সমললৈ যাওক

চেতনা দাস

ৱিকিউদ্ধৃতিৰ পৰা

চেতনা দাস হৈছে অসমৰ এগৰাকী অভিনেত্ৰী। চেতনা দাসে তেজপুৰৰ সুধী মনিষীসকল ক্ৰমে নটসূৰ্য ফণী শৰ্মা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আদিৰ অধীনত মঞ্চশিল্পৰ দীক্ষা লৈছিল।[১] ১৯৭০ আৰু ১৯৮০ দশকত তেওঁ অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী আছিল।[২][৩][৪]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. বৰপেটাৰ সুন্দৰীদিয়া সত্ৰ আৰু কীৰ্তনঘৰৰ সত্ৰৰ সংস্কৃতিয়ে মোৰ জীৱনৰ ওপৰত সমগ্ৰ প্ৰভাৱ পেলাইছে| জীৱনৰ আদিপাঠ আৰম্ভ হোৱা সেই পৰিবেশ আছিল মোৰ অতিকৈয়ে নমস্য। [১]
  2. মোৰ প্ৰথমখন পূৰ্ণাংগ নাটক আছিল 'ছিৰাজ'। তাত মই 'ফাটেমা'ৰ চৰিত্ৰত অভিনয় কৰিছিলোঁ। ইয়াৰ মাজতে সংগীত নাটকম্ নামৰ অনুষ্ঠানটিত পদ্মশ্ৰী শীলা বৰঠাকুৰ আৰু মৃণালী চেতিয়াৰ তত্বাৱধানত বিজ্ঞানসন্মতভাৱে অভিনয় কলা শিকাৰ সুবিধা পাইছিলোঁ। ‘সংগীত নাটকম’ৰ অগ্ৰজসকলৰ উৎসাহ মোৰ জীৱনৰ এক অন্যতম আশীৰ্বাদ বুলি বিশ্বাস কৰোঁ। [১]
  3. মোৰ শিকাৰ কেতিয়াও শেষ হোৱা নাই। মই ভাবোঁ যে মানুহে ‘মই পাৰিলো আৰু চব জানোঁ’ বুলি আৰু আহিব পৰা সেই ভাৱটো মোৰ মনলৈ কেতিয়াও নাহে। [১]
  4. মই ভাৱোঁ যে মোৰ লগত যিখিনি লোক জড়িত হৈ আহিছে বা যিখিনিয়ে মোৰ কিবা অৰ্হতা আছে বুলি মাতি মোক আগবঢ়াই দিছে সেইখিনি মানুহক মই সদায় শ্ৰদ্ধা সহকাৰে সোঁৱৰোঁ, ভাল পাঁও। হয়তো মোৰ ফুলটাইম মই তেওঁলোকক দিব পৰা নাই, কিন্তু তেওঁলোকক শ্ৰদ্ধা কৰোঁ। [১]
  5. মানুহৰ জীৱনত সমস্যা থাকিবই! সেই সমস্যাবোৰক কেনেধৰণেৰে লোৱা যায় সেইটোহে গুৰুত্বপূৰ্ণ। [১]
  6. সমস্যা বোলা কথাটোত মই বৰ বেছি গুৰুত্ব নিদিওঁ, কিয়নো মোৰ যি আছে সেয়াই মোৰ, একোতেই একো নহ’ল সেইটো ভাবিবলৈ একেবাৰে নিবিচাৰোঁ। কেতিয়াবা ক’ৰবাত বিপদত পৰিলেও ভাবোঁ, মোৰ এইখিনি পইচাই আছে, বোপাই এইখিনিকে লৈ যা! এনেদৰেই কাৰোবাক পাৰিছো সহায় কৰিছো…।[১]
  7. জীৱনত আমি এবাৰেই জন্ম লওঁ। যিখিনি সময় আমি থাকোঁ, ভাল মনৰে, কাৰো অপকাৰ নকৰাকৈ থাকিব লাগে। আমাৰ প্ৰয়োজনীয়তা, অভাৱ সকলোৰে থাকে, কিন্তু সেইবোৰ বেয়া কাম কৰি পূৰাবলৈ গ’লে কি হ’ব![১]
  8. মই নাভাবোঁ যে মোৰ কোনোবা শত্ৰু আছে। নাভাবোঁয়েই! আচলতে কিছুমান মানুহে মুখ খুলি কথাটো ক’ব নোৱাৰে। আমাৰ অসমীয়া মানুহে বিশেষকৈ![১]
  9. আচলতে কি জানা, মাটিৰ তললৈ গ’লে একো এটা লৈ নাযাওঁ, তোমালোকৰ মৰম-চেনেহ, অসমবাসী ৰাইজৰ আশীৰ্বাদ, ভাৰতবৰ্ষৰ যিবিলাক মানুহে মোক চিনি পাই, মোৰ শিল্প-ক্ৰমত সঁহাৰি জনাইছে, বা শ্ৰদ্ধা সহকাৰে লৈছে, এইবোৰ মানুহৰ কাৰণেইতো জীয়াই আছো, সেইখিনি বস্তুৱেই লৈ যাম….জীৱন যুঁজৰ শেষত…।[১]
  10. নতুন প্ৰজন্মই আমাৰ যিবোৰ শিক্ষা-সংস্কৃতি আছে, আহিবলগীয়া শুভ দিন বিলাকত, বিশেষকৈ মাটিৰ গোন্ধ থকা যিবিলাক লোক-সংস্কৃতি আছে, সেইবিলাকৰ গুণগত অৰ্হতাটো যাতে পাহৰি নেযায় সেইটোত চকু ৰখাটো গুৰুত্বপূৰ্ণ। কাৰণ বিজতৰীয়া সংস্কৃতি আমাৰ কেতিয়াও চানেকী হ’ব নোৱাৰে।[১]


উত্‍স[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০০ ১.০১ ১.০২ ১.০৩ ১.০৪ ১.০৫ ১.০৬ ১.০৭ ১.০৮ ১.০৯ ১.১০ ৰস-সম্ৰাজ্ঞী চেতনা দাসৰ সৈতে এক অন্তৰংগ আলাপ. সাক্ষাৎকাৰ. প্ৰকাশক: ফটাঢোল (১ ফেব্ৰুৱাৰী ২০১৮). আহৰণ কৰা হৈছে: 25 মে' 2024.
  2. ৰূপালী পৰ্দাত চেতনা দাসৰ বষয়ে. প্ৰকাশক: www.webxindia.com. আহৰণ কৰা হৈছে: December 06, 2012.
  3. IMDbত চেতনা দাসৰ বিষয়ে. প্ৰকাশক: IMDb.com, Inc.. আহৰণ কৰা হৈছে: December 06, 2012.
  4. Tania Gogoi (30-Jan-2010). Chetana Das – Indian Actress from Assam. প্ৰকাশক: SpiderWorks Technologies Pvt Ltd., Kochi, India. আহৰণ কৰা হৈছে: December 06, 2012.