সমললৈ যাওক

ভাষা

ৱিকিউদ্ধৃতিৰ পৰা
অসমীয়া ভাষাৰ বিতৰণ

নিৰ্দিষ্ট এক ভৌগোলিক পৰিৱেশৰ মাজত নিৰ্দিষ্ট এক জনসংখ্যাই প্ৰায় একে ধৰণৰ ধ্বনি উচ্চাৰণ কৰি তাৰ মাজেদি পৰস্পৰ বোধ্য অৰ্থ বা শব্দ বা শব্দ সমষ্টিৰে বাক্য সৃষ্টি কৰি ভাব বিনিময় কৰাকে বা মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যিবিলাক সাঙ্কেতিক ধ্বনি উচ্চাৰণ কৰে তাৰ সমষ্টিকে ভাষা (ইংৰাজী: Language) বুলিব পাৰি। মানুহে যিবিলাক কথা কয়, সেইবিলাক একোটা সাঙ্কেতিক ধ্বনিৰ সমষ্টি মাত্ৰ। এই সাঙ্কেতিক ধ্বনি-বিলাকে বহন কৰা সঙ্কেত বুজিলেই এজনে আনজনৰ বক্তব্য বুজে। এইদৰে ধ্বনি-সঙ্কেত বুজাসকলকে এক ভাষাভাষী বোলা হয়।

সংজ্ঞা[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • ষ্টুৰ্টেভাণ্টৰ মতে, "ভাষা হ'ল যাদৃচ্ছিক বাক্-ধ্বনি প্ৰতীকৰ এটা পদ্ধতি, যাৰ যোগেদি এখন সমাজৰ মানুহে সহযোগ কৰে আৰু পাৰস্পৰিক কাম-কাজ চলায়।"[১]
  • হেনৰী লী স্মিথৰ মতে, "ভাষা হ'ল আয়ত্ত কৰা, পাৰস্পৰিক আৰু যাদৃচ্ছিক আৰু ধ্বনি প্ৰতীকৰ এনে এক পদ্ধতি যাৰ দ্বাৰা একে ভাষা সম্প্ৰদায় অথবা উপসংস্কৃতিৰ মানুহবোৰে কাৰ্যনিৰ্বাহ কৰে আৰু সামূহিক সাংস্কৃতিক অভিজ্ঞতা আৰু প্ৰত্যাশাৰ ক্ষেত্ৰত ভাৱ বিনিময় কৰে।"[১]
  • ব্লুছ আৰু ট্ৰেগাৰৰ মতে, "সমাজত বাস কৰা কোনো জনসমষ্টিয়ে পৰস্পৰৰ মাজত যোগাযোগ স্থাপনৰ কাৰণে প্ৰণালীবদ্ধভাৱে প্ৰয়োগ কৰা যাদৃচ্ছিক মৌখিক ধ্বনি গুচ্ছই হৈছে ভাষা।"[২][১]
  • নৰ্মান এ. মেককুৱনৰ মতে, "ভাষা হ'ল প্ৰধান আহিলা যাৰ জৰিয়তে মানুহে চিন্তা কৰে আৰু যিহৰ যোগেদি মানুহে অভ্যন্তৰীণ আৰু বাহ্যিকভাৱে ক্ৰিয়াশীল ব্যক্তি আৰু সক্ৰিয় অংশগ্ৰহণকাৰী হিচাপে সমাজত নিজকে একিভূত কৰে। ভাষাই প্ৰধান আহিলা যাৰ যোগেদি এজন ব্যক্তিয়ে স্বকীয় আৰু সামাজিক সংহতি, উৎকৰ্ষিত আচৰণ আদি সতি-সন্ততিলৈ বিস্তৃত কৰায় আৰু লগৰীয়াবোৰক সেই সংস্কৃতিৰ অংশীদাৰ-ভাগী হৈ তেওঁৰে সৈতে সামাজিক গোট সৃষ্টি কৰিবলৈ প্ৰভাৱিত কৰে।"[১]
  • এৰিষ্ট'টলৰ মতে, "ভাষাই মনৰ অভিজ্ঞতাক প্ৰতিনিধিত্ব কৰে।"[১][২]
  • ছাপিৰৰ মতে, "ভাষা হৈছে মানৱীয় আৰু স্বভাৱ বহিভূৰ্ত পদ্ধতি যাৰ দ্বাৰা মানুহে নিজ ইচ্ছাৰ দ্বাৰা উচ্চাৰিত ধ্বনি প্ৰতীকৰ সহায়ত ভাৱ, অনুভূতি আৰু বাসনা প্ৰকাশ কৰিব পাৰে।"[১][২]
  • ৰবিন্সৰ মতে, "ভাষা মূলতঃ যাদৃচ্ছিক ধ্বনি প্ৰতীকৰ এটা পদ্ধতি। বক্তৃতাই আৱশ্যক অনুযায়ী আৰু অৱস্থানভেদে ইয়াক সংশোধন কৰিব পৰে।"[২]
  • এনচাইক্ল'পেডিয়া ব্ৰিটেনিকাৰ অনুসৰি, "ভাষা হৈছে কথিত বা লিখিত ৰূপত পৰস্পৰ যোগসূত্ৰ স্থাপন কৰিব পৰা এটা পদ্ধতি। যাৰ দ্বাৰা এখন সমাজৰ মানুহে আৰু অংশগ্ৰহণকাৰীসকলে সাংস্কৃতিক আদান-প্ৰদানৰ ক্ষেত্ৰত ভাৱ বিনিময় কৰে।"[২]
  • পতঞ্জলিৰ মতে, "মুখেৰে উচ্চাৰণ কৰা ধ্বনিৰ সহায়ত মানুহৰ মনৰ ভাৱ প্ৰকাশ কৰা আহিলাই হৈছে ভাষা।"[১][২]
  • উপেন্দ্ৰনাথ গোস্বামীৰ মতে, "কোনো জন-সমষ্টিয়ে প্ৰণালীবদ্ধ আৰু যাদৃচ্ছিক স্পষ্ট ধ্বনি প্ৰতীকৰ দ্বাৰা পৰস্পৰে সহযোগিতা কৰি দৈনন্দিন জীৱনৰ কাৰ্য চলোৱা প্ৰথাৰ নাম ভাষা।"[৩][১]
  • গোলোকচন্দ্ৰ গোস্বামীৰ মতে, "ভাষা মানুহৰ মনৰ ভাব আদান প্ৰদানৰ উদ্দেশ্যে বাগিন্দ্ৰীয়ৰে উচ্চাৰণ কৰা সুসংগঠিত, সুপৰিকল্পিত ধন্যাত্মক সংকেতবিশেষ। মানুহৰ মনৰ ভাব আৰু চিন্তাৰ শ্ৰূয়মাণ প্ৰতীকেই ভাষা।"[১]

