সমললৈ যাওক

কাৰ্ল ছেগান

ৱিকিউদ্ধৃতিৰ পৰা

কাৰ্ল ছেগান (ইংৰাজী: Carl Sagan, ৯ নৱেম্বৰ, ১৯৩৪ – ২০ ডিচেম্বৰ, ১৯৯৬) একেধাৰে এগৰাকী জ্যোতিৰ্বিজ্ঞানী, গ্ৰহবিজ্ঞানী, মহাজগতবিজ্ঞানী, জ্যোতিঃপদাৰ্থবিজ্ঞানী, লেখক আৰু আদৰ্শস্থানীয় বিজ্ঞান সংযোগকাৰী।[১] ১৯৮৫ চনত তেওঁ আমেৰিকাৰ কংগ্ৰেছৰ আগত সাক্ষ্য দিছিল যে সেউজ গৃহ প্ৰভাৱৰ ফলত পৃথিৱীৰ জলবায়ু ব্যৱস্থাৰ পৰিৱৰ্তন হ’ব।

  • যদি আপুনি আৰম্ভণিৰ পৰা এটা আপেল পাই বনাব বিচাৰে, আপুনি প্ৰথমে বিশ্বব্ৰহ্মাণ্ডখন সৃষ্টি কৰিব লাগিব।
  • বিজ্ঞান আৰু আধ্যাত্মিকতা পাৰস্পৰিকভাৱে একচেটিয়া অৰ্থাৎ তাৰে এটা থাকিলে আনটো থাকিব নোৱাৰে বুলি থকা ধাৰণাটোৱে দুয়োটাৰে অপকাৰহে কৰিছে।[১]
  • বিজ্ঞান যে কেৱল আধ্যাত্মিকতাৰ লগত সমিলমিল থকা বস্তুৱেই এনে নহয়; ই আধ্যাত্মিকতাৰ এক গভীৰ উৎস।[১]
  • আমি বিজ্ঞান আৰু প্ৰযুক্তিৰ ওপৰত একেবাৰে নিৰ্ভৰশীল এখন সমাজত বাস কৰোঁ আৰু তথাপিও চতুৰতাৰে বস্তুবোৰ এনেদৰে সজাই থৈছো যাতে বিজ্ঞান আৰু প্ৰযুক্তি প্ৰায় কোনেও বুজি নাপায়। সেইটো দুৰ্যোগৰ বাবে এটা স্পষ্ট বিধি।
    • ব্ৰিঙিং ছাইন্স ডাউন টু আৰ্থ (১৯৯৪), যুটীয়াভাৱে
  • ঈশ্বৰ আকাশত বহি প্ৰতিটো চৰাইৰ পতনৰ হিচাপ লোৱা বৈ পৰা দাড়িৰে এজন অতি শুভ্ৰবৰ্ণ পুৰুষ বুলি ধাৰণাটো হাস্যকৰ। কিন্তু যদি ঈশ্বৰৰ দ্বাৰা কোনোবাই বিশ্বব্ৰহ্মাণ্ডক নিয়ন্ত্ৰণ কৰা ভৌতিক নিয়মৰ সমষ্টিটোক বুজায়, তেন্তে স্পষ্টভাৱে এনে এজন ঈশ্বৰ আছে। এই ঈশ্বৰ আৱেগিকভাৱে অসন্তুষ্টিজনক... মাধ্যাকৰ্ষণ নিয়মৰ ওচৰত প্ৰাৰ্থনা কৰাৰ বিশেষ যুক্তি নাই।
    • ছাইণ্টিষ্টচ এণ্ড দেয়াৰ গডছ, ইউ.এছ. নিউজ এণ্ড ৱৰ্ল্ড ৰিপোৰ্ট ভোলিউম ১১১ (১৯৯১)
  • মই বিশ্বাস কৰিবলৈ ভাল পাম যে মোৰ যেতিয়া মৃত্যু হ'ব তেতিয়া মই আকৌ জীম, মোৰ কিছু চিন্তা, অনুভৱ, স্মৃতিৰ এটা অংশ চলি থাকিব। কিন্তু মই সেইটো যিমানেই বিশ্বাস কৰিব বিচাৰোঁ‌, আৰু এক পৰলোকক দাবী কৰা প্ৰাচীন আৰু বিশ্বব্যাপী সাংস্কৃতিক পৰম্পৰাৰ সত্ত্বেও, মই ইয়াক ইচ্ছাকৃত চিন্তাতকৈ বেছি বুলি ক’ব পৰা একো নাজানো।
    • ইন দ্য ভেলী অফ দ্য শ্বেড', পেৰেড (১০ মাৰ্চ, ১৯৯৬)
  1. ১.০ ১.১ ১.২ প্ৰান্তিক, ১৬ মাৰ্চ,২০২২
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: