নামঘোষা

ৱিকিউদ্ধৃতিৰ পৰা

নামঘোষা হৈছে মাধৱদেৱৰ দ্বাৰা ৰচিত, অসমীয়া বৈষ্ণৱ সমাজৰ নামঘৰৰ থাপনাত স্থাপন কৰা চাৰিখন প্ৰধান ধৰ্মপুথিৰ ভিতৰত অন্যতম।[১] অন্য তিনিখন পুথি হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত কীৰ্তন, দশম আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত ভক্তি ৰত্নাৱলী[১] নামঘোষা প্ৰায় ১৫৬৮ − ১৫৯৬ চনত ৰচনা কৰা হৈছিল।[২]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. মুক্তিত নিস্পৃহা যিতো, সেহি ভকতক নমো,
    ৰসময়ী মাগোঁহোঁ ভকতি।
    সমস্ত মস্তকমণি, নিজ ভকতৰ বশ্য,
    ভজোঁ হেন দেৱ যদুপতি॥[৩] (পৃঃ১)
  2. হৰি নাম ৰসে, বৈকুণ্ঠ প্ৰকাশে,
    প্ৰেম অমৃতৰ নদী।
    শ্ৰীমন্ত শঙ্কৰে, পাৰ ভাঙ্গি দিলা,
    বহে ব্ৰহ্মাণ্ডক ভেদি॥[৩] (পৃঃ৩৭)
  3. সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ,
    দ্বাপৰ যুগত পূজা।
    কলিত হৰিৰ, কীৰ্ত্তন বিনাই,
    আৱৰ নাহিকে দুজা॥[৩] (পৃঃ৩৯)
  4. প্ৰকৃতি পুৰুষ দুইৰো নিযন্তা মাধৱ।
    সমস্তৰে আত্মা হৰি পৰম বান্ধৱ॥[৩] (পৃঃ৪১)
  5. গাৰো ভোট যৱনে হৰিৰ নাম লয়।
    হেনয় হৰিৰ নাম সজ্জনে নিন্দয॥
    হৰি নামে কৰে অন্ত্য জাতিকো মুকুত।
    সজ্জনে নামক নিন্দ কিনে অদভুত॥[৩] (পৃঃ৪৫)
  6. নৰ তনু পায়া হৰি নভজে যি নৰে।
    সংসাৰৰ অনন্ত যোনিত ভ্ৰমি মৰে॥[৩] (পৃঃ৪৫)
  7. অধমে কেৱল দোষ লৱয় মধ্যম গুণ
    দোষ লৱে কৰিয়া বিচাৰ৷
    উত্তমে কেৱল গুণ লৱয় উত্তমোত্তমে
    অল্প গুণ কৰিয়া বিস্তাৰ॥[৪]
  8. নজানে শাস্ত্ৰৰ নয়
    যেহি আসে তাকে কয়,
    ছেদিবাক নপাৰে সংশয়৷
    গুৰু বোলাই তথাপিতো,
    ফুৰয় লোকৰ মাজে,
    মান্য সতকাৰ খুজি লয়৷[৫]
  9. কৃষ্ হেন শব্দ ইতো, পৃথিবী বাচক ভৈল,
    ণ আনন্দত প্ৰবৰ্ত্তয়।
    দুই এক পদ ভৈলে, পৰমব্ৰহ্ম ৰূপ ‘কৃষ্ণ,
    নাম আনন্দক মাত্ৰ কয়। (পদ সংখ্যা ১৪০)
  10. গোবিন্দৰ প্ৰেম, অমৃতৰ নদী,
    বহে বৈকুণ্ঠেৰ পৰা।
    চাৰি পুৰুষাৰ্থ, তাহাৰ নিঝৰা,
    হৰি নামে মূল ধৰা। ২১৮।
  11. হৰি ভক্তি দান, দিয়া জগতক,
    তাৰিলা সংসাৰ সিন্ধু।
    হেনয় কৃপালু, শঙ্কৰ বিনাই,
    নাহি নাহি আৰ বন্ধু॥ ২১৯
  12. হৰি ভকতিৰ পাতিলন্ত হাট,
    শঙ্কৰে জগত জুৰি।
    ৰাম নাম ৰত্ন, বেহায়া জগতে,
    চলয় বৈকুণ্ঠপুৰী। ২২০।
  13. শ্ৰীমন্ত শঙ্কৰ, হৰি ভকতৰ,
    জানা যেন কল্পতৰু।
    তাহান্ত বিনাই, নাই নাই নাই,
    আমাৰ পৰম গুৰু। ২২১।
  14. সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ,
    দ্বাপৰ যুগত পূজা।
    কলিত হৰিৰ, কীৰ্ত্তন বিনাই,
    আৱৰ নাহিকে দুজা। ২৪৫।
  15. নমো নমো নাৰায়ণ, প্ৰসন্ন হুয়োক হৰি
    কৰিয়োক মায়াক নিৰ্য্যাণ।
    আপুনাৰ মহিমাক, আপুনি বেকত কৰি
    জীৱক কৰিয়ো পৰিত্ৰাণ॥ ৭২
  16. মোকে মাত্ৰ সদা দিয়া মন
    মোৰ ভক্ত হোৱা সৰ্বক্ষণ
    মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ৷
    কহিলোঁ তোমাত তত্ত্ববাণী
    পাইবা সুখে মোক মহামানী
    তুমি প্ৰিয়তম সুহৃদ সখী আমাৰ৷৷ ৬৬১ নং ঘোষা[৬]

