হিমাংশু প্ৰসাদ দাস
অৱয়ব
হিমাংশু প্ৰসাদ দাস হৈছে অসমৰ এগৰাকী কবি, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, চলচ্চিত্ৰ অভিনেতা আৰু পৰিচালক। তেওঁ বিশেষকৈ অসমৰ অপেছাদাৰী নাটকৰ লগত জড়িত।[১]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- আচল পৰিচয়টো হ’ল, মই এজন কথকী মানুহ। গান, নাটক, কবিতা বেলেগ একো নহয়, কথা কোৱাৰ মাধ্যম মাত্ৰ। সাংস্কৃতিক ক্ষেত্ৰতে হওক বা পাৰিবাৰিক জীৱনতে হওক, সফল বুলি স্বীকৃতি পাবলৈ সাধনাৰ প্ৰয়োজন হয়, মোৰ অস্থিৰ স্বভাৱে সেই সুখ পোৱাৰ পৰা সদায় বঞ্চিত কৰি আহিছে।[১]
- জীৱনৰ ইনিংচ গঢ়িবলৈ ৰাহুল দ্ৰাবিড়ৰ দৰে ধৈৰ্যৰ প্ৰয়োজন হয়, আমাৰ STYLE টো বীৰেন্দ্ৰ চেহৱাগৰ দৰে, হয়তো কেতিয়াবা ধুমুহা আৰু কেতিয়াবা কেৱল শূন্য। কিন্তু এটা দলত সকলোৱে যদি ৰাহুল দ্ৰাবিড়ৰ দৰে বেটিং কৰে, তেতিয়াও জানো হ’ব?[১]
- কটন কলেজৰ গল্পময় জীৱনে যুঁজিবলৈ শিকালে, ৰাতিৰ ভিতৰতে নায়ক হোৱা আৰু ৰাতিৰ ভিতৰতে খলনায়ক হোৱাৰ নিৰ্মম অভিজ্ঞতাই জীৱনক আৰু ৰোমাঞ্চকৰ কৰি তুলিলে।
- মই ঘৰগোনা নহয়, কিন্তু অসমপ্ৰেমী।[১]
- জীৱনত সঁচাৰ যিমান প্ৰয়োজন আছে, মিছাৰো সিমানেই প্ৰয়োজন আছে বুলি ভাবোঁ, যদিহে সেই মিছা সত্য প্ৰতিষ্ঠাৰ স্বাৰ্থত হয়।[১]
- ‘ফেন’ বোলা শব্দটো কিয় জানো ভাল নালাগে। আমাক জীৱনত সহযোদ্ধা লাগে, সহযাত্ৰী লাগে, ‘ফেন’ মানেই যেন মোহবিষ্ট বা অন্ধ।[১]