সমললৈ যাওক

যতীন বৰা

ৱিকিউদ্ধৃতিৰ পৰা

যতীন বৰা হৈছে অসমৰ এগৰাকী চলচ্চিত্ৰ আৰু মঞ্চ অভিনেতা আৰু চলচ্চিত্ৰ পৰিচালক। যতীন বৰাই অভিনয় জীৱনৰ পাতনি মেলে ১৯৮৯ চনত আব্দুল মজিদ পৰিচালিত ছবি "উত্তৰকাল"ৰ যোগেদি। ১৯৯৫ চনত তেওঁ প্ৰদীপ গগৈ পৰিচালিত "আই কিল্‌ড হিম, ছাৰ" নামৰ ছবিখনত এটি মুখ্য চৰিত্ৰত অভিনয় কৰে। ২০০০ চনত মুক্তি পোৱা মুনিন বৰুৱা পৰিচালিত "হিয়া দিয়া নিয়া"ত কৰা অভিনয়েৰে তেওঁ অসমৰ দৰ্শকৰ মাজত এক সুকীয়া আসন দখল কৰে। যতীন বৰাই ৰূপালী পৰ্দাৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চতো অভিনয় কৰে। যতীন বৰা অভিনীত, সঞ্জীৱ সভাপণ্ডিত পৰিচালিত ছবি "জুয়ে পোৰা সোন"-এ ২০০৪ চনত আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত বাছনি পায়। যতীন বৰাই ২০০৬ চনত "অধিনায়ক" নামৰ এখন ছবি পৰিচালনাও কৰে। তেওঁ ১৯৯৭ চনত ড॰ ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত কালসন্ধ্যা নামৰ হিন্দী ছবিখনত অভিনয় কৰে।[১]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. সপ্তমমান শ্ৰেণীত পঢ়ি থকা অৱস্থাৰ পৰাই মই অভিনয় কৰিবলৈ লৈছোঁ।[২]
  2. অসমৰ ভ্ৰাম্যমান নাট্যদল অধিক প্ৰফেশ্যনেল হোৱা উচিত।[২]
  3. ভ্ৰাম্যমান দলসমূহৰ সফলতা বহু পৰিমাণে নিৰ্ভৰ কৰে নাট্যকাৰৰ ভাল নাটকত।[২]
  4. অসমৰ আগশাৰীৰ সকলো নাটকেই মোৰ ভাল লাগে যদিও মুনিন বৰুৱাৰ নাটকে মোক অধিক আকৰ্ষিত কৰে।[২]
  5. গুলি-বাৰুদৰ ধোঁৱাই সমস্যা জটিল কৰে, আলোচনাৰ জৰিয়তেহে সমাধান ওলায়।[২]
  6. যিয়ে অভিনয় জগতত অভিনয় কৰিব খোজে তেওঁলোকৰ কামৰ প্ৰতি সততা, একাগ্ৰতা আদি থাকিব লাগিব। সততা আৰু নিষ্ঠাৰে কাম কৰিব লাগিব।[২]

লগতে চাওক[সম্পাদনা কৰক | উৎস সম্পাদনা]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. যতীন বৰাৰ অফিছিয়েল ৱেবছাইট. আহৰণ কৰা হৈছে: নবেম্বৰ ৯, ২০১১.
  2. ২.০ ২.১ ২.২ ২.৩ ২.৪ ২.৫ ক্ষিতিশ কলিতা. "বিশিষ্ট শিল্পী যতীন বৰা". বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ আলোচনী: ৬৭.