মাধৱদেৱ
অৱয়ব
মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ (ইংৰাজী: Madhavdev; ১৪৮৯-১৫৯৬) অসমৰ মহাপুৰুষীয়া ধৰ্ম বা এক শৰণ নাম ধৰ্ম প্ৰৱৰ্তনৰ এজন মূল হোতা আছিল। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰধান শিষ্য আছিল। তেওঁৰ গুৰু ভক্তিৰ বাবে তেওঁক বিশেষ ভাৱে জনা যায় আৰু তেওঁক শংকৰদেৱৰ প্ৰকৃত উত্তৰাধিকাৰী হিচাপে গণ্য কৰা হয়। মাধৱদেৱ বৈৰাগী আছিল কিন্তু জীৱন বিমুখী নাছিল। জীৱনৰ প্ৰতি তেওঁৰ আছিল আস্থা আৰু গোটেই জীৱনটো গভীৰ জ্ঞানান্বেষণেৰে উপভোগ কৰিব বিচাৰিছিল। মাধৱদেৱে বিষয়-বাসনাৰ প্ৰতি উৎসাহ নেদেখুৱাইছিল যদিও নিজৰ প্ৰতিজন শিষ্যকে খেতি-বাতি বা ব্যৱসায়-বাণিজ্যৰে স্বাৱলম্বী হ’বলৈ কৈছিল। পাছলৈ নিজেও কোচ ৰজাৰ অনুগ্ৰহত থাকি সাহিত্য আৰু ধৰ্ম চৰ্চা কৰিছিল। নামঘোষা আৰু ভক্তিৰত্নাৱলী মাধৱদেৱৰ অনুপম সৃষ্টি৷
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- অধমে কেৱল দোষ লৱয় মধ্যম গুণ
দোষ লৱে কৰিয়া বিচাৰ৷
উত্তমে কেৱল গুণ লৱয় উত্তমোত্তমে
অল্প গুণ কৰিয়া বিস্তাৰ॥[১] - বৈকুণ্ঠ প্ৰকাশে হৰিনাম-ৰসে
প্ৰেম-অমৃতৰ নদী।
শ্ৰীমন্ত শঙ্কৰে পাৰ ভাঙি দিলা
বহে ব্ৰহ্মাণ্ডক ভেদি॥[২] - গড় বান্ধি যুঁজিলে ৰথী, বিনা গড়ে যুঁজিলে মহাৰথী।[৩]
- ভক্তিৰ বিষম সন্ধি ওভোতা খোজ ভালুৰ দৰে৷[৩]
- পাণচূণ শাকপাত দিএনিয়াকৈ দুজনে দুজনে সঙ্গপ্ৰীতি হোৱাহক৷[৩]
- তোমাক মই ভাণ্ডো তুমি মোক ভাণ্ডা এ,
চৈধ্যয় সাক্ষীক ভাণ্ডিবা কোন উপায়৷[৪] - যিটো মহামতি গুৰুজনে
হৰিভক্তি পন্থ উপদেশ
দিয়া দুঃখময় সংসাৰৰ পাৰ কৰে৷
হেনয় পৰম গুৰুঋণ
সুজিবাক প্ৰতি জানা নিষ্ঠ
অন্যত্ৰ উপায় নাহি অঞ্জলিত পৰে৷[৫] - আপুনি আপুন বন্ধু
আপুনি আপুন শত্ৰু
আপুনি আপুন ৰাখে মাৰে।(নামঘোষা ২৬নং ঘোষা)[৬]
মন্তব্য
[সম্পাদনা কৰক | উৎস সম্পাদনা]- বঢ়াৰ পো মাধৱ আৰু মই অভিন্ন। মোৰ বল-বীৰ্য, শক্তি-ভক্তি আৰু পৰাক্ৰম তেওঁক অৰ্পণ কৰি আহিছোঁ। এতেকে মাধৱকে মই বুলি ভাবি তেওঁৰ পৰা ধৰ্মৰ পৰম ধন লাভ কৰিবা। (পুত্ৰ ৰামানন্দক উদ্দেশ্যি শংকৰদেৱ)[৭]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ নামঘোষা, ১২০ নং ঘোষা
- ↑ তত্ত্ব-কথা, লক্ষ্মীনাথ বেজবৰুৱা, প্ৰকাশক: বনলতা
- ↑ ৩.০ ৩.১ ৩.২ কথা গুৰু চৰিত
- ↑ নামঘোষা৷ ৭১৯ নং ঘোষা
- ↑ নামঘোষা ৬৮২ নং ঘোষা
- ↑ দাস, ড° ফণীভূষণ (আগষ্ট ২০১০). "শংকৰী নীতি-দৰ্শন". গৰীয়সী সপ্তদশ বছৰ (একাদশ সংখ্যা): ১৫.
- ↑ বৰা, লক্ষ্মীনন্দন (আগষ্ট ২০১০). "মাধৱদেৱৰ মৌলিকত্ব". গৰীয়সী সপ্তদশ বছৰ (একাদশ সংখ্যা): ১১২, ১৫.
