ৰংবং তেৰাং

ৱিকিউদ্ধৃতিৰ পৰা

ৰংবং তেৰাং (ইংৰাজী: Rongbong Terong) অসম সাহিত্য সভাৰ ২০০৯ চনৰ ধেমাজি অধিৱেশনৰ সভাপতি আছিল৷ ১৯৩৭ চনত কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটৰ লাংবুং দিংপিত তেওঁৰ জন্ম হয়৷ নগাঁও মহাবিদ্যালয়ত শিক্ষাগ্ৰহণ কৰা ৰংবং তেৰাং সাহিত্যৰ বিভিন্ন বিভাগত অৰিহণা আগবঢ়ায়৷ তেওঁ উপন্যাস, গল্প সংকলন, প্ৰবন্ধ পুথি, অনুবাদ সাহিত্য আদি অনেক ৰচনা লেখে৷[১]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ভাবৰ আদান-প্ৰদানেই সাংস্কৃতিক বিনিময়ৰো মাধ্যম৷ কাৰো চেতনাক আঘাত নকৰাকৈ প্ৰয়োজনীয় শব্দই জনসাধাৰণৰ মাজত সোমাই পৰিব পাৰে৷[২]
  2. শদিয়াৰ পৰা ধুবুৰী, অৰুণাচলৰ পৰা নগাপাহাৰ, লুইতৰ পৰা বৰাকলৈ অসম সাহিত্য সভাৰ অনিৰ্বাপিত বন্তিগছি শিৰত লৈ মানুহৰ মনৰ সম্ভেদ বিচাৰি দিহিঙৰ-দিপাঙে পৰিভ্ৰমণ কৰি ফুৰোঁতে বহুতো মধুৰতম মুহূৰ্ত লাভ কৰিছোঁ৷ শিৱসাগৰ গাঁৱৰ মাটিতো মৃত্যুৰে যুঁজি থকা আইতাই মোৰ শিৰত ধৰি অশ্ৰু বোঁৱাই ভাষা জননীৰ সেৱাৰে দেশখনক চাবলৈ আশীৰ্বাদ দিয়াৰ পৰা অসমৰ বৈচিত্ৰ্যময় সাংস্কৃতিক সম্পদেৰে হেজাৰজনৰ শোভাযাত্ৰাৰে মোক অভিভূত কৰি তোলা মুহূৰ্তও মোৰ জীৱনৰ পাহৰিব নোৱাৰা ঘটনা৷[৩]
  3. নিষ্ঠাৰে দায়িত্ব পালন কৰি যোৱা, সুফল ওলাবই৷[৪]
  4. বৰলুইতৰ বুকুৱেদি গৈহে আমি সমুদ্ৰত মিলিব পাৰিম৷[৫]
  5. মোৰ সদায় গৈ গ্ৰন্থমেলাত বহি থাকিবলৈ মন যায়৷ [৬]

উত্‍স[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ত্ৰিদিপ গোস্বামী। পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ। অনন্ত হাজৰিকা, বনলতা প্ৰকাশণ, পৃষ্ঠা:১৯৭-১৯৯।
  2. অসমীয়া আৰু কাৰ্বি সংস্কৃতিৰ সমন্বয়, অসম সাহিত্য সভাৰ পত্ৰিকা, সমন্বয় বিশেষ সংখ্যা, ২০১০, পৃ: নং, ২৪, সম্পা: উপেন ৰাভা হাকাচাম
  3. ম’হৰ গাড়ীত উঠি সম্প্ৰীতিৰ জয়যাত্ৰা, ৰংবং তেৰাং, সাতসৰী, জানুৱাৰী ২০১০
  4. উক্তি সঞ্চয়ন, সংগ্ৰাহক: শ্ৰীৰাম চন্দ্ৰ ভূঞা, ১৭ পৃ: নং; প্ৰকাশিকা: বীণা বৰা ভূঞা
  5. অমৃত বাণী, সংগ্ৰাহক: চন্দ্ৰোপল বৰা, পৃ:নং; ৫,২০১৪
  6. ৰংবং তেৰাঙৰ সৈতে এসন্ধ্যা, অনুৰাধা শৰ্ম পূজাৰী, সাদিন, ১৯ ফেবৰুৱাৰী, ২০২৩

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: