সমললৈ যাওক

প্ৰাঞ্জল শইকীয়া

ৱিকিউদ্ধৃতিৰ পৰা

প্ৰাঞ্জল শইকীয়া অসমৰ এজন চলচ্চিত্ৰ আৰু মঞ্চ অভিনেতা।[১] তেখেতে ইয়াৰ উপৰি এজন প্ৰযোজক আৰু চলচ্চিত্ৰ পৰিচালকো। তেখেতে বৰ্তমানলৈ প্ৰায় ৩০খন অসমীয়া চলচ্চিত্ৰ আৰু বহুকেইখন নাটকত অভিনয় কৰিছে[২]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. মই ইণ্ডোনেছিয়া বা ৰাছিয়াৰ বিভিন্ন পৰিচালকৰ লগত চিনাকি হৈছোঁ। তেওঁলোকৰ পৰা বহু কথা শিকিছোঁ। মই তাত প্ৰকৃততে চকু খুলি কথাছবি জগতখন চাবলৈ পাইছোঁ।[১]
  2. কলা সুলভ বুলি ক'লে তাত আধুনিকতাৰ প্ৰশ্ন নাহে। কলা সুলভ হ'লে সেই ছবিখন নিজা ঐতিহ্য বা ধাৰাৰে গঢ়িব লাগিব।[১]
  3. আচলতে ক'বলৈ হ'লে মানুহে বাস্তৱ জীৱনক কথাছবিত চাবলৈ ভাল নাপায়। মাৰপিট, উখল-মাখল,dance আদিহে ভাল পায়।[১]
  4. ছবি এখনৰ উদ্দেশ্য কিবা এটা শিকোৱাহে হ'ব লাগে।[১]
  5. কথা হ'ল কি মানদণ্ডৰ বিচাৰেৰে গ'লে এটা জাতিৰ মানদণ্ড, সেই জাতিটোৰ ভাষা, আচাৰ-ব্যৱহাৰ, কথা-বতৰা, খেল-ধেমালি, খোৱা-বোৱা এই সকলোতে মানদণ্ডটোৰ পৰিচয়, তাৰ মানে পৰিচায়ক হ'ব লাগে। আগতেতো আমাৰ বহুত কিবা-কিবি আছিল গৌৰৱ কৰাৰ থল, কিন্তু এতিয়া আমাৰ নাই। [১]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ৰঘুদেৱ দাস, কুলেন তালুকদাৰ (১৯৮৭-৮৮). "অভিনেতা প্ৰাঞ্জল শইকীয়াৰ সৈতে সাক্ষাৎকাৰ". বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ আলোচনী : ৬১-৬৪. 
  2. Pranjal Saikia. প্ৰকাশক: Axom Artists (৩০ মে' ২০১২). আহৰণ কৰা হৈছে: ২১ জানুৱাৰী, ২০১৩.