ৰাজা ৰামমোহন ৰায়
অৱয়ব

ৰাজা ৰামমোহন ৰায় (মে' ২২, ১৭৭২ – ছেপ্টেম্বৰ ২৭, ১৮৩৩) প্ৰথম ভাৰতীয় ধৰ্মীয়-সামাজিক পুনৰ্গঠন আন্দোলন ব্ৰাহ্মসমাজৰ প্ৰতিষ্ঠাতা আৰু বঙালী দাৰ্শনিক। তৎকালীন ৰাজনীতি, জনপ্ৰশাসন, ধৰ্মীয় আৰু শিক্ষাক্ষেত্ৰত তেওঁ উল্লেখযোগ্য প্ৰভাৱ ৰাখিব পাৰিছিল। তেওঁ সতীদাহ প্ৰথা বিলুপ্ত কৰাৰ প্ৰচেষ্টাৰ বাবে সবাতোকৈ বেছি বিখ্যাত হৈছিল। এই সময়ত হিন্দু বিধবা নাৰীসকলে স্বামীৰ চিতাত সহমৰণে গৈছিল বা আত্মহুতি দিবৰ বাবে বাধ্য কৰা হৈছিল। ৰামমোহন ৰায় কলকাতালৈ আগষ্ট ২০, ১৮২৮ চনত ইংলেণ্ড যাত্ৰাৰ আগে দ্বাৰকানাথ ঠাকুৰৰ লগত ব্ৰাহ্মসমাজ স্থাপন কৰে। পৰবৰ্তীকালত এই ব্ৰাহ্মসমাজে এক সামাজিক আৰু ধৰ্মীয় আন্দোলন আৰু বাংলাৰ পূনৰ্জাগৰণৰ পুৰোধা হিচাবে কাম কৰে।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- বেদলৈ উভতি যোৱা।[১]
- এখন সমাজ সুচাৰুৰূপে পৰিচালিত হ’বলৈ লাগে - অফুৰন্ত কৰ্ম শক্তি, সংযত বিবেক আৰু সেৱাৰ মনোভাৱ।[২]
- আনে কি কৰিছে ভবাতকৈ নিজে কি কৰিছোঁ ভৱাহে বেছি দৰকাৰ।[৩]
- শিক্ষাৰ উদ্দেশ্য হ'ল মানুহক মানুহ ৰূপে গঢ়ি তোলা, মানুহৰ পৰিচয় প্ৰকাশত শিক্ষাৰ অৱদান তুলনাবিহীন।[৩]
- শিক্ষা জাতিৰ মেৰুদণ্ড। এই মেৰুদণ্ড ভাঙিলে জাতিৰ উন্নতিৰ সকলো পথেই অৱৰূদ্ধ হয়।[৩]
- কালি মই বুধিয়ক আছিলোঁ, সেয়ে মই পৃথিৱীখন সলনি কৰিব খুজিছিলোঁ৷ আজি মই জ্ঞানী হৈছোঁ, সেয়ে নিজক সলনি কৰিছোঁ৷[৪]
- সত্য আৰু গুণ ধন-সম্পত্তি, ক্ষমতা বা বৃহৎ অট্টালিকাৰ বৈশিষ্ট্যৰ লগত জড়িত হ’বই লাগিব বুলি ক’ব নোৱাৰি।[৫]
ৰামমোহন ৰায়ৰ বিষয়ে
[সম্পাদনা কৰক | উৎস সম্পাদনা]- বাল্যবিবাহৰ ক্ষেত্ৰত তেওঁ স্পষ্টভাৱে বিশ্বাস কৰিছিল যে মহিলাৰ বিবাহৰ বয়স বৃদ্ধি কৰিব লাগে আৰু মহিলাসকলে পুনৰ বিবাহৰ অধিকাৰ লাভ কৰিব লাগে। সঁচা অৰ্থত তেওঁ আছিল আধুনিক ভাৰতৰ স্থপতি আৰু বংগ নৱজাগৰণৰ পিতৃ।
- পাশ্চাত্যৰ জ্ঞানত ৰামমোহম বিচলিত হৈছিল বুলি কোনেও ক’ব নোৱাৰিব। প্ৰাচীন সংস্কৃত শাস্ত্ৰৰ বিষয়ে তেওঁৰ জ্ঞান গভীৰ আছিল, তথাপিও তেওঁ ক’বলৈ সাহস কৰিব পাৰিছিল , দেশত বৈজ্ঞানিক পশ্চিমীয়া শিক্ষা বিয়পাই দিব বিচাৰে। তেওঁ পূব আৰু পশ্চিমীয়া জ্ঞানৰ নিখুঁত সংশ্লেষণ লাভ কৰিব বিচাৰিছিল। বৌদ্ধিক জ্ঞান আৰু আধ্যাত্মিক সম্পদৰ ক্ষেত্ৰত তেওঁৰ ঐক্যৰ কাহিনী ভাৰতৰ ইতিহাসত স্পষ্ট হৈ পৰিছে ,এটা আচৰিত কথা।
উত্স
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ, নৱম শ্ৰেণী, সমাজ বিজ্ঞান, অসম পাঠ্যপুথি প্ৰণয়ন নিগম, ৩ জানুৱাৰী, ২০২২
- ↑ অসমীয়া সাহিত্যৰ চানেকি, ৩ জানুৱাৰী, ২০২২
- ↑ ৩.০ ৩.১ ৩.২ পোহৰ বিচাৰি যাওঁ, ৩ জানুৱাৰী, ২০২২
- ↑ উক্তি সঞ্চয়ন, শ্ৰী ৰাম চন্দ্ৰ ভূঞা, পৃ: নং, ২৯, প্ৰকাশিকাম বীণা বৰা ভূঞা
- ↑ Quoted from Goel, S. R. (2016). History of Hindu-Christian encounters, AD 304 to 1996. Chapter 8 ISBN 9788185990354
