লৰ্ড ভ'লডেমৰ্ট

ৱিকিউদ্ধৃতিৰ পৰা

লৰ্ড ভ'লডেমৰ্ট (জন্মনাম: টম মাৰভোলো ৰিডল) হ’ল এক কাল্পনিক চৰিত্ৰ আৰু জে. কে. ৰাউলিঙৰ হেৰী পটাৰ কল্প কাহিনী শৃংখলাৰ প্ৰধান বিৰোধী চৰিত্ৰ। ডাৰ্ক লৰ্ড অৰ্থাৎ এজন কলা যাদুকৰৰ ভ'লডেমৰ্ট যাদুকৰসকলৰ যুদ্ধৰ কাৰণ আছিল। ১৯৯৭ চনত প্ৰকাশ হোৱা হেৰী পটাৰ এণ্ড দ্য ফিলোছফাৰ্ছ ষ্টোনত ভ’লডেমৰ্টে আত্মপ্ৰকাশ কৰে। তৃতীয় উপন্যাস হেৰী পটাৰ এণ্ড দ্য প্ৰিজনাৰ অৱ আজকাবানৰ বাহিৰে বাকী সকলো কেইখন কিতাপ বা চলচ্চিত্ৰ অভিযোজনতে ভ’লডেমৰ্ট হয়তো শাৰীৰিক ভাৱে নহয়তো স্মৃতি ৰোমন্থনৰ জৰিয়তে উপস্থিত আছে।

শৃংখলাটিত ভ’লডেমৰ্ট হেৰী পটাৰৰ প্ৰধান শত্ৰু কাৰণ এক ভৱিষ্যকথন অনুসৰি হেৰীৰ “অন্ধকাৰৰ ৰজাক পৰাভূত কৰিব পৰা শক্তি” আছে। প্ৰায় কোনো যাদুকৰ বা যাদুকৰীয়ে তেওঁৰ নাম ল’বলৈ সাহস নকৰে আৰু নামৰ সলনি “তুমি-জানা-কোন”,”তেওঁ-যাৰ-নাম-ল’ব-নাপায়”,”অন্ধকাৰৰ ৰজা” আদি বিশেষণেৰে সম্বোধন কৰে। যাদুবিশ্বৰ মাগোল(যাদু নজনা লোক) সকলৰ অস্তিত্ব বিলোপ কৰি মাগোলজগত আৰু যাদুজগত উভয়কে নিজৰ অধীনলৈ আনি বিশুদ্ধ তেজৰ এক সাম্ৰাজ্য স্থাপন কৰাই ভ’লডেমৰ্টৰ প্ৰধান লক্ষ্য। মাকৰ ফালৰ পৰা তেওঁ হগৱাৰ্ট্ছ যাদু আৰু তন্ত্ৰ বিদ্যালয়ৰ চাৰিজন প্ৰতিষ্ঠাতাৰ ভিতৰত অন্যতম ছালাজাৰ শ্লিদেৰিণৰ শেষ বংশধৰ। যাদুবিশ্বৰ মাগোল সকলক নাশ কৰি ভ’লডেমৰ্টক সৰ্বেসৰ্বা শাসনকৰ্তা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ গঠিত ডেথ্ ইটাৰ সকলৰ তেওঁ দলপতি।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • ভ'লডেমৰ্ট মোৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত।[১]
  • মই বস্তুবোৰ স্পৰ্শ নকৰাকৈয়ে লৰচৰ কৰিব পাৰো। মই জীৱ-জন্তুবোৰক প্ৰশিক্ষণ নিদিয়াকৈয়ে মই বিচৰা কামবোৰ কৰিবলৈ বাধ্য কৰাব পাৰো। মোক বিৰক্ত কৰা মানুহৰ লগত মই বেয়া ঘটনা ঘটাব পাৰো। মই ইচ্ছা কৰিলে সিহঁতক আঘাত দিব পাৰো।[২]
  • মই তোমাক মাৰিবলৈ গৈ আছো, হেৰী পটাৰ৷ মই তোমাক ধ্বংস কৰিবলৈ গৈ আছো৷ আজি ৰাতিৰ পিছত মোৰ ক্ষমতাক আৰু কেতিয়াও কোনেও প্ৰশ্ন নকৰে। আজি ৰাতিৰ পিছত যদি তেওঁলোকে তোমাৰ কথা কয়, তেন্তে তেওঁলোকে কেৱল ক’ব যে তুমি কেনেকৈ মৃত্যুৰ বাবে ভিক্ষা খুজিছিলা। আৰু মই কেনেকৈ এজন দয়ালু প্ৰভু হোৱাৰ বাবে... বাধ্য হৈছিলোঁ।[৩]
  • তুমি এজন মূৰ্খ, হেৰী পটাৰ, আৰু তুমি সকলো হেৰুৱাবা৷[৪]
  • ল'ৰাজনে আমাৰ গোপন কথা আৱিষ্কাৰ কৰিছে, নাগিনী। ই আমাক দুৰ্বল কৰি তুলিব। তাক বিচাৰিবলৈ আমি এতিয়াই আমাৰ সকলো বাহিনী মোতায়েন কৰিব লাগিব। আৰু তুমি, মোৰ বন্ধু, ওচৰত থাকিবই লাগিব।[৫]
  • যাদুকৰী তেজৰ প্ৰতিটো টোপাল এটা ভয়ংকৰ অপচয়।[৫]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. Harry Potter And The Chamber Of Secrets
  2. Harry Potter And The Half-Blood Prince
  3. Harry Potter And The Goblet Of Fire
  4. Harry Potter And The Order Of The Phoenix
  5. ৫.০ ৫.১ Harry Potter And The Deathly Hallows: Part 2