সমললৈ যাওক

হৰমোহন দেৱ গোস্বামী

ৱিকিউদ্ধৃতিৰ পৰা

হৰমোহন দেৱ গোস্বামী এজন লেখক অধ্যাপক৷ তেওঁ সংস্কৃত ভাষাত বুৎপত্তি লাভ কৰিছিল৷ তেওঁৰ এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ হ’ল ‘সংস্কৃত সাহিত্যৰ বুৰঞ্জী’৷

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

সংস্কৃত সাহিত্যৰ বুৰঞ্জী

  1. য'ৰপৰা মানুহে সত্য বিদ্যা জানে অথবা লাভ কৰে, অথবা বিচাৰ কৰে, অথবা বিদ্বান হয়, অথবা সত্যবিদ্যা প্ৰাপ্তিৰ বাবে য'ত প্ৰবৃত্ত হয়, সেইবোৰেই বেদ।[১]
  2. প্ৰত্যেক বেদৰ চাৰিটা ভাগ- সংহিতা, ব্ৰাহ্মণ, আৰণ্যক আৰু উপনিষদ্‌। সংহিতা ভাগত স্তুতি, মন্ত্ৰ; ব্ৰাহ্মণ গ্ৰন্থত মন্ত্ৰৰ বিভিন্ন ভাগৰ ব্যাখ্যা; আৰণ্যক গ্ৰন্থত বাণপ্ৰস্থী জীৱন যাপন কৰা মানুহৰ কৰ্মবিধান প্ৰতিপাদন আৰু উপনিষদ্ গ্ৰন্থত মন্ত্ৰবোৰৰ দাৰ্শনিক ব্যাখ্যা কৰা আছে।[২]
  3. বিভিন্ন দেৱ-দেৱীৰ স্তৱস্তুতিয়েই ঋক্-সংহিতাৰ মূল অংশ। যজ্ঞ অনুষ্ঠানৰ সময়ত দেৱ-দেৱীৰ উদ্দেশ্যে অগ্নিত সোমৰস, ঘি আদি আহুতি দিয়াই আছিল আৰ্য্যসকলৰ ধৰ্মসাধনাৰ প্ৰধান অনুষ্ঠান। বৈদিক ধৰ্মত বিভিন্ন দেৱ-দেৱীয়ে মুখ্য স্থান অধিকাৰ কৰি আছে।[৩]
  4. বৈদিক যুগৰ আৰম্ভণিতে জাতি-ভেদ প্ৰথাৰ কোনো উল্লেখ নাই। পিছত ক্ৰমশঃ বৃত্তি অনুসৰি ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ- এই চাৰিটা জাতি গঢ়ি উঠে। ঋগ্বেদৰ মাথোন দশম মণ্ডলৰ পুৰুষ-সূক্তত এই চাৰিটা বৰ্ণৰ উল্লেখ আছে, আনবোৰ সূক্তত নাই। এই পুৰুষ-সূক্তটো বৈদিক যুগৰ শেষৰ পিনে ৰচিত। ইয়াৰপৰা ধাৰণা হয় বৈদিক যুগৰ শেষৰ পিনে আৰ্য্যসমাজৰ চাৰিবৰ্ণৰ সূত্ৰপাত হয়।[৪]
  5. ঋগবেদৰ মন্ত্ৰবোৰ সুৰবিহীন, কিন্তু সামবেদৰ মন্ত্ৰবোৰ সুৰযুক্ত৷[৫]

লগতে চাওক[সম্পাদনা কৰক | উৎস সম্পাদনা]

তথ্যসূত্ৰ[সম্পাদনা কৰক | উৎস সম্পাদনা]