ৰামেশ্বৰ পাঠক

ৱিকিউদ্ধৃতিৰ পৰা

ৰামেশ্বৰ পাঠক (ইংৰাজী: Rameswar Pathak) অসমৰ এগৰাকী প্ৰসিদ্ধ কামৰূপী লোকগীত শিল্পী।[১] অসমৰ বৰপেটা জিলাভেল্লাত ১৯৩৮ চনৰ ১ মাৰ্চত পাঠকৰ জন্ম হয়। ১৯৫৮ চনত স্কুলীয়া শিক্ষা সাং কৰি তেওঁ বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত নামভৰ্তি কৰে। সেই সময়তে এখেতে সংগীত শিক্ষাতো মনোনিৱেশ কৰে। পণ্ডিত দয়াল চন্দ্ৰ সূত্ৰধাৰৰ তত্ত্বাৱধানত ৰামেশ্বৰ পাঠকে বৰগীত প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে। ১৯৬১ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱত বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ হৈ ৰামেশ্বৰ পাঠকে বৰগীত, আধুনিক গীত, ভজন তথা গজল শাখাত প্ৰথম স্থান অধিকাৰ কৰে। ১৯৬৩ চনত তেওঁ গুৱাহাটীৰ আৰ্য্য বিদ্যাপীঠত শিক্ষক হিচাপে চাকৰি জীৱন আৰম্ভ কৰে।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • যদি মই আধুনিক সংগীতত মনোনিৱেশ কৰিলোহেঁতেন, তেন্তে মই বহুত উপাৰ্জন কৰিব পাৰিলোহেঁতেন; যাৰ দ্বাৰা মোৰ সন্তানৰ প্ৰয়োজনীয়তা আৰু সপোনবোৰ পূৰণ কৰিব পাৰিলোহেঁতেন। কিন্তু, এয়া (অৰ্থাৎ কামৰূপী লোকগীত) ভিক্ষাৰীসকলৰ সংগীত আৰু আপুনি দেখিছে যে মোৰ স্থিতি তাতকৈ ভাল নহয়।
    • দ্য আসাম ট্ৰিবিউনক দিয়া সাক্ষাৎকাৰ[২]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. (2010-12-04) Lokageet maestro Rameswar Pathak dead। The Assam Tribune।
  2. Manjit Kumar Sarma. A profile of Rameshwar and Dhanada Pathak. প্ৰকাশক: www.oocities.org. আহৰণ কৰা হৈছে: 17 March 2022.

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: