হেৰী পটাৰ

ৱিকিউদ্ধৃতিৰ পৰা

হেৰী জেমছ পটাৰ (ইংৰাজী: Harry James Potter) ব্ৰিটিছ লেখিকা জে. কে. ৰাউলিং ৰচিত হেৰী পটাৰ কল্প কাহিনী শৃংখলা প্ৰধান চৰিত্ৰ। হেৰীক কেন্দ্ৰ কৰিয়ে এই চিৰিজৰ কাহিনী আগবাঢ়িছে। হেৰী ১১ বছৰ বয়সত সৰ্বপ্ৰথম জানিবলৈ পায় যে তেওঁ এজন যাদুকৰ।

কাহিনীৰ পটভূমি হৈছে হগৱাৰ্ট্‌ছ স্কুল অফ ৱিচক্ৰাফ্ট এণ্ড ৱিজাৰ্ড্ৰি য'ত হেৰীয়ে তেওঁৰ ঘনিষ্ঠ দুই বন্ধু ৰন ৱিজলি আৰু হাৰমাইনি গ্ৰেইঞ্জাৰৰ লগত বিভিন্ন অভিযানত অংশ লয়। হেৰীয়ে লাহে লাহে আবিষ্কাৰ কৰে যে তেওঁ যাদুকৰ সম্প্ৰদায়ৰ মাজত অত্যন্ত বিখ্যাত। হেৰীৰ চেহেৰাৰ আটাইতকৈ উল্লেখযোগ্য দিশ হৈছে যে তেওঁৰ কপালত বিদ্যুৎ চমকৰ দৰে এটা কটা দাগ আছে। লৰ্ড ভলডেমৰ্টে যেতিয়া হেৰীক মাৰিবলৈ আভাডা কেডাভ্ৰা নামৰ অভিশাপ দিছিল তেতিয়া হেৰীৰ কপালৰ এই দাগৰ সৃষ্টি হৈছিল। ভ'লডেমোৰ্টে হেৰীৰ পিতৃ মাতৃক হত্যা কৰিছিল। যাদুৰ পৃথিৱীত হেৰীয়েই একমাত্ৰ ব্যক্তি যি আভাডা কেডাভ্ৰা নামৰ মৃত্যু অভিশাপৰ পৰা বাচি গৈছে। ইয়াৰ ফলত লৰ্ড ভ'লডেমোৰ্টৰ পতন হৈছে।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]