সমললৈ যাওক

প্ৰণৱজ্যোতি ডেকা

ৱিকিউদ্ধৃতিৰ পৰা
ড০ প্ৰণৱজ্যোতি ডেকা

ড° প্ৰণৱজ্যোতি ডেকা (ইংৰাজী: Pranavjyoti Deka; জন্ম: ২১ জুলাই, ১৯৩৯) অসমৰ এগৰাকী সাহিত্যিক, অভিধানিক, গল্পকাৰ, বুৰঞ্জীবিদ আৰু খনি বিশেষজ্ঞ। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূ-তত্ত্ব বিভাগৰ অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ গল্প বাংলা আৰু ইংৰাজী ভাষালৈ অনূদিত হৈছে। ভূ-তত্ত্বৰ কেইবাটাও দিশত তেওঁৰ গৱেষণা মৌলিক বুলি স্বীকৃত। তেখেতে ২০২৩ বৰ্ষত তেখেতৰ “ড॰ প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প” গ্ৰন্থৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছে।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. শ্ৰীমন্ত শংকৰদেৱ-মাধৱদেৱে ‘দাস্য ভাবৰ’ গুণানুকীৰ্তন কৰিলেও, বাস্তৱতে তেখেতসকলৰ অহং ভাবৰ বলতেই বা ফলতেই তেখেতসকলে সাহিত্য-ৰাজি ৰচনা কৰি গৈছে।[১]
  2. স্বৰ্গীয় ভবেন শইকীয়া, মহিম বৰা, লক্ষ্মীনন্দন বৰা আদিয়ে এটা বা দুটা ৰত্নসদৃশ আৰু এগালমান তৃতীয় শ্ৰেণীৰ গল্প লিখিছে।[২]
  3. সঠিক পথৰ কোনো সংজ্ঞা নাই। প্ৰত্যেকজনৰ বাবেই নিজৰ সঠিক পথ বেলেগ বেলেগ হ'ব পাৰে।[৩]
  4. ভাষা এটা সলনি হ'বই। ভাষা যিহেতু গতিশীল।[৩]
  5. অত্যধিক লোভৰ বাবেই পৃথিৱীৰ বুৰঞ্জীত বহু নগৰেই বাসৰ অযোগ্য হৈ উঠিছে আৰু উঠিব তাত সন্দেহ নাই৷ [৪]
  6. অপৰাধীয়ে নিজক সৰুৱাবলৈ যিবোৰ মিছাকথা কয়, তাকে শুনি আমাৰ ব্যক্তিগতভাৱে সিমান গাত নালাগিছিল যিমান গা বেজাইছিল সমাজৰ বা ব্যক্তিগত ভণ্ডামি দেখি৷[৪]
  7. অপৰাধীয়ে পৰিকল্পিত অপৰাধ সংঘটনৰ সুবিধাৰ বাবে অথবা অপৰাধ সংঘটনৰ পাছত নিজৰ অপৰাধলব্ধ ধনৰ প্ৰতিৰক্ষা, আৰু নিজকে সম্ভৱপৰ শাস্তিৰ পৰা সৰুৱাবলৈ মিথ্যা কথা কয়৷ আনহাতে ভণ্ড ব্যক্তি এজনে এক ভিত্তিহীন কাল্পনিক লাভৰ আশাত যেনে- সমাজে দিয়া সন্মান বৃদ্ধি অথবা এক কাল্পনিক ক্ষতিত আশংকাত, যেনে- আনে তেখেতক দৰিদ্ৰ বুলি গণ্য কৰিব পাৰে, ভাবি ভণ্ড আচৰণ কৰে৷ সমাজৰ গাঁথনিৰ ৰক্ষণৰ বাবে অপৰাধ, ভণ্ডামিতকৈ অধিক বিপদজনক৷[৪]
  8. সাহিত্যিকৰ সৃষ্ট সাহিত্যৰ মূল্যাংকন কৰা বৰ কঠিন কাৰ্য৷[৪]
  9. জীৱনত সফলতাৰ মুখ দেখাৰ পাছত কিছুমান ব্যক্তিয়ে বিফলতা কি বস্তু পাহৰি যায়৷ সন্মান মনত ৰাখে, অপমান বিস্মৃতিৰ গৰ্ভলৈ ঠেলি দিয়ে৷ মোৰ মতে ইয়ো একধৰণৰ মিথ্যা ভাষণ৷[৫]
  10. অসমবাসীৰ এক বুজন অংশৰ লোকৰে মঙ্গোলীয় জনজাতি গোষ্ঠীৰ লোকৰ লগত ৰক্ত সম্বন্ধ গাঢ় যদিও, সাধু-কথাত আৰু লোক-কথাত (folk-tales) সেইটো বৰকৈ স্পষ্ট নহয়।[৬]
