সমললৈ যাওক
শিক্ষাৰ কোনো লক্ষ্য নাই৷ ই অন্য বস্তুৰহে লক্ষ্য।
শিক্ষা সমৃদ্ধৰ বাবে এক অলংকাৰ, দুৰ্ভগীয়াৰ বাবে আশ্ৰয়।
আমি সন্মুখীন হোৱা প্ৰতিটো সমস্যা, প্ৰতিটো প্ৰত্যাহ্বানৰ বিষয়ে চিন্তা কৰক। প্ৰত্যেকৰে সমাধান শিক্ষাৰ পৰা আৰম্ভ হয়।
জৰ্জ এইচ. ডব্লিউ. বুশ্ব[৩]
শিক্ষা অবিহনে আমি শিক্ষিত লোকক গুৰুত্বসহকাৰে লোৱাৰ এক ভয়ংকৰ আৰু মাৰাত্মক বিপদত পৰিছোঁ।
পঢ়া-শুনাত বেছি সময় কটাব পৰাটো অলসতা, অলংকাৰৰ বাবে সেইবোৰ অত্যধিক ব্যৱহাৰ কৰাটো আৱেগ, আৰু তাৰ নিয়মৰ দ্বাৰা সম্পূৰ্ণৰূপে বিচাৰ কৰাটো এজন পণ্ডিতৰ হাস্যৰস।
শিক্ষাৰ ঘাই শিপাডাল বৰ তিতা কিন্তু ইয়াৰ ফলাফল বৰ সোৱাদ৷
শিক্ষাই জ্ঞান, জ্ঞানেই শক্তি৷
নৈতিকতা শিক্ষাৰ মেৰুদণ্ড হোৱা উচিত৷ শিক্ষাৰ যোগেদি ব্যক্তিৰ নৈতিক চৰিত্ৰ গঠনত গুৰুত্ব দিব লাগে৷
মানুহৰ শাৰিৰীক, মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধন কৰাই হৈছে শিক্ষা৷
পুথিগত আৰু মুখস্থ কৰা বিদ্যাতকৈ হাতে-কামে কৰি অভিজ্ঞতাৰ দ্বাৰা অৰ্জন কৰা শিক্ষা বেছি ফলপ্ৰসূ আৰু দীৰ্ঘস্থায়ী হয়৷
মানুহৰ ভিতৰত যি পূৰ্ণতা গুপ্তভাবে আছে তাৰ বিকাশেই শিক্ষাৰ লক্ষ্য৷
ব্যক্তিৰ জীৱনক বঢ়াই সৰ্বব্যাপক শক্তিৰে সৈতে সংযুক্ত কৰা, মানুহ আৰু প্ৰকৃতিৰ মাজত এক শক্তি বিৰাজ কৰা আৰু একক উপলব্ধি কৰাই শিক্ষা লক্ষ্য৷
আমাক এনে শিক্ষা লাগে, যাৰ দ্বাৰা আমাৰ সৎ চৰিত্ৰ গঠন হয়৷ যাৰ দ্বাৰা মানসিক বল বৃদ্ধি হয়, যাৰ দ্বাৰা বুদ্ধিমত্তা প্ৰসাৰিত হ’ব আৰু যাৰ সহায়ত আমি নিজৰ ভৰিত থিয় দি আত্মনিৰ্ভৰশীল হ’ব পাৰোঁ৷
সৰ্বসাধাৰণৰ মংগলেই শিক্ষাৰ মূখ্য উদ্দেশ্য হোৱা উচিত৷ প্ৰত্যেকেই নৈতিক উন্নতি কৰিব পৰা শিক্ষা লাভ কৰক৷ শিক্ষা সমাজৰ আদি মূল৷ ই মানুহৰ চিন্তা জ্ঞান আৰু কৰ্মনিপুণ কৰাত সহায় কৰে৷ শিক্ষা সঞ্জীৱনী অমৃত সদৃশ৷
শিক্ষাৰ উদ্দেশ্য মন প্ৰশস্ত কৰা, চিন্তাশক্তি বঢ়োৱা, শিক্ষাৰ্থীক নানা ভাৱ দি ভৱিষ্যৎ জীৱন যুদ্ধত দেশৰ আৰু জগতৰ কল্যাণ সাধনত সৰ্বোতপ্ৰকাৰে যোগ্যবান কৰি তোলা৷
নিচেই কেঁচুৱা অৱস্থাৰ পৰা মৃত্যুৰ সময়লৈকে এজন ব্যক্তিৰ ওপৰত ক্ৰিয়া কৰা সকলো প্ৰভাৱেই শিক্ষাৰ অন্তৰ্ভূক্ত৷
শিক্ষাৰ ক্ষেত্ৰত পাঠ্যপুথিৰ জ্ঞানতকৈ বাস্তৱ অভিজ্ঞতাৰ জ্ঞান বেছি মূল্যবান৷
(আব্ৰাহাম লিংকনে তেওঁৰ পুত্ৰৰ শিক্ষকলৈ পুত্ৰক কি শিক্ষা দিয়াটো তেওঁ বিচাৰে, সেই সম্বন্ধে লিখা চিঠি) সকলো মানুহেইযে সত্যবাদী আৰু ন্যায়পৰায়ণ নহয় সেইকথা মোৰ ল’ৰাটোৱে জানিব লাগিব৷ সেইকথা মই জানো৷ কিন্তু আপুনি মোৰ ল’ৰাটোক এই কথাও জনাব লাগিব যে এই পৃথিৱীত যিমান দগাবাজ আছে সিমান ভাল মানুহো আছে; যিমান স্বাৰ্থপৰ ৰাজনীতিক আছে ঠিক সিমানেই আছে মানুহৰ সেৱাত নিজক উছৰ্গা কৰা নেতা৷ আপুনি তাক এই কথা শিকাব লাগিব যে, প্ৰত্যেক মানুহৰ যদি এজন শত্ৰু আছে, ঠিক তেনেকৈ তেওঁৰ এজন বন্ধুও আছে৷ যদি পাৰে, তেন্তে আপুনি তাক আৰু এটা কথা শিকাব৷ সেই কথাটো তাৰ মনত দলৈকে সুমুৱাই নিবলৈ কিছু সময় লাগিব, সেই কথা মই জানো৷ কিন্তু আপুনি চেষ্টা নকৰাকৈ নাথাকিব৷ আপুনি তাক এই শিক্ষা দিব যে, হেৰাই পোৱা বা বকচিচ্ পোৱা হিচাপে পোৱা পাঁচটা ডলাৰতকৈ নিজে কষ্ট কৰি আৰ্জন কৰা এটা ডলাৰৰ মূল্য বহুত বেছি৷ আপুনি তাক হেৰুৱাবলৈ আৰু হাৰিবলৈ শিক্ষা দিব; লগতে জয়ৰ আনন্দ উপভোগ কৰিবলৈকো শিকাবলৈ নাপাহৰিব৷ যদি পৰে, খেয়াল আৰু কুৰ্চুট-কপট আদি কু-প্ৰবৃত্তিবোৰৰ পৰা তাৰ মনটোক মুক্ত কৰিবলৈ আপুনি চেষ্টা কৰিব৷ মানুহৰ মুখত সন্তোষৰ হাঁহি বিৰিঙি উঠাৰ ৰহস্য কি, সেই কথা আপুনি তাক শিকাব৷ যদি পাৰে আপুনি তাক কিতাপৰ বিস্ময়ৰ আভাস দিবলৈ চেষ্টা কৰিব৷ কিন্তু সি যাতে মাজে-সময়ে নিৰলে আকাশত উৰি ফুৰা চৰাইবোৰৰ, ৰ’দত উমলি ফুৰা মৌমাখিবোৰৰ আৰু সেউজীয়া পাহাৰত জকমকাই ফুলি থকা ফুলবোৰৰ অনন্ত ৰহস্যৰ ধ্যান কৰিব পাৰে, তাৰ কাৰণে তাক অলপ সময় দিব৷ পঢ়াশালিত তাক এই শিক্ষা দিব যে প্ৰতাৰণা কৰাতকৈ অকৃতকাৰ্য হোৱাটো বেছি সন্মানজনক৷ সি নিজে যিবোৰ চিন্তা কৰে বা সত্য বুলি ভাবে সেইবোৰক বিশ্বাস কৰিবলৈ তাক শিক্ষা দিব৷ তাক এই শিক্ষাও দিব যে আন সকলোৱে তাৰ কথা ভুল বুলি ক’লেও সি যেন সহজে বিচলিত নহয়৷ ভদ্ৰ মানুহৰ লগত ভদ্ৰ হ’বলৈ আৰু অভদ্ৰৰ প্ৰতি কঠোৰ হ’বলৈ তাক শিক্ষা দিব৷ আনৰ প্ৰচাৰত ভোল গৈ জুম বান্ধি চিঞৰ-বাখৰ কৰা মানুহক অনুসৰণ নকৰিবলৈ আপুনি মোৰ ল’ৰাটোক মনোবল দিব লাগিব৷ সকলো মানুহৰ কথা মনোযোগ দি শুনিবলৈ আপুনি তাক শিক্ষা দিব; কিন্তু তাক এই শিক্ষাও দিব যাতে সি শুনা কথাবোৰ সত্যৰ চালনিৰে চালি-জাৰি চাই কেৱল মংগলজনক কথাবোৰহে গ্ৰহণ কৰিব পাৰে৷ যদি পাৰে, বিষাদে তাক গ্ৰাস কৰি ধৰাৰ সময়তো তাক হাঁহিবলৈ শিকাব; তাক এইকথাও শিকাব যে কান্দিবলৈ মানুহে লাজ কৰিব নালাগে৷ নিন্দুকক নিন্দা কৰিবলৈ আৰু ছলাহী কথাত ভোল নাযাবলৈ তাক শিক্ষা দিব৷ আটাইতকৈ বেছি দাম দিব খোজাজনক তাৰ শৰীৰৰ আৰু মগজুৰ শক্তি বিক্ৰী কৰিবলৈ তাক শিক্ষা দিব; কিন্তু লগতে তাক এই শিক্ষাও দিব, যাতে সি কেতিয়াও তাৰ হৃদয় আৰু আত্মা বিক্ৰী কৰিবলৈ ৰাজী নহয়৷ উন্মত্ত জনতাৰ নিন্দাবাদক উপেক্ষা কৰি নিজৰ মতত অটল হৈ থাকিবলৈ আৰু অন্যায়ৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আপুনি তাক শিক্ষা দিব৷ তাক আপুনি মৰম কৰিব; কিন্তু সেই বুলি তাক প্ৰশ্ৰয় নিদিব৷ এই কথা মনত ৰাখিব যে, জুইত লোহা ভালকৈ গলোৱাৰ পিছতহে সি তীখাত পৰিণত হয়৷ আপুনি তাক এই শিক্ষা দিব যে ধৈৰ্য নেহেৰুৱাবলৈ সাহস লাগে আৰু সাহসী হ’বলৈ ধৈৰ্য লাগে৷ নিজকে পৰিপূৰ্ণভাৱে বিশ্বাস কৰিবলৈ আপুনি তাক শিক্ষা দিব, কাৰণ কেৱল তেতিয়াহে সি মানৱজাতিকো পৰিপূৰ্ণভাৱে বিশ্বাস কৰিব পাৰিব৷ আপোনাক মই এটা বিৰাট দায়িত্ব দিলো৷ কিমানখিনি কৰিবলৈ আপোনাৰ শক্তিয়ে কুলায়, সেইকথা আপুনিহে জানিব৷ আপুনি চেষ্টা কৰিব....... সি যে ইমান ভাল এটা অকণমানি ল’ৰা, মোৰ পুত্ৰটি৷
যাৰ দ্বাৰা মানুহে বিদ্যা আদি গুণবোৰ আহৰণ কৰে আৰু অবিদ্যা আদি দোষবোৰ ত্যাগ কৰি সুখী হয়, সেয়ে শিক্ষা৷
স্বামী দয়ানন্দ সৰস্বতী৷[৬]
শিক্ষা হ’ল জাতিৰ মেৰুদণ্ড৷ এই মেৰুদণ্ড ভাঙিলে জাতিৰ উন্নতিৰ সকলো পথেই অৱৰুদ্ধ হয়৷
যি শিক্ষাই ল’ৰা-ছোৱালীক পৰৱৰ্তী জীৱনত শাৰিৰীক পৰিশ্ৰমৰ বাবে অকামিলা কৰি তোলে, সেই শিক্ষা কোনো শিক্ষা নহয়৷ সমাজৰ পৰিৱেশ চাইহেশিক্ষানীতি আৰু পদ্ধতি হোৱা উচিত৷ লিখিব জানিলেই বাপঢ়িব জানিলেই শিক্ষা লাভ কৰা হৈছে বুলি ভবাটু ভুল, যদিহে সেই শিক্ষাই এজন ল’ৰাৰ হাত-ভৰি, নাক-কাণ আদি ইন্দ্ৰিয়ক কামবোৰ মগজুৰে ভালদৰে ডুকি পোৱা কৰি নোতোলে৷
↑ “Welcome to the University of Chicago,” Aims of Education Address, September 26, 2002
↑ Tr. Kathleen Freeman, Ancilla to the Pre-Socratic Philosophers: A Complete Translation of the Fragments in Diels, Fragmente der Vorsokratiker, 1948.
↑ What Work Requires of Schools (1991)
↑ Collected Works: Volume XXVII: The Illustrated London News 1905-1907 , ed. Lawrence J. Clipper (San Francisco, CA: Ignatius Press, 1986), p. 71
↑ Bacon's Essays (1892) p. 128
↑ ৬.০০ ৬.০১ ৬.০২ ৬.০৩ ৬.০৪ ৬.০৫ ৬.০৬ ৬.০৭ ৬.০৮ ৬.০৯ ৬.১০ ৬.১১ ৬.১২ ৬.১৩ ৬.১৪ বৰা, ৰক্তাভ জ্যোতি (২০০৩)। উদ্ধৃতি অভিধান। বাণী মন্দিৰ।
সীমিত সমলৰ প্ৰস্থ টগ'ল কৰক