সমললৈ যাওক

ৰুদ্ৰৰাম বড়দলৈ

ৱিকিউদ্ধৃতিৰ পৰা

ৰুদ্ৰৰাম বড়দলৈ (ইংৰাজী: Rudraram Bordoloi; ১৮৩৬-১৮৯৯) নগাঁৱৰ এগৰাকী অসমীয়া লেখক। ১৮৭১ চনত তেখেতে "বঙাল-বঙালনী" নামৰ এখন নাটক প্ৰকাশ কৰে। এইখনক আধুনিক অসমীয়া নাটকৰ ভিতৰত তৃতীয় বুলি গণ্য কৰা হয়।[১] অসমলৈ অহা বহিৰাগত মানুহক বঙাল নাম দিয়া হৈছিল। নাটকখনত লেখকে ব্ৰিটিছৰ সময়ত অসমলৈ অহা বঙালে অসমৰ কিছুমান অসৎ তিৰোতাৰ লগত অবৈধ সম্পৰ্ক ৰাখি সামাজিক সমস্যাৰ সৃষ্টি কৰাৰ কথা চিত্ৰিত কৰিছে।[২] কোনো কোনো ঠাইত শ্বেইক্সপীয়েৰৰ কৌশল ব্যৱহাৰ হ'লেও নাটকখনত সূত্ৰধাৰৰ উপস্থিতিও আছে। নাটকখনত অসমীয়াৰ লগতে বাংলা আৰু মাৰোৱাৰী ভাষাও ব্যৱহাৰ কৰা হৈছে। ১৮৮৫ চনত তেখেতৰ "ৰত্নমণি" নামৰ এখন গ্ৰন্থ প্ৰকাশ হয়। ইয়াত হীৰা, পান্না, মুক্তা আদি নানা ৰত্নৰ গুণাৱলী বৰ্ণনা কৰা হৈছে।

ৰত্নমণি

  1. সচৰাচৰ দেখিবলৈ পোৱা যায় যে, “ৰত্ন” নামে যি এটী শব্দ আছে তাক সৰ্ব সাধাৰণে বড় প্ৰীতি আৰু আদৰেৰে সদায় ব্যৱহাৰ কৰে। অতিশয় প্ৰিয় বা মূল্যবান বস্তুৰ শলাগ লবৰ কি তাৰ গুণ কবৰ সময়ত উক্ত নামীয় বস্তুৰ (ৰত্নৰ) উপমা নিদিলে জগতত তেনে উত্তম আৰু আন কোন বস্তুৱেই নাই যে তাৰ তুলনাৰে সেই বস্তুৰ গুণ গৌৰৱাদিৰ পৰিচৰ দিব পাৰে। জগতৰ সকলো বিষয়তকৈ ৰত্নয়ে অতি প্ৰধান, এবং সৰ্ব্ব বিষয়ে ওখৰ (উচ্চৰ) শেষ সীমা।[৩] (পৃ.ভূমিকা)
  2. “ৰত্ন” এইটী হিন্দুশাস্ত্ৰোক্ত হিন্দুজাতিৰ ব্যৱহাৰীয়নাম, ইয়াক আন আন জাতিয়ে যি নো বোলক, ইয়াৰ বিবৰণ আন আন জাতিয়ে যেনেকৈবা নকওক আৰ্য্য পণ্ডিত সকলে যি বস্তুক ৰত্ন বুলি চিনাই দি গৈছে, আৰু তাৰ আঁতি গুড়ি সিবিলাকে যেনেকৈ লিখি গৈছে তদনুসাৰেই এতিয়া তাৰ চিনাকি লোৱা উচিত হইছে।[৩] (পৃ.ভূমিকা)
  3. ৰম্‌ অৰ্থাৎ ৰমন ধাতুৰ পৰা ৰত্ন নামৰ উৎপত্তি। ধনাৰ্থী মানুহ বিলাকে যি বস্তুত্‌ অতিশয় মন অৰ্থাৎ আহ্লাদ প্ৰকাশ কৰে শব্দ শাস্ত্ৰ বিশাৰদ পণ্ডিত সকলে তাকে ৰত্ন বোলে।[৩] (পৃ.২২)
  4. মণি-ৰত্নৰে কোন কোন বিধ্‌। মন্‌-ই এই ধাতুৰ পৰা উক্ত নামৰ উৎপত্তি। অনেক স্থলত ৰত্ন মণিৰ অভেদ সংজ্ঞা; অৰ্থাৎ ৰত্নে মণি, — মণিয়ে ৰত্ন। কিন্তু স্থল বিশেষে ৰত্নৰ শ্ৰেষ্ঠ অংশকেই মণি বোলা যায়।[৩] (পৃ.২২)
  5. ৰত্ন মণি অতিশয় মনোজ্ঞ বস্তু! ইয়াৰ গুণ স্থূলতঃ মধুৰ, শীতল, শুক্ৰাদিৰ প্ৰবৰ্ত্তক, ধাৰণত্‌ দেহাদিৰ শোভা বৰ্দ্ধক, গ্ৰহ দোষ শান্তিকাৰক, সৰ্পভয় নিবাৰক, এবং অশেষ মঙ্গলদায়ক। ইয়াৰ সেৱনত্‌ দৃষ্টিবৰ্দ্ধন আৰু বিষ দোষ নষ্ট হয়। কিন্তু কুলগ্নত আৰু অশুভ দিনত উৎপত্তি হোৱা ৰত্ন দোষযুক্ত, এবং গুণ হীন, সি ধাৰণ সেৱনৰ অযোগ্য।[৩] (পৃ.২৩)
  6. আজি কালি চেইন, ইয়াৰিং ইত্যাদি নামেৰে বিবিধ প্ৰকাৰৰ যি বিলাক বিদেশী অলঙ্কাৰ ওলাইছে সি যদিও দেশীয় অলঙ্কাৰ হাৰ কুণ্ডলাদিৰ অনুৰূপ; তথাপি দেশীয় বেশৰ উপযোগী নহয়, যেই বা নহক লোকে তাকো ৰত্ন বোধে ব্যৱহাৰ কৰা যেন দেখা না যায়; তাৰ দ্বাৰা কেৱল বেশ্‌হে অলঙ্কৃত কৰে মাত্ৰ।[৩] (পৃ.২৬)
  1. Datta, Amaresh (Editor) (1987). Encyclopaedia of Indian Literature: A-Devo পৃষ্ঠা: 386. প্ৰকাশক: Sahitya Akademi. আহৰণ কৰা হৈছে: 10 June 2019.
  2. ৩.০ ৩.১ ৩.২ ৩.৩ ৩.৪ ৩.৫ শ্ৰীৰুদ্ৰ ৰাম বড়দলৈ (১৮০৭ শক)। ৰত্নমণি গ্ৰন্থ। কৰ্ণওয়ালিস্ ষ্ট্ৰীট, ভিক্টোৰিয়া প্ৰেস।