সমললৈ যাওক

প্ৰেম

ৱিকিউদ্ধৃতিৰ পৰা
(Loveৰ পৰা পুনঃনিৰ্দেশিত)

প্ৰেম (ইংৰাজী: Love) হৈছে বিভিন্ন ধৰণৰ অনুভৱ, অৱস্থা আৰু মনোভাৱ যিবোৰ এগৰাকী ব্যক্তিৰ আন এগৰাকীৰ প্ৰতি মৰমৰ ("মই মোৰ মাক ভাল পাওঁ") পৰা আৰম্ভ কৰি আনন্দ লভালৈকে ("মই তিলপিঠা ভাল পাওঁ") হ'ব পাৰে। ই এক প্ৰবল আকৰ্ষণ আৰু ব্যক্তিগত মোহৰ আৱেগক বুজাব পাৰে। ই দয়া, কৰুণা আৰু মৰমক প্ৰতিনিধিত্ব কৰা এটা গুণো হ'ব পাৰে—"আন এজনৰ মংগলৰ বাবে নিঃস্বাৰ্থ নিষ্ঠাবান আৰু উপকাৰী চিন্তা"।

“বিশুদ্ধ প্ৰেমৰ বাবে একোৱেই অসম্ভৱ নহয়।”মহাত্মা গান্ধী
“মই অনুভৱ কৰোঁ যে মানুহক ভালপোৱাতকৈ সঁচা অৰ্থত কলাত্মক আৰু একোৱেই নাই।”ভিনচেণ্ট ভেন গঘ
  • বিশুদ্ধ প্ৰেমৰ বাবে একোৱেই অসম্ভৱ নহয়।
  • প্ৰেমত পৰাৰ বাবে আপুনি মাধ্যাকৰ্ষণক দোষ দিব নোৱাৰে।
  • মই তোমাক ভাল পাওঁ আৰু সেইটোৱেই সকলোৰে আৰম্ভণি আৰু শেষ৷
    • এফ. স্কট ফিট্‌জগেৰ'ল্ড
  • যদি মই জানো প্ৰেম কি, তেন্তে সেয়া তোমাৰ বাবেই।
    • হাৰমান হেছে
  • প্ৰকৃত প্ৰেম বিৰল, আৰু ইয়েই একমাত্ৰ বস্তু যিয়ে জীৱনক প্ৰকৃত অৰ্থ প্ৰদান কৰে।
    • নিক'লাছ স্পাৰ্ক্স
  • মই অনুভৱ কৰোঁ যে মানুহক ভালপোৱাতকৈ সঁচা অৰ্থত কলাত্মক আৰু একোৱেই নাই।
  • নাৰী আৰু পুৰুষে অপলক দৃষ্টিৰে পৰস্পৰলৈ চাই থকাটো প্ৰেম নহয়। দুয়োজনে একেটা দিশলৈ চাই থকাটোৱেই প্ৰেম।[]
    • ফ্ৰাচোঁৱা ছাৰ্গা
  • প্ৰেমে সদায় অংক ভুল কৰে, কিন্তু কবিতা ভাল লেখে, জ্যামিতিৰ বাহু নিমিলে, কিন্তু তাৰ ওপৰতে এটা ঘৰ সাজে, এই একো নজনাকৈ, ভুল কৰি, অনিয়ম কৰি, নিবিচৰাকৈ যেতিয়া ভাল লাগে সেয়াই প্ৰেম।
  • সফলতাৰ উচ্চ শিখৰত ভৰি দিবলৈ শক্তি যোগোৱা, সাহস দিয়া প্ৰেমাস্পদৰ অবিনাশী প্ৰেৰণাইহে প্ৰেমক মহৎ কৰে।
    • হেমন্ত কুমাৰ ভৰালী[]
  • দুজন মানুহৰ মাজত পাৰস্পৰিক সত্য আকৰ্ষণৰ কাৰণে যি প্ৰেম, যি প্ৰেম পৰস্পৰৰ স্বাৰ্থৰ বাবে নহয়, বৰঞ্চ যি প্ৰেম দুয়োজনৰে মিলিত কল্যাণৰ কাৰণে, সেই প্ৰেমেই হৈছে প্ৰকৃত সুখৰ মূল্যবান আহিলা।
  1. ফ্ৰাচোঁৱা ছাৰ্গা. "দিনটোৰ বাণী", ১৮ মাৰ্চ ২০২৩, পৃষ্ঠা. ১. আহৰণ কৰা হৈছে ১৮ মাৰ্চ ২০২৩.
  2. হেমন্ত কুমাৰ ভৰালী (২০০৩)। প্ৰেম আৰু প্ৰতিভা। বনলতা, পৃষ্ঠা:৫১।
  3. হেমন্ত কুমাৰ ভৰালী (২০০৩)। প্ৰেম আৰু প্ৰতিভা। বনলতা, পৃষ্ঠা:১৬২।