শদিয়া
অৱয়ব
শদিয়া (ইংৰাজী: Sadiya) হ'ল উত্তৰ-পূৱ ভাৰতৰ অন্তৰ্গত অসম ৰাজ্যৰ এখন সৰু নগৰ। ই তিনিচুকীয়া জিলাত অৱস্থিত। লোহিত নদীৰ পাৰত থকা এই চহৰখনৰ প্ৰায় চাৰিওকাষ হিমালয় পৰ্বতে আগুৰি আছে। শদিয়াক শতফুলৰ দেশ বুলিও জনাজাত।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]শদিয়ালৈ নাযাবা,
সত্ফুল নাখাবা,
কেঁচাপাতত নাবান্ধিবা লোণ,
ওপজিয়ে লৰ মাৰে কোন? (জেঠি পোৱালি)
- কোনে আনি দিব লোণে আমলখি
কোনে আনি দিব জৰা,
কোনে আনি দিব ধনৰে বাতৰি
শদিয়া ৰণৰে পৰা।
বাৰীৰে ঢাপতে গছে আমলখি
আনি দিম মহঙৰ লোণ
শদিয়া ৰণলৈ চিন্তিব নালাগে
তোমাকনো বুলি যাওঁ সোণ৷ - পৰ্বত সুগৰী কান্দিলে লাহৰি
হৰিণা কান্দিলে বনত।
তোক নেদেখি, থাকিব নোৱাৰোঁ
মৰি যাওঁ শদিয়া ৰণত। - কোৱাই কা নকৰা ঝিলি ঝাঁ নকৰা
শদিয়া পাৰৰে আলি।
কেঁচাই খাওঁ কেঁচাই খাওঁ নকৰা বহনা
নহওঁ মই তিয়ঁহৰ জালি।
- অন্যান্য
- মা আমি শদিয়ালৈ যামেই,
মা আমি শতফুল খামেই- কেশৱ মহন্তৰ গীতৰ শাৰী
- শদিয়াৰ ১৫ মাইল আঁতৰত পূবে ব্ৰহ্মপুত্ৰ নৈৰ পাৰত চুনপোৰা নামে এখন বিতোপন মুকলি ঠাই আৰু সেই ঠাইতে সেই কালত শদিয়াৰ শাসনকৰ্তা আহোম ৰজাৰ প্ৰতিনিধি “শদিয়া খোৱা” গোঁহাই আছিল।[১]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ৰজনীকান্ত বৰদলৈ (১৯২৬)। তাম্ৰেশ্বৰীৰ মন্দিৰ। সাহিত্য-প্ৰকাশ।