১৬ মাৰ্চ

ৱিকিউদ্ধৃতিৰ পৰা

বিগত বৰ্ষৰ আজিৰ উদ্ধৃতি:

২০২৩
“মাটিৰে কোনোবাই বল এটাও সাজিব নাজানে, আন কোনোবাই আকৌ তাৰপৰাই ধুনীয়া মূৰ্তি সজাই তোলে। গণিতৰ সূত্ৰ, সংজ্ঞা, উপপাদ্য জনাৰ পিছতো কোনোবাই এটা অংকও নিজাকৈ কৰিব নোৱাৰিব পাৰে, আন কোনোবাই আকৌ সেই একেখিনি সূত্ৰ, সংজ্ঞা, উপপাদ্য ব্যৱহাৰ কৰি অংকবোৰ নিজেই কৰি পেলাব পাৰে। ধুনীয়াকৈ।”
~ বকুল ফুলৰ দৰে (মৃণাল কলিতা) ~

২০২৪
“কোনেও নাজানে কোনে কাক কেতিয়া হেৰুৱায়, কোনে কাক কেতিয়া লগ পায়; কোনেও নাজানে কোন কাৰ বাবে ৰৈ থাকে, জীৱন কাৰ প্ৰেমত গৈ থাকে। কিন্তু জীয়াই থাকিবলৈ গাৰ ছাঁৰ দৰে সপোনবোৰ সদায় আমাৰ লগত থাকে।”
~ ৰং (গ্ৰন্থ), (শৰ্মিষ্ঠা প্ৰীতম) ~