২১ জুলাই ২০২২.
  2. লীলা গগৈ (১৯৯৪)। টাই সংস্কৃতিৰ ৰূপৰেখা। বনলতা, পৃষ্ঠা:আগকথা। ISBN: 81-7339-079-7
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: