সমললৈ যাওক

ৰাজা ৰামমোহন ৰায়

ৱিকিউদ্ধৃতিৰ পৰা
ৰাজা ৰামমোহন ৰায়ৰ আলোকচিত্ৰ

ৰাজা ৰামমোহন ৰায় (মে' ২২, ১৭৭২ – ছেপ্টেম্বৰ ২৭, ১৮৩৩) প্ৰথম ভাৰতীয় ধৰ্মীয়-সামাজিক পুনৰ্গঠন আন্দোলন ব্ৰাহ্মসমাজৰ প্ৰতিষ্ঠাতা আৰু বঙালী দাৰ্শনিক। তৎকালীন ৰাজনীতি, জনপ্ৰশাসন, ধৰ্মীয় আৰু শিক্ষাক্ষেত্ৰত তেওঁ উল্লেখযোগ্য প্ৰভাৱ ৰাখিব পাৰিছিল। তেওঁ সতীদাহ প্ৰথা বিলুপ্ত কৰাৰ প্ৰচেষ্টাৰ বাবে সবাতোকৈ বেছি বিখ্যাত হৈছিল। এই সময়ত হিন্দু বিধবা নাৰীসকলে স্বামীৰ চিতাত সহমৰণে গৈছিল বা আত্মহুতি দিবৰ বাবে বাধ্য কৰা হৈছিল। ৰামমোহন ৰায় কলকাতালৈ আগষ্ট ২০, ১৮২৮ চনত ইংলেণ্ড যাত্ৰাৰ আগে দ্বাৰকানাথ ঠাকুৰৰ লগত ব্ৰাহ্মসমাজ স্থাপন কৰে। পৰবৰ্তীকালত এই ব্ৰাহ্মসমাজে এক সামাজিক আৰু ধৰ্মীয় আন্দোলন আৰু বাংলাৰ পূনৰ্জাগৰণৰ পুৰোধা হিচাবে কাম কৰে।

  1. বেদলৈ উভতি যোৱা।[১]
  2. এখন সমাজ সুচাৰুৰূপে পৰিচালিত হ’বলৈ লাগে - অফুৰন্ত কৰ্ম শক্তি, সংযত বিবেক আৰু সেৱাৰ মনোভাৱ।[২]
  3. আনে কি কৰিছে ভবাতকৈ নিজে কি কৰিছোঁ ভৱাহে বেছি দৰকাৰ।[৩]
  4. শিক্ষাৰ উদ্দেশ্য হ'ল মানুহক মানুহ ৰূপে গঢ়ি তোলা, মানুহৰ পৰিচয় প্ৰকাশত শিক্ষাৰ অৱদান তুলনাবিহীন।[৩]
  5. শিক্ষা জাতিৰ মেৰুদণ্ড। এই মেৰুদণ্ড ভাঙিলে জাতিৰ উন্নতিৰ সকলো পথেই অৱৰূদ্ধ হয়।[৩]
  6. কালি মই বুধিয়ক আছিলোঁ, সেয়ে মই পৃথিৱীখন সলনি কৰিব খুজিছিলোঁ৷ আজি মই জ্ঞানী হৈছোঁ, সেয়ে নিজক সলনি কৰিছোঁ৷[৪]
  1. ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ, নৱম শ্ৰেণী, সমাজ বিজ্ঞান, অসম পাঠ্যপুথি প্ৰণয়ন নিগম, ৩ জানুৱাৰী, ২০২২
  2. অসমীয়া সাহিত্যৰ চানেকি, ৩ জানুৱাৰী, ২০২২
  3. ৩.০ ৩.১ ৩.২ পোহৰ বিচাৰি যাওঁ, ৩ জানুৱাৰী, ২০২২
  4. উক্তি সঞ্চয়ন, শ্ৰী ৰাম চন্দ্ৰ ভূঞা, পৃ: নং, ২৯, প্ৰকাশিকাম বীণা বৰা ভূঞা