ইবচন লাল বৰুৱা
অৱয়ব
ইবচন লাল বৰুৱা হৈছে অসমৰ এজন গায়ক, গীতিকাৰ, সুৰকাৰ, মিউজিক প্ৰগ্ৰেমাৰ তথা মিক্সিং ৰেকৰ্ডিং ইঞ্জিনীয়াৰ। তেওঁ অসমীয়া, হিন্দী কেইবাখনো ফিচাৰ ফিল্মৰ সংগীতৰ লগত জড়িত। লগতে তেওঁ অসমীয়া, বড়ো ভাষাৰ সংগীত ‘বকুল ফুলৰ দৰে’, ‘অ মন্ত্ৰী’, ‘জিন্স পেণ্ট’, ‘স্ব্ৰজিঅ আং ডিন্বি (বড়ো)’, ‘জিয়ৰী অসমৰ’, ‘জগত বিয়পি’, ‘মাজুলী’কে ধৰি কেইবাটাও সংগীতত ভিডিঅ’ পৰিচালক হিচাপে কাম কৰিছে। ইবচন লাল বৰুৱাৰ পিতৃৰ নাম প্ৰসন্নলাল বৰুৱা। [১]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- কৈশোৰত কোনোদিন ঘৰৰ পৰা ‘আৰ্ট এণ্ড কালচাৰ’ৰ ক্ষেত্ৰত আমি ঋণাত্মক বাতাৱৰণ পোৱা নাছিলোঁ। [১]
- সংগীতৰ ক্ষেত্ৰখনৰ লগত নিজৰ সৃষ্টিশীলতাৰ বিনিময় কৰিব পৰাটো মোৰ বাবে এটা ডাঙৰ অপ’ৰচ্যুনেটি আছিল।[১]
- ছাউণ্ড ইঞ্জিনিয়াৰিং বা শব্দ যন্ত্ৰীৰ ভাগ কেইবাটাও, কিছুমান হয়তো সংগীতৰ লগত আৰু কিছুমানে বোলছবিৰ লগত জড়িত থাকে। বোলছবিৰ বিভাগে সংলাপৰ লগতে ছাউণ্ড ডিজাইনিং, ছাউণ্ড ইফেক্ট, ছাউণ্ড মিক্সিং আদিৰ দৰে কামবোৰ কৰে। আনহাতে সংগীতৰ ক্ষেত্ৰত ধৰক এজন সংগীত ব্যৱস্থাপকে এটা গীত সৃষ্টি কৰিলে কি বাদ্য যন্ত্ৰ, কি গায়ন শৈলীৰ প্ৰয়োজন হ’ব সেয়া ডিজিটেলি ব্যৱস্থাপনা কৰে। [১]
- ই ভাবোঁ হাস্য ব্যংগ নহ’লে মানুহৰ জীৱনত একোৱেই নাই। মানুহে জীৱনটোত ষ্ট্ৰাগল কৰোঁতেই যায়, যুদ্ধ কৰোঁতেই যায় গতিকে হাস্য ব্যংগৰে মানুহ জীয়াই থাকিব লাগে। [১]
- কিছুমান মানুহ থাকে, ব্যক্তি থাকে যিবোৰ ধৰক আমাৰ অসমীয়াত আজিকালি কামোৰ শব্দটো কওঁ। কামোৰ টাইপৰ হৈ যায় কিছুমান মানুহ। সেইটো হয় personality ৰ কাৰণে। স্ত্ৰী পুৰুষ বুলি নহয়। কেতিয়াবা ল’ৰা এজনো যথেষ্ট পৰিমাণে মাথাৰ বিষৰ কাৰণ হৈ যাব পাৰে। [১]
- সৃষ্টিশীলতাৰ তাগিদাত মানে সৃষ্টি বস্তুটোত আনন্দ আছে। সৃষ্টি কৰাৰ পিছত যিটো আনন্দ সেই আনন্দটো উপভোগ কৰি গৈ থাকোঁতে এই কথাটোৰ প্ৰতি সচেতনতা থাকিব লাগে যে মই আচলতে কি, মোক মানুহে কি বুলি জনা উচিত এনেকুৱা ধৰণৰ কথাটো মই প্ৰায়ে পাহৰি থাকোঁ। [১]
- ড° ভূপেন হাজৰিকাৰ, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা আৰু যিমান ডাঙৰ ব্যক্তিসকল আছে তেওঁলোকৰ বিষয়ে পঢ়িলে বা শুনিলে আমি গম পাওঁ যে সৃষ্টিশীলতা আচলতে বান্ধি ৰাখিব পৰা বস্তু নহয়। [১]
- মই গীত লিখোঁ বা লিখিবলৈ চেষ্টা কৰোঁ মই নিজকে গীতিকাৰ বুলি ক’বলৈ ভয় খাওঁ। কিন্তু লিখিবলৈ চেষ্টা কৰোঁ। [১]
- আচলতে কাম এটা কৰিলে মানুহৰ ব্ৰেইনটো ইউজ কৰি শেষ কৰিব নোৱাৰে। [১]
- আটাইতকৈ ডাঙৰ কথাটো হ’ল যে এজন মানুহে গীত গাইছে৷ তেওঁ সংস্কৃতিৰ সাধক সংস্কৃতিৰ সাধকজনে কেতিয়াও বিজতৰীয়া সংস্কৃতি আনি দিব নালাগে৷ সমাজখনৰ ক্ষতি কৰিব পৰা বস্তু আনিব নালাগে য’ত অশ্লীলতা বা সামাজিক পৰিবেশ প্ৰদুষণ কৰিব পৰা বস্তু থাকে৷ সেই ক্ষেত্ৰত তেওঁৰ বিবেচনা শক্তিটো থাকিব লাগে৷ কথাটো ইমানেই কোনেও কাকো ধৰি বান্ধি ৰাখিব নোৱাৰে৷ [১]
- পৰিবৰ্তনক আকোৱালি ল’বৰ বাবে সেই পৰিবৰ্তনৰ যিখিনি ভাল হয় সেইখিনি বিবেচনা কৰি আকোৱালি ল’বলৈ সাহসটো থাকিব লাগিব, কাৰণ সময় সলনি হৈ গৈ আছে। [১]
- জুবিন গাৰ্গৰ গানত অকল অসমৰে নহয়, ভাৰতৰে নহয় গোটেই পৃথিৱীৰে মানুহ মোহাচ্ছন্ন হৈ আছে। মানুহৰ অনুভূতিৰ যিখন সাগৰ আছে সেইখন যথেষ্ট দ, যথেষ্ট গভীৰ গতিকে তেওঁ চিনেমা এখন কৰিলে মই লাভ হ’ব বুলিয়েই আশাবাদী। দৰ্শকৰো, শ্ৰোতাৰো যথেষ্ট লাভ হ’ব বুলি আশাবাদী। [১]
- ইতিহাসত উদাহৰণ আছে যে বহুতো ভাল ভাল সৃষ্টিশীল মানুহৰ আদিতে কৰা কৰ্মৰাজি বহুতো সমালোচনাৰ সন্মুখীন হৈছিল বা ভাল হোৱা নাছিল। তেনেকুৱা ধৰণৰ কথা কিছুমান থাকে কিন্তু কথাটো তেনেকুৱা নহয়। পিছত তেওঁলোকে বহুত লিজেণ্ডেৰী কাম এৰি থৈ গৈছে। [১]
- হাঁহি এটি পিন্ধি লোৱা অনেক হাঁহি বিয়পিব। ভাঙি-পাতি খুলি ক’বা, মনৰ দ্বিধা আঁতৰিব। [১]