সমললৈ যাওক

গোপীনাথ বৰদলৈ

ৱিকিউদ্ধৃতিৰ পৰা

গোপীনাথ বৰদলৈ (৬ জুন ১৮৯০–৫ আগষ্ট ১৯৫০) আছিল স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী। ৰাজনীতিৰ ক্ষেত্ৰত তেখেত মহাত্মা গান্ধীৰ অহিংসা নীতিৰ সমৰ্থক আছিল। অসম আৰু অসমীয়াৰ প্ৰতি তেখেতৰ অৱদানৰ বাবে তেতিয়াৰ অসমৰ ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে তেখেতক লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰিছিল।

  1. প্ৰায় ৪ বজালৈ টোপনি নাহিল৷ ভাবিব ধৰিলো মহাত্মা পৰলোকলৈ যোৱাৰ পাছত মোৰ কৰ্তব্য কি? তেওঁৰ কাম কৰা? ... তেতিয়াহ'লে মই মন্ত্ৰী পদত থাকি সেই কাম সমাধা কৰিব পাৰিমনে? প্ৰাণত ইচ্ছা হ'ল যেন গাঁৱলৈ গৈ থাকোঁগৈ আৰু তাত জীৱনৰ বাকী দিনকিটা গান্ধীজী জগতৰ কাৰণে কি বস্তু তাক প্ৰচাৰ কৰোঁ৷ ... গান্ধীজীয়ে এখন অহিংস ৰাজ্য স্থাপন কৰিব বিচাৰিছিল৷ সেই কাৰণে আমাৰ জীৱনৰ মূল উদ্দেশ্য হোৱা উচিত সেই ৰাজ্য স্থাপন কৰা৷ কেনেকৈ তাক কৰোঁ ভাবি ভাবি টোপনিত পৰিলোঁ৷ []
  2. মোৰ মনলৈ আহিবলৈ ধৰিলে যে আমি হয়তো দেশখন ৰক্ষা কৰিব নোৱাৰিলোঁ। বিদেশী শাসন আৰু মুছলীম লীগে মিলি আমাক গ্ৰাস কৰিলে আৰু অসমীয়া জাতিক নাশ কৰিলোঁ আমি। এই ভাব মোৰ মনত (ইমানকৈ) প্ৰবল হ'বলৈ ধৰিলে যে ৰাতি সাৰ পাই উঠিলো আৰু টোপনি নোহোৱা হ'ল। দিনটো কেৱল দেশখন কেনেকৈ এই অৱস্থাৰ পৰা ৰক্ষা কৰা যায় তাকেই ভাবিব ধৰিলো।... বহু সময়ত এনে ভাবো আহিছিল যে মোৰ যেন আকস্মিক কাৰণে মৃত্যু হ'লেও যেন মই ৰক্ষা পৰো।...[]
  3. অকল পঢ়া-শুনা কৰিয়েই যেন ভাল লগা নাই, অলপ কিবা লিখিবৰ মন গৈছে । সম্প্ৰতি মনলৈ এই দুই কথা আহিছে। (১) ইংৰাজীত গান্ধীবাদ সম্বন্ধে লিখিবলৈ (২) কিছুমান জীৱন-চৰিত লিখা যেনে শ্ৰীকৃষ্ণ, ৰামচন্দ্ৰ, বুদ্ধ, খ্ৰীষ্ট, মহম্মদ, মহাত্মা গান্ধী এইকেইখন অসমীয়াত মোৰ ল'ৰালৈ চিঠি লিখাৰ দৰে লিখিম। (৩) ইংৰাজীত অসমৰ সমস্যাসমূহ সম্বন্ধে লিখি ভাৰতৰ নেতাসকলক জনোৱা।[]
  4. এই যোৱা বছৰতনো মই দেশৰ ভালৰ কাৰণে বা মানুহ জাতিৰ কাৰণে কি দান দিব পৰিলোঁ ? এইটো সঁচা যে মই নিজৰ কাৰণে কম চিন্তা কৰিছোঁ, উপাৰ্জনৰ পথ এৰি দিছোঁ আৰু ৰাজহুৱা কামত সম্পূৰ্ণ মন দিছোঁ। একেলগে এসপ্তাহো মই শৰীৰক জিৰণি দিয়া নাই ; তথাপিনো বাৰু কি কাম হ'ল? দেখাত অৱশ্যে কাৰ্যকৰী বিদ্যাৰ স্কুল এখন স্থাপন কৰাটো, কৰিব পৰাটো লেখত ল'ব লগা কামেই। তদুপৰি মাদকতা নিবাৰণ আৰু নিৰক্ষৰতা দূৰীকৰণৰ বাবে কৰাখিনি কামো একেবাৰে দলিয়াই পেলোৱা বিধৰ হোৱা নাই, যদিও গৱৰ্ণমেণ্টৰ নীতি পৰিচালনাৰ দোষত উপযুক্ত ৰকমে আগবাঢ়িব পৰা নাই।[]
  5. মহাত্মাজী মহাত্মাই । নতুবা শত্ৰুপক্ষকো বন্ধৰ দিনত আমনি নকৰিবলৈ নিৰ্দেশ দিব পাৰেনে ?[]
  6. আগৰ দৰে ভেলাঘৰত ল'ৰা-ছোৱালীকেইটাক পোলাও খাবলৈ জেগাৰ কৰি দিব পাৰিছেনে চাগৈ । মই এৰাৰ দৰে সিহঁতে মাংস কিয় এৰিব? কিন্তু টকা-পইছাৰ অভাৱত কিনিব নোৱাৰিবৰো কথা। ঈশ্বৰৰ যেনে ইচ্ছা তেনেই হওক, মোক যেন ঈশ্বৰে সহ্য শক্তি দিয়ে।[]
  7. আজি আলোচনা প্ৰসঙ্গত বুজি পালোঁ আমাৰ বহুতৰে বিভিন্ন দেশৰ বিভিন্ন আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত বিভিন্ন শাসন-পদ্ধতিৰ বিষয়ে বহুতেই অজ্ঞ। ইবিলকেনো গণ-পৰিষদত বহি কেনেকৈ আমাৰ দেশৰ ভাগ্য নিয়ন্ত্ৰণ কৰিব? আমি ইমান দুখীয়া?[]
  8. মই এজন কল্পনাপ্ৰৱণ ব্যক্তি; মোৰ হিয়াই সততে বিচাৰে কিবা গঢ়িবলৈ, কিবা নিৰ্মাণ কৰিবলৈ। সেয়ে যেতিয়া১৯৪৬ চনৰ আৰম্ভণিতে ক্ষমতা আমালৈ আহিল, মই কল্পনা কৰিলোঁ বিকেন্দ্ৰীকৃত গাঁওবোৰকে ধৰি এক শাসন ব্যৱস্থাৰ... বিশ্বাস ৰাখিলোঁ সমন্বয়ৰ ভিত্তিত গঢ়া এখন সমাজৰ- গান্ধীজীয়ে এনেবোৰ পৰীক্ষা সেৱাগ্ৰামত কৰিছিল। আমি মনস্থ কৰিলোঁ আমিয়েই যেন প্ৰথম প্ৰদেশ হওঁ এই পৰীক্ষা আগবঢ়াই নিয়াত।[]
  9. স্বাধীন অসম দৰাচলতে স্বাধীন হৈ থাকিব পাৰে যদিহে আমি গাঁওবোৰৰ উন্নতি সাধনত লাগোঁ, কাৰণ সেইবোৰেই হ’ল প্ৰশাসনৰ গুৰি।..... গাঁওবাসী প্ৰদেশখনৰ গুৰি, আৰু তাতেই আমাৰ যত্ন সমৰ্পিত হ’ব লাগিব।[]

গোপীনাথ বৰদলৈ-সম্পৰ্কীয় উদ্ধৃতি

[সম্পাদনা কৰক | উৎস সম্পাদনা]

ড০ নীৰোদ কুমাৰ বৰুৱা

[সম্পাদনা কৰক | উৎস সম্পাদনা]
  1. গোপীনাথ বৰদলৈ সংৰক্ষণশীল নাছিল; তেওঁ আছিল উদাৰ পন্থী৷ এই পন্থা কোনো ৰাজনৈতিক বা অৰ্থনৈতিক মতবাদে যুগুতোৱা পন্থা নহয়; ইয়াৰ উৎস তেওঁৰ উদাৰ মানসিকতাত৷ তেওঁৰ সততাই, তেওঁৰ নৈতিকতাই, তেওঁৰ উচ্চ ধাৰ্মিকতাই, তেওঁৰ গণতান্ত্ৰিক মনে আৰু সমাজ পৰিৱৰ্তনৰ হকে কৰা চিন্তাই তেওঁক সংৰক্ষণশীল কৰিব কেনেকৈ? []
  2. ভাৰতীয়ৰ মাজত হিন্দু-মুছলমান আদি সাংগঠনিক ধৰ্মৰ ভিত্তিত হোৱা ভেদা-ভেদ তেওঁ নামানিছিল৷ সমাজ পৰিৱৰ্তনৰ তাড়নাত তেওঁ অৱশ্যেই সংখ্যালঘু আৰু অনুন্নত সম্প্ৰদায়ৰ লোকৰ সমস্যাৰ প্ৰতি বিশেষ মনোযোগ দিছিল৷ []
  3. বৰদলৈৰ ৰাজনৈতিক জীৱন আৰম্ভ হৈছিল গান্ধী-আদৰ্শেৰে৷ ১৯২১ চনত গুৱাহাটী জিলা কংগ্ৰেছৰ সম্পাদক বৰদলৈয়ে গান্ধীজীৰ আহ্বানত ওকালতি বৰ্জন কৰিছিল আৰু অসমত স্বৰাজ আন্দোলনৰ অন্যতম কাৰ্যসূচী কানি নিবাৰণী অভিযানত যোগ দিছিল৷ []
  4. বন্দী অৱস্থাত থাকোঁতে বৰদলৈদেৱে যিবোৰ কিতাপ পঢ়িছিল সেই সকলোবোৰৰে সাৰ কথাকেইটা টোকাত তুলি গৈছিল৷ এই অভ্যাসৰ দ্বাৰা যে লব্ধ জ্ঞান আৰু দৃঢ়ভাৱে মনত স্থাপিত হয় তাত অলপো সন্দেহ নাই৷ []
  5. চল্লিছৰ দশকত ব্যক্তিগত সত্যাগ্ৰহী হৈ বন্দীশালত সোমাওঁতে গান্ধীভাষ্য গীতাৰ যোগেদি বৰদলৈয়ে পাইছিল অহিংসবাদৰ শিক্ষা আৰু সত্যাগ্ৰহী এজনৰ পথ৷ []
  6. জেইলত বৰদলৈদেৱে এখন কাৰ্যতালিকা কৰি লৈছিল, - কোন সময়ত আৰু কিমান সময়লৈ কি কাম কৰিব৷ তাৰ ভিতৰত নিচেই পুৱাতে ধৰ্মগ্ৰন্থ গীতা বা উপনিষদ পাঠ, তাৰ পিছত সূতা কটা, কিতাপ পঢ়া, কিতাপ লিখা, ৰাজনৈতিক বিষয় আলোচনা কৰা, খেলা কৰা (কেতিয়াবা ডবা খেলিছিল), বেডমিণ্টন বা ভলিবল খেলা কৰিছিলেই আৰু ঘাইকৈ কেতিয়াও সূতা কটা খতি নকৰিছিল৷ পাৰ্যমানে জেলত তেখেতে এইদৰেই দিনটোত ১০ ঘণ্টাৰ পৰা ১১ ঘণ্টালৈ কাম কৰিছিল৷ []
  7. বন্দীশালত সোমোৱাৰ অলপ দিন পিছৰ পৰাই বৰদলৈদেৱে মাছ-মাংস খাবলৈ এৰি সম্পূৰ্ণ নিৰামিষ আহাৰ কৰি চাবলৈ ইচ্ছা কৰিছিল৷ কিন্তু লগৰীয়া বন্ধুসকলে কেনেবাকৈ স্বাস্থ্য বেয়া হ'ব বুলি মানা কৰি আছিল আৰু তেখেতেও সেই কথা মানি আহিছিল৷ এতিয়া আন এজন লগৰীয়া পাই ২ জানুৱাৰী তাৰিখৰ পৰা সম্পূৰ্ণ নিৰামিষ আহাৰ কৰিবলৈ ল'লে ৷ পিছৰ ডায়েৰীৰ পৰা দেখা যায় যে তাৰ পৰা তেখেতৰ অলপ স্বাস্থ্য বেয়া হোৱা নাছিল৷ বৰং ইচ্ছা অনুযায়ী চলিব পাৰি ভালেই পাইছিল৷ এইবাৰৰ বন্দী-জীৱনত তেখেতে আকৌ মাছ-মাংস খোৱাৰ উল্লেখ পোৱা নাযায়৷ [১০]
  8. বৰদলৈৰ প্ৰতি ড০ গুহৰ ইমান বিতৃষ্ণা, ইমান খং, ইমান তিক্ততা যে বৰদলৈৰ ওপৰত দোষাৰোপ কৰিবলৈ তেওঁ তেওঁৰ তথ্যৰ শুদ্ধতাৰ প্ৰতি কাণ দিয়াৰ প্ৰয়োজন নেদেখে৷ সেই কাৰণেই বৰদলৈক হাঁহিবলৈ গৈ তেওঁ নিজেই সততে হাঁহিয়াতৰ পাত্ৰ হৈছে৷ তাৰে এটা উদাহৰণ হ'ল বৰদলৈয়ে কেন্দ্ৰীয় কংগ্ৰেছৰ আঁচনি ক্ৰমে ১৯৩৯ চনত মুখ্যমন্ত্ৰীত্ব ত্যাগ কৰিব খোজা নোখোজাৰ প্ৰসঙ্গটো৷ সাদ্উল্লাৰ গাত ভেজা দি বৰদলৈক অযথা ক্ষমতা-লোভী বুলি দেখুৱাবলৈ গৈ গুহৰ পৰিস্থিতি ইয়াত লজ্জাহীন হৈ উঠিছে৷ [১১]
  1. সম্পাদনা বৰুৱা, ড° নিৰোদ কুমাৰ (ডিচেম্বৰ ২০০১)। বৰদলৈ দিনলেখা,দ্বিতীয় খণ্ড। গুৱাহাটী। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:০.৫৬।
  2. বৰুৱা, ড° নিৰোদ কুমাৰ (ডিচেম্বৰ ২০০০)। বৰদলৈ দিনলেখা। গুৱাহাটী। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:০.১১।
  3. ৩.০ ৩.১ ৩.২ ৩.৩ ৩.৪ বৰুৱা, ড° নিৰোদ কুমাৰ (ডিচেম্বৰ ২০০০)। বৰদলৈ দিনলেখা। গুৱাহাটী। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:৩-৯।
  4. ৪.০ ৪.১ বৰুৱা, ড° নীৰোদ কুমাৰ (২০২১)। অসমীয়া জাতি গঠনত গোপীনাথ বৰদলৈ। দ্যা বুক নুক, নগাওঁ, পৃষ্ঠা:৬৮।
  5. ৫.০ ৫.১ সম্পাদনা : বৰুৱা, ড° নিৰোদ কুমাৰ (ডিচেম্বৰ ২০০১)। বৰদলৈ দিনলেখা-দ্বিতীয় খণ্ড। গুৱাহাটী। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:.৪৯।
  6. সম্পাদনা : বৰুৱা, ড° নিৰোদ কুমাৰ (ডিচেম্বৰ ২০০১)। বৰদলৈ দিনলেখা-দ্বিতীয় খণ্ড। গুৱাহাটী। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:.৫৬।
  7. বৰুৱা, ড° নিৰোদ কুমাৰ (ডিচেম্বৰ ২০০০)। বৰদলৈ দিনলেখা-প্ৰথম খণ্ড। গুৱাহাটী। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:৬।
  8. বৰুৱা, ড° নিৰোদ কুমাৰ (ডিচেম্বৰ ২০০০)। বৰদলৈ দিনলেখা-প্ৰথম খণ্ড। গুৱাহাটী। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:.১২।
  9. বৰুৱা, ড° নিৰোদ কুমাৰ (ডিচেম্বৰ ২০০০)। বৰদলৈ দিনলেখা-প্ৰথম খণ্ড। গুৱাহাটী। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:৩।
  10. বৰুৱা, ড° নিৰোদ কুমাৰ (ডিচেম্বৰ ২০০০)। বৰদলৈ দিনলেখা-প্ৰথম খণ্ড। গুৱাহাটী। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:৫।
  11. বৰুৱা, ড° নিৰোদ কুমাৰ (ডিচেম্বৰ ২০২২)। মোহিনী কলাৰ ছবি। নগাঁও। দ্য বুক্ নুক্, পৃষ্ঠা:৫৭।