  11. প্ৰতিখন দেশতে সাধু কোৱা পণ্ডিত আছিল। আজিকালি যেনে ডাঙৰ ডাঙৰ গায়ক আছে, আগতে তেনে সাধুকথা কোৱা লোক আছিল। তেখেতসকলে নিজে সাধু সাজিছিলো, কৈছিলো। আনৰ সাধু সংগ্ৰহ কৰিছিল, আনকি বিদেশলৈও গৈছিল সাধু শিকিবৰ বাবে।[৭]
  12. আজিকালি ইণ্টাৰনেটৰ যুগত বৰ কম শিশুকে কল্পনা কৰিবলৈ শিকোৱা হয়, অথবা সম্পূৰ্ণ কাল্পনিক ঘটনা পঢ়িবলৈ মাক-দেউতাকে উৎসাহিত কৰে। কাৰণ ধৰি লয়, কল্পনা যু্ক্তি তথা বিজ্ঞান শিক্ষাৰ পৰিপন্থী। বাস্তৱতে কল্পনাই হে বিজ্ঞানৰ সোপানখন তৈয়াৰ কৰে, যুক্তিয়ে মাথো চায় যে ব্যক্তিজনৰ ভৰি নিপিছলে। কল্পনাৰ অবিহনে বিজ্ঞান আগবাঢ়িব নোৱাৰে। [৮]
  13. মোৰ পিতৃক মই অতি সন্মান কৰিছিলোঁ। কিন্তু মোৰ ছবছৰ বয়সত মই বুজিলোঁ He is an idol made of clay.গতিকে মোৰ ওপৰলৈ চাবৰ বাবে কোনো নাথাকিল।[৯]
  14. মানুহ হিচাপে সকলো মানুহৰ প্ৰতি থাকিব লগীয়া অনুভূতিৰ বাহিৰে অসমীয়া বুলি মোৰ কোনো বিশেষ আবেগিক টান নাই।
  15. কটন কলেজক অসমৰ মানুহে ফুলাই ফিন্দাই ডাঙৰ কৰিলেও সকলোৱে এইটো স্বীকাৰ কৰিবলৈ টান পায় বাস্তৱতে কটন কলেজৰ অধ্যাপকৰ পৰা কোনো পণ্ডিত আজিলৈকে ওলোৱা নাই।
  16. অসমত আজিলৈকে জন্ম হোৱা লোকসকলৰ ভিতৰত দুজন লোককে ৰীতিমতে জ্ঞানী পণ্ডিত বুলিব পাৰি। সেই দুজন হ'ল আনন্দৰাম ঢেকিয়াল ফুকন আৰু আনন্দৰাম বৰুৱা। [৯]
  17. আমাৰ সমস্যাটো হ'ল সকলোৱে পৰীক্ষাৰ বাবে পঢ়ে, জানিবৰ বাবে নপঢ়ে। [৯]
  18. মোৰ চৰ্যাপদৰ কিতাপখন সকলোৱে এৰাই চলাৰ কাৰণ হ'ল ইয়াক বুজিয়েই নাপায়।
  19. কবিতা মই কাৰোৰে নপঢ়োঁ। গল্প কোনোবাই 'পঢ়িবচোন' বুলি দিলে পঢ়োঁ।
  20. অসমীয়া বুদ্ধিজীৱিৰ শতকৰা ৯৯ ভাগ গণ্ডগ্ৰাম নহ'লে ক্ষুদ্ৰ চহৰৰ পৰা আহি গুৱাহাটী পাইছেহি। তেওঁলোক আহি গুৱাহাটীৰ বৌদ্ধিক জীৱন দেখি অভিভূত হয়। তেওঁলোকে আহি হাতীৰ খোজত জমা হোৱা পানীকে হৃদ ৰূপত দেখে।[৯]
  21. ৰাচিয়াত গৱেষণা বৃত্তি পোৱাৰ পাছত অ' এন জিচিয়ে গৱেষণা কৰিবৰ বাবে ছুটী মঞ্জুৰ নকৰিলে।দেউতাই ক'লে যে মোৰ চাকৰি এৰি ৰাচিয়ালৈ যাবলৈ সাহস নাই। গতিকে মই অ' এন জি চিৰ চাকৰিত ইস্তফা দি ৰাচিয়ালৈ গুচি গ'লোঁ।[৯]
  22. ৰাচিয়াৰ এটা কথাই ভাল লাগিছিল। তাৰ পণ্ডিতবোৰে আমাৰবোৰৰ দৰে মিছা কথা নকয়।
  23. অসমত বুৰঞ্জী অধ্যয়নৰ প্ৰধান সমস্যা হ'ল যে বুৰঞ্জীবোৰক যি ধৰণে মূল্য নিৰূপণ কৰিব লাগে তাৰ বাবে হয়, সময়, নহয় জ্ঞান অথবা দুয়োটাই নাই। লিখিত বুৰঞ্জী, শিলালিপি বা তাম্ৰলিপি হলেই যে সকলোবোৰ সঁচা হ'ব তাত কোনো নিশ্চয়তা নাই।[৯]
  24. আমাৰ প্ৰতিজন অধ্যাপকেই একো একোজন স্বয়ম্ভু পণ্ডিত। গতিকে বেছি কথা পাতি লাভ নাই। মন্তব্য দিয়াও অনুচিত।
  25. ভাষা এটা সলনি হ'বই। ভাষা যিহেতু গতিশীল।
  26. কেতিয়াও কাৰো পৰা একো মিছা আশা নকৰিবা, সি যিমানেই ক্ষমতাশালী নহওঁক কিয়।[৯]

