সমললৈ যাওক

ৰীমা দাস

ৱিকিউদ্ধৃতিৰ পৰা

ৰীমা দাস এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা।[] তেওঁ ২০১৭ চনত মুক্তি লাভ কৰা ভিলেজ ৰকষ্টাৰ্ছ বোলছবিৰ বাবে বিশেষ ভাবে জনাজাত।[][] তেওঁৰ এই বোলছবি খনে প্ৰায় ৮০খন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ প্ৰদৰ্শিত হৈছে আৰু ৪৪টা ভিন্ন শিতানত পুৰস্কাৰ লাভ কৰিছে।[] এই বোলছবি খনে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ স্বৰ্ণ কমল, ৰীমা দাসলৈ শ্ৰেষ্ঠ সম্পাদনা, ভণিতা দাসলৈ শ্ৰেষ্ঠ শিশু শিল্পী আৰু মল্লিকা দাসলৈ শব্দ গ্ৰহণৰ ৬৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[] হালধীয়া চৰায়ে বাওধান খায়ৰ পিছত শ্ৰেষ্ঠ বোলছবিৰ স্বৰ্ণ কমল লাভ কৰা ভিলেজ ৰকষ্টাৰ দ্বিতীয়খন অসমীয়া ভাষাৰ ছবি। ভিলেজ ৰকষ্টাৰছে ২০১৮ চনৰ একাডেমী পুৰস্কাৰৰ বিদেশী ভাষাৰ শ্ৰেষ্ঠ ছবিৰ শিতানত মনোনয়ন পাবৰ বাবে ভাৰত চৰকাৰৰ আধিকাৰীক প্ৰবিষ্টি লাভ কৰিছে। অস্কাৰলৈ ভাৰত চৰকাৰৰ আধিকাৰীক প্ৰবিষ্টি লাভ কৰা এইখন প্ৰথম অসমীয়া ছবি।

  1. আমাৰ গাঁৱত পঢ়া-শুনা কৰা ল'ৰা-ছোৱালীবিলাকৰ কটন কলেজলৈ পঢ়িবলৈ যাবলৈ সৱৰে মন যায়।[]
  2. বিশেষকৈ 'ভিজন'টো যদি মনত 'ষ্ট্ৰংগ' হৈ থাকে, তেতিয়া কথাবোৰ সম্ভৱ হৈ পৰে।[]
  3. বানপানীৰ এটা ভাৰসাম্য থাকে, বৰষুণৰ নাথাকে। আহে আৰু যায়।[]
  4. প্ৰকৃততে আমাৰ মগজুত প্ৰতিযোগিতাৰ মনোভাবটো সুমুৱাই দিয়া হয় - আমি শ্ৰেণীকোঠাত প্ৰথম হ'বই লাগিব ধৰণৰ এটা প্ৰতিযোগী মন গুঁজি দিয়া হয়।[]
  5. আমাৰ ইয়াত এটাই ভাল কথা যে বহুত মানুহ কাম কৰিবলৈ ওলাই আহে। এতিয়া বহুতে নতুন নতুন ধৰণেৰে কাম কৰিছে। তেওঁলোকে ছবিক যি ধৰণেৰে গ্ৰহণ কৰে, সেই ধৰণে ছবি নিৰ্মাণ কৰিছে। এতিয়া ছবি কৰ্মশালা, আলোচনা চক্ৰ আদি হ'ব লাগে - মই সেইটো বিচাৰোঁ। মানে এটা পৰিৱেশ গঢ়ি উঠিব লাগে। নতুন প্ৰজন্মই কিছু নতুন কথা জনা উচিত।[]
  6. যদিও মই কটনত পঢ়িছিলোঁ, কিন্তু যিমান পঢ়া-শুনা কৰিব লাগে সিমান কৰা নাছিলোঁ। নাটক, অভিনয় আদিত বেছিকৈ জড়িত হৈ আছিলোঁ। জীৱনটোৰ লগত প্ৰকৃত অৰ্থত চিনাকি কৰাই দিছিল কটন কলেজে।[]
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ১.৬ অভিজিত বৰা আৰু কল্পজ্যোতি ভূঞা (২০১৭-২০১৮). "জীৱনটোৰ লগত চিনাকি কৰাই দিছিল কটন কলেজে". কটনিয়ান ৯২: ৭২-৭৩. 
  2. Purkayastha, Debasree (25 September 2017). Rockstar from the village. প্ৰকাশক: Thehindu.com. আহৰণ কৰা হৈছে: 13 December 2017.
  3. Rima Das rocks the charts with her movie Village Rockstars 6112017. প্ৰকাশক: M.indiatoday.in. আহৰণ কৰা হৈছে: 13 December 2017.
  4. https://www.ndtv.com/entertainment/village-rockstars-rules-mami-film-festival-wins-3-awards-1764767
  5. "65th National Film Awards announcement: Highlights". আহৰণ কৰা হৈছে 13 April 2018.