মহেন্দ্ৰ মোহন চৌধুৰী

ৱিকিউদ্ধৃতিৰ পৰা

মহেন্দ্ৰ মোহন চৌধুৰী (ইংৰাজী: Mahendra Mohan Choudhury) অসমৰ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী। জন্ম ১৯০৯ চনত অসমৰ বৰ্তমান বৰপেটা জিলাৰ অৰ্ন্তগত নগাঁও নামৰ গাঁৱত। এল এল বি পাচ কৰি তেওঁ মহাত্মা গান্ধীৰ আহ্বানত ভাৰত ত্যাগ আন্দোলনৰ আগৰণুৱা হৈ পৰে। গোপীনাথ বৰদলৈৰ নেতৃত্বত অসমক গ্ৰুপিঙৰ পৰা ৰক্ষা কৰিবলৈ ১৯৪৬ চনৰ ১৫ ডিচেম্বৰত মহাত্মা গান্ধীক শ্ৰীৰামপুৰত লগ কৰি অসমক পূব পাকিস্তানৰ অঙ্গ নোহোৱাৰ বাবে যোৱা অসমৰ দুজনীয়া দলটোৰ এজন আছিল মহেন্দ্ৰ মোহন চৌধুৰী।[১]

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. সাহিত্যৰ অন্যতম উদ্দেশ্য হ’ল দেশৰ মানুহৰ মাজত সৃষ্টি হোৱা অনৈক্যৰ বীজাণুসমূহ ধ্বংস কৰি জাতিটোক ঐক্যবদ্ধ আৰু শক্তিশালী কৰি গঢ়ি তোলা৷

তথ্য সংগ্ৰহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. Strangers of the mist:tales of war and peace from India's northeast:by Sanjoy Hazarika ISBN 0140240527 (0-14-024052-7)Penguin Group

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]