সমললৈ যাওক

মাইলছ ব্ৰনছন

ৱিকিউদ্ধৃতিৰ পৰা

মাইলছ ব্ৰনছন এগৰাকী আমেৰিকান বেপ্তিষ্ট মিছনেৰী আছিল আৰু অসম, ভাৰতৰ উত্তৰপূৰ্ব আৰু বিশেষকৈ অসমীয়া ভাষাৰ বাবে তেখেতে প্ৰভুত কাম কৰি গৈছে।[] তেখেতৰ কাৰ্যৰ ভিতৰত তেখেতে প্ৰণীত কৰা অসমীয়া অভিধানখন মুখ্য। ১৮৩৮ চনৰ ৪ জুলাই তাৰিখে অসমৰ শদিয়ালৈ অহা ব্ৰনছনে তাৰ এবছৰ আগতেই অহা নাথান ব্ৰাউন ‌আৰু অ' টি কাট্টাৰৰ প্ৰমুখ সহযোগী আছিল।

  1. সকলো জাতিৰ মানুহৰ মাজত নিজ মাতৃভাষা আদৰণীয়। সেয়ে যিমানেই অশোভিত নহওক, তেওঁ আপোন ভাষা বুলি নেৰে। ৰণ, বিগ্ৰহ, ৰাজ্য ভগা আৰু নতুন ৰাজ্য পতা, এনে দুৰ্ঘটনাৰ পৰা বা নানা বিদেশী ভাষা শিকোঁতে মাতৃভাষাক গুচাব নোৱাৰে। []
  1. গোস্বামী, লক্ষ্মীচন্দ্ৰ, মইনাৰ ড॰ মাইলছ ব্ৰনছন, প্ৰথম প্ৰকাশ, জানুৱাৰী, ১৯৯১, সৰস্বতী প্ৰকাশন, গোলাঘাট।
  2. শৰ্মা বৰুৱা, অভিজিত (নৱেম্বৰ,২০১৯)। ছাত্ৰ-ছাত্ৰীৰ গাইড। সঞ্জীৱন, পৃষ্ঠা:১৭। ISBN: 978-93-88456-02-9