অপূৰ্ব শৰ্মা
অৱয়ব
অপূৰ্ব শৰ্মা (ইংৰাজী: Apurba Sharma, জন্ম: ৩ মে', ১৯৪৩) অসমৰ এগৰাকী গল্পকাৰ, চলচ্চিত্ৰ সমালোচক, সাংবাদিক, সম্পাদক, আৰু শিক্ষাবিদ।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- সামগ্ৰিকভাবে অসমীয়া সাহিত্য সম্পৰ্কে মোৰ মত বৰ উচ্চ নহয়। বৰগোহাঞিদেৱে এবাৰ অসমীয়া গল্প বিশ্ব মানদণ্ডৰ বুলি কৈছিল। মোৰ বিশ্বাস নহয়; এইটো তেখেতৰ স্বাভাৱিক উচ্চাসপূৰ্ণ মন্তব্য। ব্যক্তিগত দুই-এক গল্পৰ সাফল্যৰ দ্যুতিয়ে সামগ্ৰিক ছবিখন পোহৰ নকৰে। মাৰাঠী, মালয়ালী (অনুবাদত যিখিনি পঢ়িছোঁ) আৰু বঙালী সাহিত্যৰে (যদিও সাম্প্ৰতিক বঙালী সাহিত্য অতি নিষ্প্ৰভ) আমি ফেৰৰ নহয় যেন লাগে। আমি কিছু আত্ম-প্ৰতাৰণা প্ৰৱণ (সোণালী কণ্ঠৰ অধিকাৰী ড৹ ভূপেন হাজৰিকা এজন বিৰল প্ৰতিভাধৰ শিল্পী। তেওঁ বিশ্বৰ তিনি-চাৰিখন মহানগৰত নিশ্চয় সফল সংগীতানুষ্ঠান কৰিছিল। আমি তেওঁক বিশ্বৰত্ন কৰিব বিচাৰোঁ!)[১]
- বৰ্তমান সময়ত আমাৰ সাহিত্যৰ বিপুল প্ৰসাৰ ঘটিছে। গ্ৰন্থমেলাৰ উপযোগীকৈ প্ৰচুৰ পৰিমাণে গ্ৰন্থ প্ৰকাশ হ’ব ধৰিছে। কবিতাৰ বিস্তাৰ বিস্ফোৰণমুখী বুলিয়েই ক’ব লাগিব। উপন্যাস আৰু গল্পৰ জগতখনো পিছ পৰি থকা নাই। কিন্তু তৎসত্ত্বেও অসমীয়া সাহিত্যৰ সাম্প্ৰতিক সামগ্ৰিক গুণগত স্থিতি মোৰ stale যেনহে লাগে। সৃষ্টিৰ প্ৰসাৰ যিদৰে চকুত লগা হৈছে, তাৰ গভীৰতা সেইদৰে কৰ্ষিত হোৱা নাই। সমাজ-বাস্তৱৰ বহু মাত্ৰাৰ স্বৰূপ উদ্ঘাটন অথবা মানৱীয় স্থিতিৰ (state of man) গভীৰ অন্বেষণে আমাৰ সাহিত্য সমৃদ্ধ কৰা নাই। সৎ, শ্ৰমসাধ্য সাধনাৰ অভাৱত সুখ পাঠ্য উপৰুৱা কাহিনীসৰ্বস্ব মধ্যমীয়া স্তৰৰ এক সাহিত্য জগতৰ মাজতে আমি সন্তুষ্ট হৈ ৰৈছোঁ।[১]
অপূৰ্ব শৰ্মাৰ বিষয়ে বিভিন্নজনৰ মন্তব্য
[সম্পাদনা কৰক | উৎস সম্পাদনা]- শৰ্মাৰ প্ৰতিটো সাধনা-সিদ্ধ গল্পই শিল্প-সুষমামণ্ডিত সৃষ্টি হ’লেও সাধনালব্ধ কাব্যময় গদ্য-শৈলী, চলচ্চিত্ৰীয় কৌশলৰ অনুপম প্ৰয়োগ, ভাষাৰ সাধাৰণ স্থাপত্যিক সংসিদ্ধি আৰু গভীৰ দাৰ্শনিক উপলব্ধিৰ কাৰণে অন্ততঃ এই গল্পকেইটা-- ‘নীল পতাকাৰ তলত’, ‘শুভ-বাৰ্তা’, ‘বাহিৰলৈ যোৱা বাট’, ‘হঠাৎ নদীত ধল’, ‘সৎকাৰ’ আৰু ‘বাঘে টাপুৰ ৰাতি’ --বিগত শতাব্দীৰ দ্বিতীয়াৰ্ধৰ অসমীয়া সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ-কীৰ্তি হিচাপে পৰিগণিত হোৱাৰ যোগ্য। -- প্ৰভাত বৰা।[২]