ভিনচেণ্ট ভেন গঘ
অৱয়ব
ভিনচেণ্ট ৱীলেম ভেন গঘ (৩০ মাৰ্চ, ১৮৫৩ – ২৯ জুলাই, ১৮৯০) আছিল হলেণ্ডৰ এগৰাকী প'ষ্ট-ইম্প্ৰেচনিষ্ট চিত্ৰকাৰ। বিংশ শতাব্দীত ৰঙৰ বিচিত্ৰতা আৰু আৱেগপ্ৰৱণতাৰে ভৰা তেওঁৰ সৃষ্টিয়ে দূৰ-দূৰণিলৈকে প্ৰভাৱ পেলাইছিল। উদ্বিগ্নতা আৰু সঘনাই উক দিয়া মানসিক ৰোগত তেওঁ ভুগিছিল আৰু মাত্ৰ ৩৭ বছৰ বয়সত বিশেষ খ্যাতি পোৱাৰ আগেয়েই আত্মঘাতী বন্দুকৰ গুলিত তেওঁৰ দেহাৱসান ঘটে।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মই অনুভৱ কৰোঁ যে মানুহক ভালপোৱাতকৈ সঁচা অৰ্থত কলাত্মক আৰু একোৱেই নাই।[১]
- স্বাভাৱিকতা এটা ইতিমধ্যে তৈয়াৰ হোৱা পথ: সেই পথেৰে বাট বুলা সহজ আৰু আৰামদায়ক, কিন্তু কোনো ফুল তাত নুফুটে।[১]
- জীৱনক জানিবলৈ সকলোতকৈ ভাল উপায় হ’ল সকলো বিচিত্ৰ বস্তুক ভালপাবলৈ শিকা।[১]
- মানুহক ভালপোৱাৰ দৰে এতো শৈল্পিক আৰু একোৱেই হ’ব নোৱাৰে৷[১]
- বহু চিত্ৰশিল্পীয়ে শূন্য কেনভাছক ভয় কৰে। অথচ শুন্য কেনভাছে সেই শিল্পীক ভয় কৰে যি সাহসী, যি 'তুমি নোৱাৰিবা' নামৰ কুসংস্কাৰক জয় কৰিব পাৰে৷[১]
- আমি অঁকাৰ সপোন দেখি সপোনকে আঁকোঁ৷[১]
- মোৰ প্ৰায়েই অনুভৱ হয়, দিনতকৈ ৰাতি বেছি বৰ্ণিল আৰু জীৱন্ত৷[১]