অসমৰ সংস্কৃতি
অৱয়ব
(শ্ৰেণী:অসমীয়া সংস্কৃতিৰ পৰা পুনঃনিৰ্দেশিত)
কোনো এটা জাতিৰ বৈশিষ্ট্যসূচক শিল্প-সাহিত্য, বিশ্বাস, সমাজনীতি, ধৰ্মীয় ৰীতি-নীতি, কৃষি, কৰ্ম, শিক্ষা, চৰ্চা, কলা, ৰুচি আদিৰ সমাৱেশক একেলগে সংস্কৃতি বা কৃষ্টি বুলিব পাৰি। বিভিন্ন ভাষা-ভাষী, জাতি-জনজাতিৰে গঠিত অসমীয়া সংস্কৃতিৰ পৰিসৰ অতি বিশাল।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মনৰ আবেগক আদিম মানৱে প্ৰকৃতিৰ কাৰ্যকলাপসমূহক অনুকৰণ কৰি প্ৰকাশ কৰিছিল৷ বতাহত গছ-গছনিৰ ডাল-পাতৰ হেন্দোলনি, বানপানীৰ সময়ত উঠা পানীৰ ঢৌৰ খলকনি, বোঁৱতী নদীৰ সোঁতৰ খিলখিলনি, ন-পানী বঢ়াৰ সময়ত উঠা উজান মাছৰ নাচোনৰ ভংগিমা আদি চাই আনন্দ উপভোগ কৰিছিল আৰু সেইবোৰ হাঁহি আনন্দৰ মাজেৰে প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিছিল৷ সেয়েহে, আমাৰ পুৰণি বিহু নাচবোৰৰ ভংগিমাবোৰত বতাহত গছ-গছনিৰ ডাল-পাতৰ কম্পন, বাঢ়নী পানীৰ ঢৌৰ খলকনি, উজানৰ মাছৰ নাচোনৰ ভংগিমা আদি সকলোবোৰ পৰিলক্ষিত হয়৷ ঠিক সেইদৰে, মেঘৰ গাজনিৰ অনুকৰণ কৰি ঢোলৰ চেঁৱবোৰ আৱিষ্কাৰ হৈছিল বুলি ধৰি ল’ব পাৰোঁহক৷[১]
- অসমীয়া বিহু উৎসৱ আচলতে এখন অসমীয়াৰ সাংস্কৃতিক মেলা৷ য’ত উচ্চ সংস্কৃতি আৰু জনসংস্কৃতিৰ বছৰেকীয়া মিলন হয়৷ সেই কাৰণেই বিহু উৎসৱ অসমীয়া সাংস্কৃতিক জীৱনৰ এটা বছৰেকীয়া সমাৱেশ৷ বিহুৰ মাজেদি আমি প্ৰকৃতিৰ ৰূপান্তৰ বাণীকেই উপলব্ধি কৰিবলৈ বিচাৰিব লাগিব৷
- যি নাই বিহুগীতত, সি নাই অসমত৷ যি নাই অসমত, সি নাই বিহুগীতত৷ অসম আৰু অসমীয়া জনমানসৰ নিৰ্ভুল দাপোণ এই বিহু৷ অসমৰ পৰ্বত-পাহাৰ, চৰাই-চিৰিকটি, নৈ-বিল, পথাৰ-সমাৰ, ফুল-ফল, গোন্ধ-বৰণ আৰু সিবিলাকৰ মাজত কৰ্মৰত নাৰী-পুৰুষৰ এনে প্যানোৰমা ভাৰতৰ লোকসংগীতত বিৰল৷ বিহু গীতৰ সাহিত্যিক আৰু সাংগীতিক ভেটিৰ ওপৰতেই থিয় হৈ আছে অসমীয়া সংস্কৃতিৰ উপৰিসৌধ৷
- হেমাংগ বিশ্বাস[৩]
- আমি আজি কিছুমান বছৰৰ পৰা বৰ দুখেৰে মন কৰিছোঁ, ইতৰ সমাজত লুকাই চুৰকৈ গছতলে বাঁহতলে হোৱা বনৰীয়া নাচ-গানে দেখাদেখিকৈয়ে নগৰবোৰত খুটি পুতিছে আৰু তথাকথিত শিক্ষিত সমাজৰ বহুতে তাক সদৌ অসমীয়া ’সংস্কৃতি’ বুলি আনকো দেখুৱাবৰ অপচেষ্টা চলাইছে৷
- সম্পূৰ্ণ গাঁৱৰ পৰিৱেশত, প্ৰকৃতিৰ অনন্ত শোভাৰ পটভূমিত, বিশাল আকাশৰ তলত বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনত এদিন বিহুৰ জন্ম হৈছিল৷ স্বভাৱ কবিৰ অলিখিত গীত আৰু লোকবাদ্যৰ মাধ্যমেৰে প্ৰকৃতিৰ আহ্বানত যুৱক-যুৱতীয়ে নিজৰ হৃদয়ৰ কাহিনী এদিন ইজনে-সিজনক নিবেদন কৰিছিল৷ আধুনিক সভ্যতাৰ পৰিণামত গাঁৱৰ পৰা নগৰলৈ মানুহৰ প্ৰব্ৰজন ঘটিল আৰু তেওঁলোকেই লগত লৈ আহিলে সেই বিহু সংস্কৃতি৷ নগৰীয়া জীৱনৰ সংস্পৰ্শত বিহু নৃত্য-গীতৰ সামান্য বিকৃতি ঘটিব পাৰে, অথবা বহু সংখ্যক লোকে তাক যথাযোগ্যভাবে তাক গ্ৰহণ নকৰিবও পাৰে, কিন্তু পৃথিৱীৰ সকলো দেশৰ লোকনৃত্য-গীতৰ দৰেই বিহুও চিৰদিন তাৰ সেই আদিম প্ৰতিভাৰ সম্পদেৰেই বাচি থাকিব৷
- চন্দ্ৰপ্ৰসাদ শইকীয়া৷[৪]