হেৰী পটাৰ কল্প কাহিনী শৃংখলা

ৱিকিউদ্ধৃতিৰ পৰা

হেৰী পটাৰ (ইংৰাজী: Harry Potter) হৈছে ইংৰাজ লেখিকা জে. কে. ৰাউলিঙৰ সাতখন কল্প কাহিনীৰ উপন্যাসৰ শৃংখলা। ৰাউলিঙৰ মতে এই কাহিনীটোৰ ধাৰণাটো প্ৰথমে তেওঁৰ মনলৈ ১৯৯০ চনত এক ৰেলযাত্ৰাৰ সময়ত আহে। কাহিনীৰ নায়ক হৈছে কিশোৰ যাদুকৰ হেৰী পটাৰ আৰু মূল খলনায়ক ক'লা যাদুকৰ ভলডেম'ৰ্ট। ইয়াত মূলতঃ হেৰী পটাৰ, তেওঁৰ বন্ধু-বান্ধৱী আৰু সৎ যাদুকৰসকলৰ ভলডেম'ৰ্ট আৰু তেওঁৰ সহযোগী ক'লা যাদুকৰবিলাকৰ বিৰুদ্ধে ৰোমাঞ্চকৰ অভিযান বৰ্ণিত হৈছে। এই শৃংখলাটোত লেখিকাই সাধাৰণ মানুহৰপৰা নিজৰ অস্তিত্ব গোপনে ৰখা এখন যাদু জগতৰ ঘটনাৱলী চিত্ৰন কৰিছে যি যাদুশক্তিৰহিত সাধাৰণ মানুহৰ সমাজকো প্ৰভাৱিত কৰে। প্ৰথমখন গ্ৰন্থ হেৰী পটাৰ এণ্ড দ্য ফিলোচ'ফাৰ্ছ ষ্টোনত নায়ক হেৰী পটাৰৰ মাক-দেউতাকৰ হত্যা তথা ভলডেম'ৰ্টৰ সাময়িক পতনেৰে গোটেই কাহিনীটো আৰম্ভ হৈছে। শেষৰখন গ্ৰন্থ হেৰী পটাৰ এণ্ড দ্য ডেথ্লী হেলোজত খলনায়কৰ সম্পূৰ্ণ পতন তথা তাৰ ১৯ বছৰৰ পাছৰ এক সুস্থিৰ পৰিৱেশৰ বৰ্ণনাৰে শেষ হৈছে।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]