ফণী শৰ্মা
অৱয়ব
ফণী শৰ্মা (ইংৰাজী: Phani Sharma; ১৯০৯ – ১৯৭০) আছিল এজন অসমৰ নাট তথা চলচ্চিত্ৰ অভিনেতা, নাট্যকাৰ আৰু পৰিচালক। মঞ্চ অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰি তেখেতে পিছলৈ প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী (১৯৩৫)-ত অভিনয় কৰে। তেখেতে ১৯৪৮ চনত ছিৰাজ আৰু ১৯৫৫ চনত পিয়লী ফুকন বোলছবি পৰিচালনা কৰাৰ লগতে তাত অভিনয় কৰে।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- বিশাল ব্ৰহ্মপুত্ৰই অসমৰ সংস্কৃতি৷ কত নৈ, কত উপনৈ বৈ বৈ যেনেকৈ ব্ৰহ্মপুত্ৰৰ বিশালতা সৃষ্টি কৰিছে, সেইদৰে অসমীয়া কৃষ্টিতো তাৰ বিশালতাৰ কাৰণে বহু উপকৃষ্টিয়ে অৱদান দিছে৷[১]
- অসমীয়া কৃষ্টিৰ বিষয়ে ফঁহিয়াই চালে পোৱা যাব যে, ই বৈচিত্ৰ্যৰ মাজত ঐক্যৰ সাক্ষ্যদান দিয়ে৷[১]
- অসমৰ সমাজ ব্যৱস্থাৰ আমূল পৰিৱৰ্তন নহ'লে অসমৰ দাৰিদ্ৰ-ক্লিষ্ট অসহায় শিল্পীসকলৰ অৱস্থা পৰিৱৰ্তনো কেতিয়াও হ'ব নোৱাৰে- যিমানেই মোহিনী মন্ত্ৰেৰে এটা দলে শিল্পীসকলক মুগ্ধ আৰু লুব্ধ নকৰক৷[১]
- ব্ৰহ্মপুত্ৰৰ গতি যেনেকৈ কোনেও ৰুধিব নোৱাৰে-অসমীয়া কৃষ্টিৰ গতিও কোনেও ৰুধিব নোৱাৰে৷[১]
- মই বহুবাৰ কৈছোঁ অধ্যাত্মিক, আধিদৈৱিক, আধিভৌতিক কৰ্ষণেই কৃষ্টি৷ মানৱ সমাজৰ জীৱন যাত্ৰাপথৰ যি শকতি মানৱ জীৱনৰ জীৱিকা নিৰ্বাহৰ যি মুকুতি, কালৰ ৰথৰ চকাৰ অগ্ৰগতিৰ লগে লগে মানৱ সমাজ জীৱনৰ যি প্ৰগতি সেয়া হ'ল কৃষ্টি৷ সেই কৃষ্টি যেতিয়া সংস্কাৰ কৰা হয়, মানৱ সমাজৰ উপযোগীকৈ সেই কৃষ্টিয়ে হয় সংস্কৃতি ৷[১]
- অন্তৰৰ গোপন কোণত অভিনয়ৰ তৃষ্ণা সদায়েই পূৰা মাত্ৰাই আছিল৷ সেই তৃষ্ণা মানুহৰ বাহ্ বাহত, মানুহৰ হাত-চাপৰিত৷ আজি তিনিকুৰিৰ কাষ চাপি সুদা জেপত হাত ভৰাই ভাবোঁ, সেইবিলাক বোধহয় মোৰ অদৃষ্টৰ ইতিকিঙৰ বাহিৰে একো নাছিল৷[২]
- ডেৰকুৰি বছৰৰ ওপৰ অসমৰ খ্যাত অখ্যাত প্ৰায় সমুদায় ৰংগমঞ্চত অভিনয় কৰাৰ সুযোগ মোৰ দৰে কোনেও পোৱা নাই৷ তাহানিৰ পৰা এতিয়ালৈকে অসমৰ বহু ৰংগমঞ্চৰ ইতিহাস সৌভাগ্যক্ৰমেই হওক বা দুৰ্ভাগ্যক্ৰমেই কওক, জানো৷[২]
মন্তব্য
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মণিৰাম দেৱানত যদি মই হলৰইদ চাহাবৰ ভূমিকাত কিবা কৰিব পাৰিছোঁ, সেয়া সম্পূৰ্ণ ফণী শৰ্মাৰ নিৰ্দেশনা আৰু পৰিচালনাৰ যহতহে৷ সম-সাময়িক যিকোনো মঞ্ক্ষ-শিল্পীতকৈ তেওঁ মহত্ত্বৰ অভিনেতা৷ অসমৰ গাঁৱে-চহৰে তেওঁ যি প্ৰশংসা লভিলে, কলিকতাৰ খুব কম শিল্পীৰহে তেনে সৌভাগ্য ঘটিছে৷ অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম অধ্যায়ৰ লগত মোৰ পৰিচয় হয় ফণী শৰ্মাৰ যোগেদিয়েই৷--(বংগৰ অভিনেতা উৎপল দত্ত)[৩]
তথ্যসূত্ৰ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১.০ ১.১ ১.২ ১.৩ ১.৪ পূজাৰী বেদান্ত (সম্পাদনা) (নৱেম্বৰ ২০২৩)। সাক্ষাৎকাৰ ৩০। গুৱাহাটী। বনলতা, পৃষ্ঠা:১৮-২১। ISBN: ৯৭৮-৯৩-৫৮৪৯-২৫৮-৩।
- ↑ ২.০ ২.১ শৰ্মা, অৰুণ (২০১২)। নাট্য প্ৰসংগ আৰু অন্যান্য ৰচনা। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:৪১৬।
- ↑ ফণী শৰ্মাক আমি পাহৰিছোঁ নেকি. আহৰণ কৰা হৈছে: 19 জুন 2024.