বাৰ্তা:ফকৰা যোজনা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
ৱিকিউদ্ধৃতিৰ পৰা

স্পৰ্শকাতৰ ফকৰাযোজনা[উৎস সম্পাদনা]

ফকৰা-যোজনাসমূহ পৰম্পৰাগতভাবে চলি অহা যদিও পৰিৱৰ্তিত সময় আৰু সমাজৰ প্ৰতি লক্ষ্য ৰাখি আমি ৱিকিউদ্ধৃতিত নাৰীৰ বাবে অপমানজনক, শাৰীৰিক দুৰ্বলতা থকা ব্যক্তিক লক্ষ্য কৰা, শৰীৰৰ ৰং আৰু জাতৰ উচ্চ-নীচ ভেদভাব প্ৰকাশ কৰা ফকৰা-যোজনাসমূহ সংযোজনৰ পৰা বিৰত থাকিব পাৰোঁ৷ এই সম্পৰ্কে প্ৰশাসক মহোদয়সকলৰ দৃষ্টি আকৰ্ষণ কৰিলোঁ৷ যেনে: “তিৰি মিৰি ভাটৌ কোৱা......’’জাতীয়৷Pranamikaadhikary (বাৰ্তা) ২২:১৮, ১০ ছেপ্টেম্বৰ ২০২৩ (IST)[উত্তৰ দিয়ক]

@Pranamikaadhikary মোৰ বোধেৰে সেই ফকৰাসমূহ যিহেতু প্ৰচলিত আছিল সেয়ে সন্নিৱিষ্ট কৰি থ'ব লাগে। এইসমূহৰ বাবে এটা ভিন্ন section সাজিব পাৰি। অন্য সদস্যৰ মত বিচাৰিলোঁ। -Chandan Chiring Phukon Chat ০৭:৪১, ১১ ছেপ্টেম্বৰ ২০২৩ (IST)[উত্তৰ দিয়ক]
লগতে স্পৰ্শকাতৰ ফকৰাসমূহৰ নিৰ্ভৰযোগ্য উৎস দিয়াটো বাধ্যতামূলক কৰিব পাৰি আৰু কি পৰিস্থিতিত বা কোন সময়ত এই ফকৰা ঘাইকৈ প্ৰচলিত আছিল সেই বিষয়েও এশাৰী বন্ধনীৰ মাজত লিখি দিব পাৰিলে ভাল।-Chandan Chiring Phukon Chat ০০:৩০, ১২ ছেপ্টেম্বৰ ২০২৩ (IST)[উত্তৰ দিয়ক]
হয়, কিছুমান ফকৰা-যোজনা অতিকে স্পৰ্শকাতৰ তথা নাৰীৰ বাবে অপমানজনক। কিন্তু এই ফকৰা-যোজনাবোৰে সমাজৰ ইতিহাসকো প্ৰতিনিধিত্ব কৰে, সেয়ে সেইবোৰ একেবাৰে আঁতৰাই দিব লাগে নে নেলাগে সেয়াও বিচাৰ কৰিবলগীয়া কথা। ব্যৱহাৰ কৰাটো ব্যৱহাৰকাৰীৰ মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰিব। স্পৰ্শকাতৰ বা অপমানজনক ফকৰা বুলি বেলেগ অনুচ্ছেদো কৰিব পাৰি। দিব্য দত্ত (বাৰ্তা) ২০:৫৮, ১৩ ছেপ্টেম্বৰ ২০২৩ (IST)[উত্তৰ দিয়ক]
হয়, সেই ফকৰাবোৰ যুগসাপেক্ষ, যুগক ধৰি ৰখাৰ সমল৷ তথাপি, সময়ৰ দাবীত এটা বেলেগ অনুচ্ছেদ কৰাৰ কথাত সমৰ্থন জনালোঁ৷ Pranamikaadhikary (বাৰ্তা) ২১:২৯, ১৩ ছেপ্টেম্বৰ ২০২৩ (IST)[উত্তৰ দিয়ক]
আলোচনাৰ অন্তত স্পৰ্শকাতৰ ফকৰাসমূহ আঁ‌তৰাই নিদি সুকীয়া অনুচ্ছেদত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। @Pranamikaadhikary @দিব্য দত্ত আপোনালোকৰ বহুমূলীয়া মতামতৰ বাবে ধন্যবাদ যাচিলোঁ। -Chandan Chiring Phukon Chat ০৭:৫০, ১৪ ছেপ্টেম্বৰ ২০২৩ (IST)[উত্তৰ দিয়ক]