মহিম বৰা
মহিম বৰা (ইংৰাজী: Mohim Borah; ১৯২৪ - ২০১৬) অসমৰ এজন গল্পকাৰ, কবি আৰু সাহিত্যিক তথা শিক্ষাবিদ। তেওঁৰ পিতৃৰ নাম গজেন্দ্ৰনাথ বৰা আৰু মাতৃৰ নাম চন্দ্ৰকান্তি বৰা৷ কলিয়াবৰৰ হাটবৰৰ গজেন্দ্ৰনাথ বৰাই দৰঙ জিলাৰ ঘোপসাধাৰু চাহ বগিছাত কৰ্মৰত অৱস্থাত পুত্ৰ মহিম বৰাৰ জন্ম হয়৷ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত এম.এ পাছ কৰে আৰু জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অসমীয়া ভাষাৰ অধ্যাপক নিযুক্ত হয়৷ পিছলৈ তেওঁ নগাঁও মহাবিদ্যালয়ত অধ্যাপনা কৰে আৰু তাৰ পৰাই অৱসৰ গ্ৰহণ কৰে৷ হাইস্কুলত পঢ়ি থকাকালতে সহপাঠী দেবেন হাজৰিকাৰ লগত লগ হৈ “ময়লা’’ নামে এখন হাতেলিখা আলোচনী উলিয়ায়৷ “ময়লা’’তে তেওঁ ’হাভানাৰ চুৰট’ নামৰ প্ৰথম গল্পটি প্ৰকাশ কৰে৷ পিছলৈ তেওঁ কাঠনিবাৰীৰ ঘাট, বহুভূজী ত্ৰিভূজ, দেহাগৰকা প্ৰেম, ৰাতি ফুলা ফুল, এখন নদীৰ মৃত্যু আদি কেইবাখনো চুটিগল্প সংকলন প্ৰকাশ কৰে৷ “এধানি মাহীৰ হাঁহি’’ নামৰ উপন্যাসৰ বাবে ২০০১ চনৰ সাহিত্য অকাডেমী বঁটা লাভ কৰে৷ তেওঁ জীৱনৰ বেছিভাগ সময় নগাঁৱতে পাৰ কৰে। তেওঁ ১৯৮৯ চনৰ অসম সাহিত্য সভাৰ ডুমডুমা অধিৱেশনৰ সভাপতি আছিল।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- “ধৰ্মৰ বিভিন্নতা আছেই আৰু থকা উচিত৷ কিন্তু ধৰ্মসমূহৰ মূল ঐক্যৰ ওপৰত গুৰুত্ব দিয়া উচিত৷ ........ এই বিভিন্ন অনৈক্যসমূহেই আমাৰ বৈচিত্ৰৰ সৃষ্টি কৰিছে৷ এই বৈচিত্ৰৰ মাজত ঐক্যৰ সৃষ্টি কৰাই হৈছে আমাৰ চিৰকালৰ জাতীয় সাধনা৷ অৰ্থাৎ ঐক্য সৃষ্টি কৰা মানে বৈচিত্ৰ ধ্বংস কৰা নহয়, বৈচিত্ৰৰ সংৰক্ষণ কৰাহে৷’’[১]
- ..... স্বাধীন ভাৰতত, স্বাধীন অসমৰ নদন-বদন সেই স্বপ্নৰ পথাৰখন! কোনে হুৰাই দিলে সেইজাক বতা চৰাইক মোৰ পথাৰৰ পৰা? সময়েই৷ ঠোঁটে ঠোঁটে একোচিৰা স্বপ্ন লৈ সিহঁত উৰা মাৰিলে অসীমৰ দিগন্তলৈ৷ থৈ গ’ল জীৱনৰ চাৰিকাষে স্বপ্ন ভংগৰ অসহ্য যন্ত্ৰণা৷ তথাপি নতুন পুৰুষে স্বপ্ন দেখিবই লাগিব৷ কাৰণ মানুহ জীয়াই থাকিব স্বপ্নেৰেহে...[২]
- “বুৰঞ্জী আৰু বুৰঞ্জীয়ে কোনোমতে চুই যাব পৰা দিন ধৰি আমাৰ উমৈহতীয়া ভাষাটো, আমাৰ ৰীতি-নীতি, জীৱনধাৰাটোৱে আমাক নিজা বৈশিষ্ট দান কৰি আহিছে৷ সম্প্ৰতি কালৰ ধামখুমীয়াত পৰি ভিতৰৰ বদন আৰু বাহিৰৰ মানৰ হেঁচাত আমাৰ অট্টালিকাৰ ভেটি থৰক-বৰক হৈছে, ইয়াত ভিতৰ বাহিৰ দুয়োফালৰ পৰা ষড়যন্ত্ৰ চলিছে৷ এই দেশ যদি এক খণ্ড ভাৰতবৰ্ষ তেনেহলে ইয়াত নিগাজীকৈ থাকিবলৈ অহাসকলে এইখনকো নিজৰ ভাৰতবৰ্ষ বুলি মনে-প্ৰাণে গ্ৰহণ কৰিব লাগিব৷ ধৰ্মৰ নামত, ভাষাৰ নামত নিজা এখন ৰাজ্য স্থাপনৰ কথা সপোনতো ভাবিব নালাগিব৷ সংবিধানৰ দোহাই দি ইয়াত এখন ত্ৰিপুৰা বা চিকিম কৰিবলৈ দিয়া নহ’ব৷ স্বাধীন দেশত আমি অসমীয়াসকলো ভাৰতৰ অন্যান্য প্ৰান্তৰ অধিবাসীসকলৰ দৰেই স্বাধীন৷ আমি কাৰো বহতীয়া হৈ নাথাকিম, সেইটো আমাৰ তেজত নাই৷ আমাৰ গোপন শত্ৰুসকল, বা আমাৰ চুকত থাকি বুকুত কামুৰিব খোজাসকলে যেন এই কথা পাহৰি নাযায়৷ এয়া মোৰ ভাবাৱেগ নহয়, এয়া আমাৰ বুৰঞ্জীৰ কণ্ঠস্বৰ৷’’[৩]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ অসম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণত বিদেশী নাগৰিকৰ সমস্যা আৰু সাম্প্ৰদায়িক সম্প্ৰীতি, ডঃ অমল ৰাজখোৱা, মনপুৰ মৌচন্দা
- ↑ পাখি লগা দিনৰ মিঠা সোঁৱৰণিত মহিম বৰাৰ জীৱন এষণাৰ কিঞ্চিৎ আভাস, ড° মঞ্জু লস্কৰ, সূৰ্যৱতী; অঃসাঃসঃৰ ৰহা অধিৱেশনৰ স্মাৰকগ্ৰন্থ
- ↑ সাহিত্য অকাডেমী বঁটা বিজয়ী অসমীয়া, সমীন কলিতা, পৃ: নং, ২১৪, চন্দ্ৰ প্ৰকাশ