গুৰুৰ আদেশ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. শুনিয়ো মাধৱ মোৰ থাকিবাৰ স্থান৷
    দশম কীৰ্ত্তন মোৰ মূৰ্তিৰ সমান৷
    ঘোষা নামে এক শাস্ত্ৰ তুমিও লিখিবা৷
    ঘোষা ৰত্নাৱলী মাজে তুমিও থাকিবা৷[৭]
  2. বঢ়াৰপো, এখনি পুথি ৰচনা কৰিবা বগৰীটোৰ দৰে- বাহিৰে কোমল, ভিতৰে টান৷[৭]

নামঘোষা সম্পৰ্কে মতামত[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. নামঘোষাত প্ৰধানতঃ তিনিটা ভাৱৰ ধাৰা মিহলি হৈ বিশাল আনন্দসাগৰৰ ফালে প্ৰবহমান হৈছে,- পূণ্যশ্লোক শংকৰস্মৃতি, মাধবদেৱৰ আত্মলঘিমা আৰু কৃষ্ণভক্তি মাহাত্ম্য৷ কিন্তু হিমালয়ৰ নিভৃত শৃঙ্গৰ স্তুপীকৃত হৈ থকা অনন্ত তুহিনৰাশিয়েই গলি গৈ ভৈয়ামত নানা নদ-নদী স্বৰূপ হোৱাৰ দৰে এই তিনিও ধাৰাৰেই মূল কাৰণ হৈছে মাধবদেৱৰ ৰসময়ী ভক্তিৰ গম্ভীৰ আৱেগ৷ (ড° বাণীকান্ত কাকতি)[৮]
  2. নামঘোষা বিশ্বৰেই এক উল্লেখযোগ্য সাহিত্যকৃতি৷ মাধৱদেৱে জীৱনত অৰ্জিত সমস্ত জ্ঞান, দৰ্শন, আধ্যাত্মিকতা শেষ বয়সৰ এই ঐতিহাসিক সৃষ্টিত সন্নিৱিষ্ট কৰিছিল৷ মুক্তিত নিষ্পৃহ যিটো... বুলি শংকৰদেৱেই শিষ্য মাধৱদেৱক নামঘোষাৰ পাতনি মেলি দিছিল৷ আশ্চৰ্যৰ কথা, মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱৰ অধিকাংশ উল্লেখযোগ্য সৃষ্টি বৰপেটাত বাহৰ পাতি থকাৰ সময়তে৷ (মনোজ কুমাৰ গোস্বামী)[৯]

উত্‍স[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ The Bhakti Ratnavali of Madhavadeva. প্ৰকাশক: ATributeToSankaradeva. আহৰণ কৰা হৈছে: 14 October 2019.
  2. Nām Ghosā - the Book of the Names Divine. প্ৰকাশক: A tribute to Sankaradeva. আহৰণ কৰা হৈছে: 2013-05-29.
  3. ৩.০ ৩.১ ৩.২ ৩.৩ ৩.৪ ৩.৫ মাধৱদেৱ (সন ১২৯৬ সাল)। নামঘোষা। শ্ৰীযুক্ত কালীৰাম শৰ্ম্মা বৰুৱা, পৃষ্ঠা:১,৩৭,৩৯,৪১,৪৫। আহৰণ কৰা হৈছে: 8 January 2022।
  4. কীৰ্ত্তন আৰু নামঘোষা, শ্ৰী শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰী শ্ৰীমাধবদেৱ বিৰচিত, প্ৰকাশক: শ্ৰী জ্যোতিন্দ্ৰ নাৰায়ণ দত্তবৰুৱা, পৃ: নং,২৯, ১২০ নং ঘোষা
  5. কীৰ্ত্তন আৰু নামঘোষা, শ্ৰী শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰী শ্ৰীমাধবদেৱ বিৰচিত, প্ৰকাশক: শ্ৰী জ্যোতিন্দ্ৰ নাৰায়ণ দত্তবৰুৱা, পৃ: নং,১৫, ৫৫ নং ঘোষা
  6. (১৯৫০ (প্ৰথম প্ৰকাশ) ২০০০ (২২নং প্ৰকাশ)) কীৰ্ত্তন আৰু নামঘোষা। দত্তবৰুৱা পাব্লিছিং কোম্পানী প্ৰা:লি:।
  7. ৭.০ ৭.১ গোস্বামী, নাৰায়ণ চন্দ্ৰ (২০১৬)। কীৰ্তন ঘোষা আৰু নামঘোষাৰ ভাৱাৰ্থ সমীক্ষা। বনলতা, পৃষ্ঠা:২২৯।
  8. তিনিগুণৰ বিষয়ে দুষাৰ, ভানুমতী কাকতি, নিৰ্মালি,শ্ৰীমন্ত শংকৰদেৱৰ ৫৬৮ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ স্মৰণিকা, বৰপেটা ৰোড, ২০১৬
  9. নামঘোষা. আহৰণ কৰা হৈছে: 26 ফেব্ৰুৱাৰী 2024.

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: