সমললৈ যাওক

মনীষা হাজৰিকা

ৱিকিউদ্ধৃতিৰ পৰা

মনীষা হাজৰিকা হৈছে অসমৰ এগৰাকী কণ্ঠশিল্পী।[] কলিকতাৰ এটি সাংস্কৃতিক পৰিয়ালত জন্মগ্ৰহণ কৰা মনীষা হাজৰিকাই একাধিক অসমীয়া কথাছবিৰ লগতে বহুকেইটা একক আৰু দ্বৈত গীতত কণ্ঠ নিগৰাইছে৷ হেমন্ত দত্তই পৰিচালনা কৰা অসমীয়া কথাছবি উপপথত তেখেতে সংগীত পৰিচালনা কৰি অসমৰ প্ৰথমগৰাকী মহিলা সংগীত পৰিচালক হোৱাৰ সন্মান অৰ্জন কৰে। মনীষা হাজৰিকাই কিশোৰী অৱস্থাতেই ভূপেন হাজৰিকাৰ লগত জীৱনৰ প্ৰথমটো গীত বাণীবদ্ধ কৰাৰ সুযোগ লাভ কৰিছিল৷ তেখেত অসমৰে আন এজন বিশিষ্ট কণ্ঠশিল্পী-গায়ক জয়ন্ত হাজৰিকাৰ পত্নী৷ []

  1. জীৱনৰ প্ৰথম ৰেকৰ্ডিং গান মনত নাথাকিবনে? মই ভূপেনদাৰ লগত গাইছিলোঁ “ব্ৰহ্মপুত্ৰৰ দুটিপাৰ দলঙে লগ লগালে, চন্দ্ৰৰ বুকুলৈ মানুহ যাব ওলালে” আৰু মোৰ পাৰ্টটো আছিলে “আমি অকণি ওলামে দলে দলে ওলামে”। মই তেতিয়া বাৰ বছৰীয়া আছিলোঁ।[]
  2. প্ৰিয়ম্বদা বৌ মাৰ বন্ধু আছিল। সৰুৰেপৰা তেওঁলোকৰ অহা যোৱা আমাৰ ঘৰলৈ। অহা যোৱা কৰি থাকোঁতে ৬০/৬১ চন মানত জয়ন্ত হাজৰিকা ৰেকৰ্ড কৰিবলৈ আহিছিল কলিকতালৈ। তেতিয়া চিনাকি হৈছিলোঁ ভূপেনদাৰ ভায়েক বুলি। তেতিয়া তেওঁ মাজে মাজে ভূপেনদাক বিভিন্ন কামত, যেনে চিনেমাৰ কাম, ৰেকৰ্ডিং আদিত সহায় কৰিবলৈ গৈছিল। তেনেতে ১৯৬৪ চনত আৰম্ভ হয় লটিঘটি চিনেমা আৰু চিনেমাৰ লগতে আমাৰো লটিঘটি আৰম্ভ হয়। আমি খুব ঘৰুৱা পৰিবেশত শ্বুটিং কৰিছিলোঁ। যি নহওক শ্বুটিং শেষ হোৱাৰ পিছত জয়ন্ত হাজৰিকাই মোক প্ৰেমৰ প্ৰস্তাৱটো এনেকৈ দিছিলে যে মোৰ অলপ অদ্ভূতেই লাগিছিল। আচৰিত হৈছিলোঁ প্ৰস্তাবটো শুনি। কোনো ৰোমাঞ্চ নাই।তেওঁ ক’লে যে তোমাক মোৰ ভাল লাগিছে। পাঁচ বছৰৰ পিছত বিয়া কৰাম আৰু ইয়াৰ মাজত যদি আন কোনোবা তোমাৰ জীৱনলৈ আহে মই কিন্তু গোটেই কলকাতা জ্বলাই থৈ যাম। একদম খাৰংখাচ। তেতিয়া মই ভাবিছিলোঁ যে, অসমীয়া মানুহক যে কয় ৱাইল্ড বুলি, এনেই নকয়।[]
  3. ভূপেনদাই যেনেকৈ গান গায় ঠিক তেনেকৈ কথাও কয়।[]
  4. মানুহে ধৰিব পাৰে কোনটো জয়ন্ত হাজৰিকাৰ গান আৰু কোনটো ভূপেন হাজৰিকাৰ গান। ভূপেনদাৰ এটা যোগাত্মক দিশ আছিল যে তেওঁ গীতবোৰ নিজে লিখি সুৰ কৰিছিল। কিন্তু জয়ন্ত হাজৰিকাই গীত লিখা নাছিল; তেওঁৰ বেছিভাগ গীত নিৰ্মলপ্ৰভা বাইদেৱে লিখিছিল। তাৰ বাহিৰেও হেমেন হাজৰিকা, ৰত্ন ওজা, হেমন্ত দত্তই শেষৰ ফালে লিখিছে।[]
  5. সমাজখন চহকী কৰিবলৈ যে শিল্পীৰো এটা দায়িত্ব থাকে, সেইটো মই জয়ন্ত হাজৰিকাৰ মাজত দেখিছিলোঁ। কাৰোবাৰ কিবা বিপদ হ’লে বা প্ৰাকৃতিক দুৰ্যোগো হ’লে তেওঁ বৰ কষ্ট পাইছিল। তেনেকৈয়ে তেওঁ মানুহক সহায়ৰ হাতো আগবঢ়াইছিল।[]
  6. শিল্পী হিচাপে সমাজৰ প্ৰতি জয়ন্ত হাজৰিকাৰ সম্পূৰ্ণ দায়িত্ব আছিল। এইটো সাধাৰণতে সকলো শিল্পীৰ মাজত দেখা নাযায়। সেই দায়িত্বৰ বাবেই তেওঁ ‘সুৰবাহিনী’ৰ জন্ম দিছিল, বান পীড়িত লোকৰ সহায়ৰ বাবে।[]
  7. ভূপেনদাৰপৰা মই ধৈৰ্য শিকিছোঁ। মানুহৰ লগত কেনেদৰে মিলিব লাগে সেইটো শিকিছোঁ। মইতো সদায় কওঁ অসমত তিনিটা ‘বি’ (B)আছে। এটা হ’ল বিহু (Bihu), এটা ব্ৰক্ষ্মপুত্ৰ (Brahmaputra) আৰু আনটো ভূপেন (Bhupen) হাজৰিকা।[]
  8. মই ভাবোঁ জনপ্ৰিয়তাই মানুহক অহংকাৰী কৰিব নালাগে।[]
  9. জয়ন্ত হাজৰিকাই যিখিনি কৰিছে সকলোৰে কাণে কাণে আছেই নহয় আৰু তাৰ বাবে মই বহুত কষ্ট কৰিছোঁ; তেওঁ ঢুকুৱাৰ পিছত মই গানবোৰ ৰেডিঅ’ৰপৰা লৈ আহি ৰেকৰ্ড কৰি থৈছোঁ। আৰু বৰ্তমান ইউ টিউবত তেওঁৰ গান বিচাৰিলে পাব সকলোৱে। মই ভাবোঁ তেওঁৰ গান নতুনকৈ গাই নষ্ট হ’বলৈ দিব নালাগে; নতুন চামে ভালকৈ শুনি শিকিব লাগে প্ৰণালীবদ্ধভাবে আৰু মঞ্চত গাব লাগে। মানে তেওঁৰ কণ্ঠটো সংৰক্ষিত হৈ থাকিব লাগে। বিকৃত হ’বলৈ দিব নালাগে। []
  10. প্ৰেম আচলতে আত্মিক বস্তু বুলি মই ভাবোঁ আৰু মই প্ৰেমক স্বৰ্গীয় বুলি ভাবোঁ। প্ৰেমে মানুহক বহুত আগুৱাই নিয়ে আৰু প্ৰেমে শক্তি দিয়ে। []
  11. বন্ধুত্বক মই ওপৰত স্থান দিছোঁ। বন্ধু হয়তো তেজ মঙহৰ সম্পৰ্কতকৈও আপোন হ’ব পাৰে। যাক আমি মনৰ সকলো কথা ক’ব পাৰোঁ।[]
  12. ব্যঙ্গ বহুত ওপৰৰ সাহিত্য। কিন্তু ব্যঙ্গ এনেকুৱা হ’ব নালাগে যে ব্যঙ্গ কৰিবলৈ গৈ কাৰোবাক হাঁহিয়াতৰ পাত্ৰ কৰিব। সেইটো হ’ব নালাগে।[]
  1. ১.০০ ১.০১ ১.০২ ১.০৩ ১.০৪ ১.০৫ ১.০৬ ১.০৭ ১.০৮ ১.০৯ ১.১০ ১.১১ ১.১২ সাক্ষাৎকাৰ – বিশিষ্ট সংগীত শিল্পী মণিষা হাজৰিকাৰ সৈতে অন্তৰংগ আলাপ. সাক্ষাৎকাৰ. প্ৰকাশক: ফটাঢোল (১ জুলাই ২০১৯). আহৰণ কৰা হৈছে: 24 মে' 2024.
  2. বৰুৱা, ডাঃ দিলীপ কুমাৰ. "মনীষা হাজৰিকা", ২০ আগষ্ট, ২০২১,.পৃষ্ঠাসমূহ. জোনাকী বাট, 'ঘ' পৃষ্ঠা. আহৰণ কৰা হৈছে 1 September 2021.