গামোচা
গামোচা অসমীয়া লোকসকলে ব্যৱহাৰ কৰা এবিধ বস্ত্ৰ। সাধাৰণতে গামোচাৰ দুয়োফালে ৰঙা সূতাৰে পাৰি দি বোৱা এখন বগা দীঘলীয়া কাপোৰ। ৰঙাৰ ঠাইত কেতিয়াবা সেউজীয়া ৰঙৰ সূতাও ব্যৱহাৰ কৰা হয়। গামোচাৰ পথালি দুটি দিশত পাৰিৰ ৰঙৰ আঁচুৰে ফুল বচা হয় আৰু আঁচু বোৱা হয়৷ কপাহী সূতাৰে বিশেষভাৱে গামোচা তৈয়াৰ কৰা হয় যদিও পাট মুগা আদি সূতাৰেও ইয়াক তৈয়াৰ কৰা হয়। ২০২২ চনৰ ১৩ ডিচেম্বৰত বস্তুৰ ভৌগোলিক ওপদৰ্শন (পঞ্জীয়ন তথা সংৰক্ষণ) অধিনিয়ম ১৯৯৯ অনুসৰি ভাৰত চৰকাৰে অসমৰ গামোচাক ভৌগোলিক উপদৰ্শন পঞ্জীয়ন চমুকৈ GI tag বা ভৌগোলিক স্বীকৃতিত অন্তৰ্ভুক্ত কৰে। ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি গামোচাক কেইবাটাও নামেৰে জনা যায়৷ ব’হাগ বিহুত প্ৰিয়জনৰ আদৰণি বস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হয় বাবে এনে গামোচাক বিহুৱান বুলিও কোৱা হয়। ইয়াক গণ্য-মান্য বা আদৰৰ ব্যক্তি একোজনক সন্মান বা চেনেহ যাচিবলৈ যচাৰ লগতে গা মোচা কাৰ্য আৰু বিহু নৃত্যৰ সময়ত গলবস্ত্ৰ তথা শিৰোবস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- গামোচা কামৰ সময়ত মূৰত মাৰি লোৱা আৰু সাধাৰণ অৱস্থাত ডিঙিত ওলোমাই লোৱাৰ প্ৰথা আছিল৷ এতিয়াও গামোচাৰ এনে ব্যৱহাৰ লুপ্ত হৈ যোৱা নাই৷ তদুপৰি ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠানত গামোচা গলবস্ত্ৰস্বৰূপে এতিয়াও ব্যৱহৃত হৈ আহিছে৷ বিহুত ’গামোচা’ কনিষ্ঠই জ্যেষ্ঠক সন্মানৰ চিনস্বৰূপে দিয়াৰ ৰীতি এতিয়াও প্ৰচলিত৷[১]
- আহিনৰ পথাৰৰ গোন্ধ কেনেবাকৈ মোৰ নাকত আহি লাগিলে মই হেৰাই পাওঁ মোৰ আইক, দোকানৰ জাপ ভঙা গামোচাৰ সুবাসত মই হেৰাই পাওঁ মোৰ আইক৷ ~ নিৰ্মলপ্ৰভা বৰদলৈ[২]
- আয়ে দিয়া গামোচাৰে গুলী খোৱা তেজ মচি “তেজ দিম, তেল নিদিওঁ’’ বুলি নিজৰ বুকু ফালি তেজৰ চেঁকুৰাৰে দেশ মাতৃৰ নামত আত্ম-বলিদান দিয়া যুৱকৰ হাতত গামোচাখনিৰ মৰ্যাদা সবাতোকৈ বেছি৷[২]
- বিহুৱানখন হিয়াৰ তেজেৰে ৰাঙলী, হিয়াৰ ৰঙেৰে ৰঙিলা; য’ত লুকাই আছে অসমীয়া জাতিৰ সন্মান, অসমীয়া জাতিৰ গৌৰৱ আৰু জনকৃষ্টিৰ উজ্জল নিদৰ্শন, যাক বিহুৰ ভেটি আৰু বিহুত উপহাৰ দিয়া ন-বস্ত্ৰ বুলি কোৱা হয়৷ ~ বিষ্ণুপ্ৰসাদ ৰাভা[৩]
বিহুনামত গামোচা
[সম্পাদনা কৰক | উৎস সম্পাদনা]- বৰহমথুৰিয়ে মেলিলে থোৰ
কেইজুটি গামোচা উলিয়ালি গাভৰু
চ’তৰযে পৰিল ওৰ৷ - খুঁটিতে পৰিলে জিঞা মোৰ দেউতা
খুঁটিতে পৰিলে জিঞা,
গুণাকটা খনীয়া ফুলামে গামোচা
ৰাইজলৈ উলিয়াই দিয়া৷ - গুটি ফুলৰ গামোচা কোনে বৈয়ে দিব
কোনে বটি দিব দহি,
নৰিয়াত পৰিলে কোনে পানী দিব
মূৰ শিতানতে বহি৷ - ময়ে বৈ যামে বিহুৰে গামোচা
তুমি পাতি দিবা শাল,
ময়ে কৰি যামে ৰোৱনী দাৱনী
তুমি বায়ে যাবা হাল৷ - মৰমৰ দীঘে দি চেনেহৰ বাণি বৈ
হেঁপাহৰ আঁচুৰে বোৱা,
সপোনৰ ফুলেৰে মোৰ বিহুৱান
মনে দি এবেলি যোৱা৷ - ৰাতি দুপৰলৈ কাটি সূতালাহী
ধনলৈ বিহুৱান ব’লোঁ,
ৰঙাকৈ আঁচুৰে বাচি পাণে কটা
টিপতে লুকুৱাই থ’লোঁ৷