গোপীনাথ বৰদলৈ
অৱয়ব
গোপীনাথ বৰদলৈ (৬ জুন ১৮৯০–৫ আগষ্ট ১৯৫০) আছিল স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী। ৰাজনীতিৰ ক্ষেত্ৰত তেখেত মহাত্মা গান্ধীৰ অহিংসা নীতিৰ সমৰ্থক আছিল। অসম আৰু অসমীয়াৰ প্ৰতি তেখেতৰ অৱদানৰ বাবে তেতিয়াৰ অসমৰ ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে তেখেতক লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰিছিল।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মোৰ মনলৈ আহিবলৈ ধৰিলে যে আমি হয়তো দেশখন ৰক্ষা কৰিব নোৱাৰিলোঁ। বিদেশী শাসন আৰু মুছলীম লীগে মিলি আমাক গ্ৰাস কৰিলে আৰু অসমীয়া জাতিক নাশ কৰিলোঁ আমি। এই ভাব মোৰ মনত (ইমানকৈ) প্ৰবল হ'বলৈ ধৰিলে যে ৰাতি সাৰ পাই উঠিলো আৰু টোপনি নোহোৱা হ'ল। দিনটো কেৱল দেশখন কেনেকৈ এই অৱস্থাৰ পৰা ৰক্ষা কৰা যায় তাকেই ভাবিব ধৰিলো।... বহু সময়ত এনে ভাবো আহিছিল যে মোৰ যেন আকস্মিক কাৰণে মৃত্যু হ'লেও যেন মই ৰক্ষা পৰো।...[১]
- অকল পঢ়া-শুনা কৰিয়েই যেন ভাল লগা নাই, অলপ কিবা লিখিবৰ মন গৈছে । সম্প্ৰতি মনলৈ এই দুই কথা আহিছে। (১) ইংৰাজীত গান্ধীবাদ সম্বন্ধে লিখিবলৈ (২) কিছুমান জীৱন-চৰিত লিখা যেনে শ্ৰীকৃষ্ণ, ৰামচন্দ্ৰ, বুদ্ধ, খ্ৰীষ্ট, মহম্মদ, মহাত্মা গান্ধী এইকেইখন অসমীয়াত মোৰ ল'ৰালৈ চিঠি লিখাৰ দৰে লিখিম। (৩) ইংৰাজীত অসমৰ সমস্যাসমূহ সম্বন্ধে লিখি ভাৰতৰ নেতাসকলক জনোৱা।[২]
- এই যোৱা বছৰতনো মই দেশৰ ভালৰ কাৰণে বা মানুহ জাতিৰ কাৰণে কি দান দিব পৰিলোঁ ? এইটো সঁচা যে মই নিজৰ কাৰণে কম চিন্তা কৰিছোঁ, উপাৰ্জনৰ পথ এৰি দিছোঁ আৰু ৰাজহুৱা কামত সম্পূৰ্ণ মন দিছোঁ। একেলগে এসপ্তাহো মই শৰীৰক জিৰণি দিয়া নাই ; তথাপিনো বাৰু কি কাম হ'ল? দেখাত অৱশ্যে কাৰ্যকৰী বিদ্যাৰ স্কুল এখন স্থাপন কৰাটো, কৰিব পৰাটো লেখত ল'ব লগা কামেই। তদুপৰি মাদকতা নিবাৰণ আৰু নিৰক্ষৰতা দূৰীকৰণৰ বাবে কৰাখিনি কামো একেবাৰে দলিয়াই পেলোৱা বিধৰ হোৱা নাই, যদিও গৱৰ্ণমেণ্টৰ নীতি পৰিচালনাৰ দোষত উপযুক্ত ৰকমে আগবাঢ়িব পৰা নাই।[২]
- মহাত্মাজী মহাত্মাই । নতুবা শত্ৰুপক্ষকো বন্ধৰ দিনত আমনি নকৰিবলৈ নিৰ্দেশ দিব পাৰেনে ?[২]
- আগৰ দৰে ভেলাঘৰত ল'ৰা-ছোৱালীকেইটাক পোলাও খাবলৈ জেগাৰ কৰি দিব পাৰিছেনে চাগৈ । মই এৰাৰ দৰে সিহঁতে মাংস কিয় এৰিব? কিন্তু টকা-পইছাৰ অভাৱত কিনিব নোৱাৰিবৰো কথা। ঈশ্বৰৰ যেনে ইচ্ছা তেনেই হওক, মোক যেন ঈশ্বৰে সহ্য শক্তি দিয়ে।[২]
- আজি আলোচনা প্ৰসঙ্গত বুজি পালোঁ আমাৰ বহুতৰে বিভিন্ন দেশৰ বিভিন্ন আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত বিভিন্ন শাসন-পদ্ধতিৰ বিষয়ে বহুতেই অজ্ঞ। ইবিলকেনো গণ-পৰিষদত বহি কেনেকৈ আমাৰ দেশৰ ভাগ্য নিয়ন্ত্ৰণ কৰিব? আমি ইমান দুখীয়া?[২]