সোণৰ চামুচ মুখত লৈ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ব্যক্তিগতভাৱে মই পৰীক্ষাত অধিক নম্বৰ অথবা শ্ৰেণীত প্ৰথম- দ্বিতীয় হোৱাৰ প্ৰতি কোনো আগ্ৰহ নাছিল সমগ্ৰ জীৱনতে৷[১০]
  2. জীৱ-জন্তুৰ প্ৰতি ক্ৰুৰতা মই সৰুৰে পৰাই অসহ্য পাইছিলোঁ৷[১০]
  3. সকলো কাম পোনে পোনে বস্তুগত লাভৰ বাবে কৰা নহয় বুজিছ! কিন্তু পৰোক্ষ লাভ, মানসিক আনন্দ থাকি যায়, আৰু বাচি থাকে স্মৃতি৷[১০]
  4. কামৰূপৰ গ্ৰাম্য অসমীয়াত এষাৰ ফকৰা আছে, “আই থেক যাম্, বাটি ভৰে খাম৷ বিধাতাই শুনি বুলে ময়ো পিছে পিছে যাম৷”[১০]
  5. বালিয়ে পানী সোহাৰ দৰেই মানৱ শিশু এটিই জীৱন সম্বন্ধে জ্ঞান সুঁহি লয় পৰিয়ালৰ আন ব্যক্তি, বিশেষকৈ নিজৰ পিতৃ- মাতৃৰ পৰা, কি কাৰ্য কৰা উচিত কি অনুচিত সেই সম্বন্ধে৷[১০]

লগতে চাওক[সম্পাদনা কৰক | উৎস সম্পাদনা]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ড৹ প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প, ২০২১, বান্ধৱ প্ৰকাশন
  2. ‘এই মাহৰ অতিথি’ - সাক্ষাৎকাৰ, ‘আজিৰ দৈনিক বাতৰি’ৰ ‘দেওবৰীয়া অনুভূতি’, ৩০ জানুৱাৰী, ২০১১
  3. ৩.০ ৩.১ জেবিয়ান (জগন্নাথ বৰুৱা মহাবিদ্যালয় আলোচনী), ৭৮ সংখ্যক প্ৰকাশ
  4. ৪.০ ৪.১ ৪.২ ৪.৩ প্ৰণৱজ্যোতি ডেকা (২০১২)। এজাক এলেহুৱা কাউৰীৰ সাধু। বান্ধৱ।
  5. প্ৰণৱজ্যোতি ডেকা (নৱেম্বৰ, ২০২২ (দ্বিতীয় প্ৰকাশ))। জ্যোতি দ্বিভাষিক বুৰঞ্জী। বান্ধৱ।
  6. প্ৰণৱজ্যোতি ডেকা (অক্টোবৰ, ২০২১)। চীন দেশৰ অচিনাকি সাধু। বান্ধৱ।
  7. প্ৰণৱজ্যোতি ডেকা (নবেম্বৰ, ২০১৩)। গঙ্গাৰাম পালোৱান আৰু বঙলা ঘৰৰ ভূত। বান্ধৱ।
  8. প্ৰণৱজ্যোতি ডেকা (নবেম্বৰ, ২০১৩)। মকৰা কেকোঁৰা আৰু বাঘৰ সাধু। বান্ধৱ।
  9. ৯.০ ৯.১ ৯.২ ৯.৩ ৯.৪ ৯.৫ ৯.৬ পূজাৰী, বেদান্ত (সম্পাদক) (২০২৩)। সাক্ষাৎকাৰ ৩০। গুৱাহাটী। বনলতা।
  10. ১০.০ ১০.১ ১০.২ ১০.৩ ১০.৪ ড° প্ৰণৱজ্যোতি ডেকা। সোণৰ চামুচ মুখত লৈ। নৱেম্বৰ ২০১৬।