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. যিজনে ভাষা কি বস্তু আৰু ই কেনেকৈ ৰূপ ল’লে তাক নাজানে তেওঁক শিক্ষিত বুলি ভাবিবই নোৱাৰি৷ (মেক্সমূলাৰ)[৪]
  2. ভাষাৰ প্ৰধান কাম হৈছে বিশ্বজগতখনৰ বৰ্ণনা কৰি তাক নিয়ন্ত্ৰণাধীন কৰি ৰখা৷ (জেমছ বল ডুইন)[৪]
  3. যিকোনো ভাষাৰ মৃত্যু হ’লেই মই বেদনা অনুভৱ কৰোঁ, কাৰণ ভাষাই হ’ল পৃথিৱীৰ জাতিসমূহৰ পৰিচয়৷ (ড° জনছন)[৪]
  4. ভাষাই মানুহক এক কৰে; ৰাজনীতিয়েহে ভাগ কৰে৷ (যতীন গোস্বামী)[৪]
  5. মানুহ আৰু জীৱ-জন্তুৰ ভিতৰত এটা ডাঙৰ পাৰ্থক্য হৈছে ভাষা৷ (উপেন্দ্ৰ গোস্বামী)[৪]
  6. ভাষা চৈতন্য নাথাকিলে জাতীয় চৈতন্য নাথাকে৷ ভাষাৰ বান্ধেই সমাজ আৰু ৰাষ্ট্ৰৰ বান্ধ৷ (ড° বাণীকান্ত কাকতি)[৪]
  7. ভাষা আৰু সাহিত্যইহে এটা জাতিৰ প্ৰকৃত জাতীয় চিনাকি ডাঙি ধৰে৷ (পদ্মনাথ গোহাঞিবৰুৱা)[৪]
  8. ভাষা জাতিৰ জননীস্বৰূপা আৰু সাহিত্য জাতিৰ মেৰুদণ্ড৷ ভাষা সাহিত্যইহে এটা জাতিৰ পৰিচয় বহন কৰে৷ (পৰীক্ষিত হাজৰিকা)[৪]
  9. আমি বুজা উচিত, বহুভাষিতাই কেতিয়াও জ্ঞান নবঢ়ায়৷ (আৰ, ভেংকটৰমণ)[৪]
  10. নিজৰ ভাষাক চহকী কৰিলেই নহয়, তোমাৰ ভাব পৰক জনাবলৈ হ’লে তেওঁকো মই চহকী ভাষা শিকাব লাগিব৷ ভাবৰ আদান-প্ৰদানৰ লগে লগে ভাষাৰো আদান-প্ৰদান চলিব লাগিব৷ যিমানক তোমাৰ ভাষা শিকাই তোমাৰ ভাব লোৱাব পাৰিবা সিমানেই তোমাৰ সমাজ বহল হ’ব৷ সেই সমাজৰ সাহিত্যও সেই পৰিমাণে চহকী হ’ব৷ (তৰুণ ৰাম ফুকন)[৪]
  11. এটা নতুন ভাষা শিকা এটা নতুন আত্মাক বিচাৰি পোৱাৰ দৰে৷ (শিখ প্ৰবাদ)[৪]

মাতৃভাষা[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • শিশুৰ মানসিক বিকাশৰ বাবে মাতৃভাষাৰ সিমানেই আৱশ্যক, যিমান কেঁচুৱাক শাৰীৰিক বিকাশৰ বাবে মাতৃদুগ্ধৰ আৱশ্যক৷ সেইবাবেই তাৰ মানসিক বিকাশৰ বাবে তাৰ ওপৰত মাতৃভাষাৰ অতিৰিক্ত কোনো এটা ভাষা জাপি দিয়াটো মই মাতৃভূমিৰ বিৰুদ্ধে পাপ বুলি ভাবোঁ৷ নিজ দুগ্ধ নিজ সন্তানক দান নকৰা মাতৃ যিদৰে পাপিনী একেদৰে মাতৃভাষাক অৱজ্ঞা কৰা ব্যক্তিগৰাকীও মহাপাতকী৷[৫]মহাত্মা গান্ধী

আঞ্চলিক ভাষা[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • আঞ্চলিক ভাষা কেতিয়াও কোনো ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে৷ ইংৰাজী নাজানো বুলি হীনমন্যতাত ভূগাৰো কাৰণ নাই। আঞ্চলিক ভাষাত লেখাপঢ়া কৰি দক্ষতা অৰ্জন কৰিব পাৰি৷ অন্য ভাষাতকৈ নিজা ভাষাত পঢ়িলে কথাবোৰ ভালকৈ বুজি পোৱাত সহায়কো হয়৷[৬] —এছ. সোমনাথ

অসমীয়া ভাষা[সম্পাদনা কৰক | উৎস সম্পাদনা]

প্ৰধান প্ৰবন্ধ: অসমীয়া ভাষা
  1. অসমীয়া ভাষা আমাৰ মাতৃভাষা৷ মাতৃৰ নিচিনা বাবেই মাতৃয়ে বেজাৰ পোৱা কাম কৰাটো সন্তানসকলৰ পক্ষে অতি অযুগুত৷ ইয়াকে ভাবি আমি সকলো অসমীয়াই মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তিবান হোৱা উচিত৷ (আনন্দৰাম ঢেকিয়াল ফুকন)[৪]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ১.৬ ১.৭ ১.৮ (২০১৬) ড॰ কৰবী গগৈ, ড॰ দীপালি গগৈ ভাষাবিজ্ঞানৰ পৰিচয়, পৃষ্ঠা:১১।
  2. ২.০ ২.১ ২.২ ২.৩ ২.৪ ২.৫ ড॰ অপৰ্ণা কোঁৱৰ (২০১৫)। ভাষাবিজ্ঞান উপক্ৰমণিকা, পৃষ্ঠা:৩, ৭, ১১।
  3. ড॰ উপেন্দ্ৰনাথ গোস্বামী (২০১৫)। ভাষা-বিজ্ঞান, পৃষ্ঠা:১৩, ১৫।
  4. ৪.০০ ৪.০১ ৪.০২ ৪.০৩ ৪.০৪ ৪.০৫ ৪.০৬ ৪.০৭ ৪.০৮ ৪.০৯ ৪.১০ ৪.১১ বৰা, ৰক্তাভজ্যোতি (২০০৩)। উদ্ধতি অভিধান। বাণী মন্দিৰ, পৃষ্ঠা:২৫২-২৫৩। ISBN: 81-7206-117-5
  5. দাসো কলিতা (২০১৬)। ৰাজ্যভাষা আৰু মাতৃভাষা প্ৰয়োগৰ ক্ষেত্ৰত চেতনাবোধ, দায়বদ্ধতা আৰু ভাষাপ্ৰেমৰ প্ৰয়োজন (বৰ্ণিল বৰাইল)। অসম সহিত্য সভাৰ হাফলং অধিৱেশন।
  6. ইংৰাজী বুজি নাপাও বাবেই মালয়ালম ভাষাত জ্যোতিৰ্বিজ্ঞানৰ গ্ৰন্থ পঢ়িছিলো! আঞ্চলিক ভাষাতেই শিক্ষাজীৱন, ইছৰো প্ৰধানৰ শিক্ষাগত যোগ্যতা কিমান?. প্ৰকাশক: NB NEWS (২৮ আগষ্ট 2023). আহৰণ কৰা হৈছে: 30 আগষ্ট 2023.

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: