সমললৈ যাওক

সদস্য বাৰ্তা:Pranamikaadhikary

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
ৱিকিউদ্ধৃতিৰ পৰা

Congratulations on the creation of Assamese Wikiquote! However, this wikiquote needs your help to get started;

  1. Please check that all pages are imported from Wikimedia incubator. (Note: ফকৰা যোজনা will be imported soon)
  2. Please check that there are no other problems with the wiki settings. Of course, statistics will not work properly now. Or, some features of the visual editor may not work. This usually resolves automatically within 2 weeks.

Thank you for your efforts, and congratulations once again. I look forward to your cooperation. --Sotiale (বাৰ্তা) ১৩:৫৫, ৪ জানুৱাৰী ২০২৩ (ইউ.টি.চি.)

অক্লান্ত কৰ্মী পদক

[উৎস সম্পাদনা]
অক্লান্ত কৰ্মী পদক
অসমীয়া ৱিকিউদ্ধৃতিলৈ আপোনাৰ মূল্যবান অৱদানৰ বাবে ৱিকিমিডিয়া সমাজৰ হৈ আপোনাক কৃতজ্ঞতা জনালোঁ। আশাকৰোঁ আপুনি আগলৈকো এনেদৰেই ৱিকিউদ্ধৃতিৰ সৈতে জড়িত হৈ থাকি ইয়াৰ উন্নতি সাধন কৰিব। ধন্যবাদেৰে -Chandan Chiring Phukon Chat ১১:৩৩, ১৭ জানুৱাৰী ২০২৩ (IST)উত্তৰ দিয়ক

অতুলনীয় অৱদান পদক

[উৎস সম্পাদনা]
অতুলনীয় অৱদান পদক
অতুলনীয় অৱদান পদক
হে ৱিকিসতীৰ্থ, অসমীয়া ৱিকিউদ্ধৃতিলৈ আপুনি নিৰন্তৰভাৱে যি অৱদান আগবঢ়াইছে সেয়া অতুলনীয়। ইয়াৰেই কৃতজ্ঞতা হিচাপে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। ধন্যবাদেৰে। -Chandan Chiring Phukon Chat ০৮:১১, ২০ এপ্ৰিল ২০২৩ (IST)উত্তৰ দিয়ক
ধন্যবাদ৷ Pranamikaadhikary (বাৰ্তা) ১৯:২৯, ২০ এপ্ৰিল ২০২৩ (IST)উত্তৰ দিয়ক

উৎসৰ প্ৰয়োজন টেগ গুচোৱাৰ সন্দৰ্ভত

[উৎস সম্পাদনা]

সন্মানীয় সদস্য, উদ্ধৃতিসমূহৰ লগত তথ্যসূত্ৰ অৱশ্যেই যোগ দিব লাগিব৷ পৰম্পৰাগতভাৱে চলি অহা বুলিয়েই কোনো এটা প্ৰবন্ধত তথ্য উৎসৰ উল্লেখ নাথাকিলে অসুবিধা নহয় বুলি ভবা-নভবাটো আপোনাৰ ব্যক্তিগত দৃষ্টিভংগী।

 [উৎসৰ প্ৰয়োজন] টেগটো পুনৰ ডিলিট নকৰে যেন। তাৰ পৰিবৰ্তে সেই প্ৰবন্ধসমূহ তথ্য উৎস যোগ কৰি উন্নত কৰিবলৈ চেষ্টা কৰক।

  Thesaurabhsaha (বাৰ্তা) ২১:১৯, ৬ জুন ২০২৩ (IST)উত্তৰ দিয়ক

মহাশয়, সদ্যহতে ’টেগ’বোৰ আঁতৰাই দিলোঁ৷ আপোনাৰ পৰামৰ্শ মনত ৰাখিম৷ উদ্ধৃতিত অসমীয়া পৰম্পৰাগত ফকৰা যোজনা, খণ্ডবাক্যসমূহৰ দৰে বিহুনামো যুগ যুগৰে পৰা মানুহৰ মুখে মুখে চলি অহা৷ সেইবোৰৰ অস্তিত্ব কোনেও নুই কৰিব নোৱাৰে৷ ৱিকিৰ নীতিমতে যদিও তথ্যসূত্ৰৰ আৱশ্যক, তথাপি উদ্ধৃতিৰ ক্ষেত্ৰত “কেৱল পৰম্পৰাগত সমল’’ৰ ক্ষেত্ৰত এই নিয়ম শিথিল হ’ব পৰে বুলি ভাবোঁ৷ আশাকৰোঁ, আপুনি বুজি পাইছে৷ অধিক বাক্যব্যয় কৰাতকৈ আমি উভয়েই নতুন সমল বৃদ্ধি কৰাত মনোনিৱেশ কৰিলে, অসমীয়া ৱিকিমিডিয়া লাভবান হ’ব৷ কুশলে থাকক৷ Pranamikaadhikary (বাৰ্তা) ২৩:০২, ৬ জুন ২০২৩ (IST)উত্তৰ দিয়ক
@Thesaurabhsaha @Pranamikaadhikary মাননীয় সদস্য, নিয়ম অনুসৰি ৱিকিত তথ্যৰ উৎস উল্লেখ কৰাটো প্ৰয়োজনীয়। কিন্তু কোনো কোনো ক্ষেত্ৰত, বিশেষকৈ লোকেল ৱিকিত এই নিয়মবোৰ শিথিল কৰিও গ্ৰহণ কৰা হয়। উদাহৰণস্বৰূপে, ব্যক্তিবিশেষৰ উদ্ধৃতি দিওঁতে তথ্য উৎস উল্লেখ কৰা বাঞ্ছনীয়। কিয়নো, একোটা ভুল উদ্ধৃতিয়ে বিতৰ্কৰ লগতে অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি কৰিব পাৰে বা কোনো লোকে ইয়াক সেই ব্যক্তিৰ সপক্ষে বা বিপক্ষে ঋণাত্মক উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। কিন্তু পৰম্পৰাগতভাৱে চলি অহা উদ্ধৃতি বা মৌখিক সাহিত্যৰ ক্ষেত্ৰত এই কথা নাখাটে। আনকি এনে উদ্ধৃতিৰ ৰূপো অঞ্চলভেদে ভিন্ন হয়। সেয়েহে, বিহুকে আদি কৰি ফকৰা যোজনা, ডাকৰ বচন আদি পৃষ্ঠাসমূহৰ উদ্ধৃতিত তথ্য উৎস দিয়াটো জৰুৰী নহয়। অৱশ্যে এনে কোনো উদ্ধৃতিৰ বিষয়ে দ্বিমত থাকিলে আলোচনা পৃষ্ঠাত এই বিষয়ে আলোচনা আগবঢ়াব পাৰে, অথবা তথ্য উৎস থাকিলে তাক নিৰ্দ্বিধাই যোগ দিব পাৰে। এই কথালৈ লক্ষ্য ৰাখি সম্পাদনা আগবঢ়াই নিবলৈ অনুৰোধ জনালোঁ।--Chandan Chiring Phukon Chat ২৩:২২, ৬ জুন ২০২৩ (IST)উত্তৰ দিয়ক
ধন্যবাদ৷ Pranamikaadhikary (বাৰ্তা) ২৩:২৪, ৬ জুন ২০২৩ (IST)উত্তৰ দিয়ক

চন্দন চিৰিং ফুকন সোঁৱৰণী ৱিকিউদ্ধৃতি সম্পাদনা মেলা

[উৎস সম্পাদনা]
ৱিকিউদ্ধৃতি সংযোগ মেলা পদক

“আটাইতকৈ ডাঙৰ মহাসাগৰ হ’ল, চিয়াঁহীৰ মহাসাগৰ৷ মহাসাগৰত যেনেকৈ জাহাজ ঘূৰি ফুৰে, তেনেকৈ চিয়াঁহীৰ মহাসাগৰত ঘূৰি ফুৰে অসংখ্য কিতাপ৷”
 উইল ডুৰাণ্ট


প্ৰিয় ৱিকিসতীৰ্থ, চলিত বৰ্ষৰ ১ মে’ৰ পৰা ৩১ মে’লৈকে অসমীয়া ৱিকিউদ্ধৃতিত অনুষ্ঠিত হোৱা চন্দন চিৰিং ফুকন সোঁৱৰণী ৱিকিউদ্ধৃতি সম্পাদনা মেলাত ১৪ গৰাকী স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰি মুঠ ২৩৪ টা পৃষ্ঠাৰে অসমীয়া ৱিকিউদ্ধৃতিক সমৃদ্ধ কৰিছে৷

প্ৰিয় সুহৃদ, উক্ত উদ্ধৃতি সংযোগ মেলাত অংশ লৈ আপুনি নিৰলসভাৱে যি অমূল্য অৱদান আগবঢ়ালে তাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজ আপোনাৰ প্ৰতি চিৰকৃতজ্ঞ হৈ ৰ’ব৷

আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-
—অসমীয়া ৱিকিমিডিয়া সমাজ

𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) ০০:২১, ১ জুন ২০২৪ (IST)উত্তৰ দিয়ক