সমললৈ যাওক

হৰিনাথ শৰ্মা দলৈ

ৱিকিউদ্ধৃতিৰ পৰা

হৰিনাথ শৰ্মা দলৈ (ইংৰাজী: Harinath Sarma Daloi) অসমৰ এজন বৰেণ্য সাহিত্যিক৷ তেওঁ প্ৰায় ২১খন গ্ৰন্থ অসমীয়া ভাষাত ৰচনা কৰিছে৷ তেওঁ অসমীয়া সাহিত্যৰ পূৰ্ণ-ইতিহাস শীৰ্ষক এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ ৰচনা কৰিছে৷ তদুপৰি ‘কথা ভাগৱত’খন তেখেতে সম্পাদনা কৰিছে৷ ‘অসমীয়া গদ্য সাহিত্যৰ গতিপথ’ তেখেতৰ আন এখন উল্লেখযোগ্য গ্ৰন্থ৷

বাৰেবৰণীয়া অসম

  1. "অসম” নামটো আপেক্ষিকভাৱে আৰ্বাচীন। শাম্ (শান) জাতিৰ বিজেতাসকল উত্তৰ-পূৱ চুকেদি সোমাই ১২২৮ খৃঃত সৌমাৰ-পীঠত ৰাজত্ব আৰম্ভ কৰে, আৰু ক্ৰমে তেওঁলোকে পশ্চিমৰ ফালে ভূখণ্ড অধিকাৰ কৰি আগবাঢ়ি আহে। ভাষাতত্ত্বৰ ফালৰ পৰা পণ্ডিতসকলৰ মতবাদ এই যে, এই "শাম্” শব্দৰ লগতে অসম বা আসাম নামৰ সম্বন্ধ। ষোড়শ-সপ্তদশ শতিকামানত "অসম" বা "আসাম” নামটো জাতিবাচক হিচাপেহে সাহিত্যিক-ৰচনাৰ (দৰংৰাজ-বংশাৱলী, গুৰুচৰিত) মাজত পোৱা যায়। ইয়াৰ পাছতহে ক্ৰমে আহোমসকলে (শাম্ জাতিয়ে) অধিকাৰ কৰা ভূখণ্ডক বুজোৱাৰ কাৰণে এই শব্দৰ ব্যৱহাৰ বুৰঞ্জী আদিত পোৱা যায়।[]
  2. চীন পৰিব্ৰাজক হিউয়েন্ চাং ৬৪৩ খৃঃত কামৰূপলৈ আহে। তেওঁৰ টোকাৰ পৰা স্পষ্টভাৱে জনা যায় যে, এটা ডাঙৰ নদী পাৰ হৈ তেওঁ কামৰূপ ৰাজ্যত সোমাইছিল। সেয়েই সকলোৰে স্বীকৃত কৰতোয়া-নদী। ইয়েই ভাৱিবলৈ অৱকাশ দিয়ে যে, কুমাৰ ভাস্কৰ বৰ্মাৰ শাসিত (৬০০-৬৫০ খৃঃ) কামৰূপৰ স্বীকৃত পশ্চিম সীমা কৰতোয়া। কিন্তু এইটো নিশ্চিত কথা যে, ভাস্কৰ-বৰ্মাই গৌড় দেশৰ (মধ্য বঙ্গ) ৰজা শশাঙ্কক পৰাস্ত কৰে, শশাঙ্ক পলায়, ভাস্কৰ বৰ্মাই গৌড় আৰু কৰ্ণ সুৱৰ্ণ জয় কৰি পূৰ্বভাৰতত আধিপত্য স্থাপন কৰে।[]
  3. প্ৰাগজ্যোতিষ, কামৰূপ আৰু অসম - উত্তৰ-পূৰ্বাঞ্চলীয় দেশখনক বুজোৱা এই তিনিটা নামৰ উৎপত্তি সম্বন্ধে বিভিন্ন কথা পোৱা যায়। পুৰাণ শাস্ত্ৰৰ আখ্যান মতে ব্ৰহ্মাই প্ৰথমতে ইয়াত (এই ভূখণ্ডত) জ্যোতিষ্কসমূহ সৃষ্টি কৰে। সেয়েহে, এই ভূখণ্ড জনাজাত হয় প্ৰাগজ্যোতিষ নামেৰে। ৰায়বাহাদুৰ কনকলাল বৰুৱাই কৈছে- বৰ্তমানৰ গুৱাহাটী নগৰৰ পূৱ প্ৰান্তত অৱস্থিত নৱগ্ৰহ পাহাৰ প্ৰাচীন কালত আছিল জ্যোতিষ চৰ্চ্চাৰ প্ৰধান কেন্দ্ৰ। এই পাহাৰতেই প্ৰথমতে জ্যোতিষ চৰ্চ্চা হোৱা কাৰণে দেশখনৰ নাম হয় প্ৰাগজ্যোতিষ।[]
  4. অসমীয়া-সংস্কৃতি এক সময়তে বা এটা যুগতে উদ্দি উঠা নাই, ই শতাব্দীৰ পাছত শতাব্দী ধৰি ক্ৰমবিকাশৰ পথত আগবাঢ়ি আহিছে। ইয়াৰ প্ৰৱহমান স্ৰোতে কালৰ গতিত নানান জাতি-উপজাতি আৰু বিচিত্ৰ-বিষয়-সংঘাটৰ মাজেদি নানা সম্পদ লাভ কৰি ইয়াক বিশাল আৰু সমৃদ্ধ কৰি তুলিছে। বিশাল অসমীয়া-সংস্কৃতিক কালিক- দৃষ্টিকোণৰ পৰা প্ৰধানভাৱে আমি বিচাৰ কৰিব পাৰোঁ তিনিটা যুগৰ মাজেদি - প্ৰাথমিক-যুগ, মধ্য-যুগ আৰু আধুনিক-যুগ।[]
  5. ভাৰতীয়-সংস্কৃতিৰ মূল-উৎস ধৰ্মভিত্তিক। অসমীয়া-সংস্কৃতিও, তাৰ ভিতৰতো আকৌ মধ্যযুগৰ সংস্কৃতি মূলতঃ ধৰ্মভিত্তিক। এই যুগৰ প্ৰায় সকলোবোৰ সাংস্কৃতিক-বিকাশৰ মূলতে কিবা প্ৰকাৰে নহয়, কিব প্ৰকাৰে ধৰ্মীয়-প্ৰভাৱকেই লক্ষ্য কৰা যায়। বামুণীকোঁৱৰৰ দিনৰ পৰা ৰজাঘৰত আৰু প্ৰকাৰান্তৰে আহোম-ৰাজনীতিত হিন্দুধৰ্মৰ প্ৰভাৱ পৰে। মূলতঃ বৌদ্ধধৰ্মী থকা কাৰণে আহোমসকলে অৱশ্যে কম দিনৰ ভিতৰতে তেওঁলোকৰ নিজ ধৰ্মৰ প্ৰভাৱমুক্তও হব পৰা নাছিল। সেয়েহে হিন্দু আৰু বৌদ্ধ, উভয় ধৰ্মৰ প্ৰভাৱে প্ৰতিক্ৰিয়া কৰিছিল।[]