সমললৈ যাওক

জয়মতী (১৯৩৫ চলচ্চিত্ৰ)

ৱিকিউদ্ধৃতিৰ পৰা
জয়মতী বোলছবিৰ এটা দৃশ্য

জয়মতী, ১৯৩৫ চনত মুক্তি পোৱা, প্ৰথমখন অসমীয়া কথাছবি। লক্ষ্মীনাথ বেজবৰুৱাৰ ১৭ শতিকাৰ অসমৰ 'সতী জয়মতী' নাটকৰ ওপৰত ভিত্তি কৰি, জ্যোতিপ্ৰসাদ আগৰৱালাই এই ছবিখন প্ৰযোজনা আৰু পৰিচালনা কৰিছিল। আইদেউ সন্দিকৈয়ে এই ছবিত মূল নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল। ১৯৩৩ চনত ছবিখনৰ কাম আৰম্ভ কৰা হয় আৰু মুক্তি দিয়া হয় ১৯৩৫ চনত। এই ছবিৰ মূল ছুটিং ভোলাগুৰি চাহবাগিচাত জ্যোতিপ্ৰসাদে সজাই লোৱা "চিত্ৰবন ষ্টুডিঅ"ত কৰা হৈছিল। ১৯৩৫ চনত "চিত্ৰলেখা মুভিটোন"ৰ বেনাৰত এই ছবিখন মুক্তি দিয়া হয়।

  • আইদেউ সন্দিকৈ - সতী জয়মতী