বৰগীত
অৱয়ব
বৰগীত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত, উচ্চ আধ্যাত্মিক ভাবপূৰ্ণ, নিৰ্দিষ্ট ৰাগ-তাল বিশিষ্ট, এক বিশেষ শৈলীৰে গোৱা গীত৷ ভক্তিৰসসমৃদ্ধ বৰগীতসমূহ ব্ৰজাৱলী ভাষাৰে শ্ৰীকৃষ্ণৰ প্ৰতি ভক্তি প্ৰকাশেৰ অৰ্থে ৰচিত। শংকৰদেৱ আৰু মাধৱদেৱ দুয়োজনে ৰচনা কৰা গীত সমূহক “বৰগীত’’ হিচাপে নামকৰণ কৰা নাছিল; পৰৱৰ্তী কালত ভকতসকলেহে শংকৰ-মাধৱে ৰচনা কৰা মহত্বপূৰ্ণ গীতসমূহক শ্ৰেষ্ঠত্বসূচক 'বৰ' বিশেষণটো লগাই "বৰগীত" হিচাপে নামকৰণ কৰিছিল৷
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মন মেৰি ৰাম চৰণহি লাগু
তই দেখুনা অন্তক আগু৷ (শংকৰদেৱৰ প্ৰথম বৰগীত)[১]
মন্তব্য
[সম্পাদনা কৰক | উৎস সম্পাদনা]- বৰা পো, অনেক শ্ৰম কৰি গীতখানি কৈলো পুইলে৷ গীত কিছু কৰা, আমি নকৰোঁ আৰু৷
- শংকৰ-মাধব বিৰচিত, সত্ৰসমূহত বা ঘৰে ঘৰে সাঁচিপাতত থকা বিশেষ গীতসমূহকেইহে অবিসম্বাদীৰূপে বৰগীত বোলা হয়৷
- মহেশ্বৰ নেওগ৷[১]
- বৰগীতবোৰ ওখ নৈতিক আধ্যাত্মিক ভাবৰ ওপৰত প্ৰতিষ্ঠিত৷ সেইকাৰণে সেইবোৰক বৰগীত বোলা হয়৷
- বাণীকান্ত কাকতি৷[১]
- “হৰমোহন, প্ৰেমকলহ, ৰাসযাত্ৰা বা কেলি গোপালৰ কাহিনী বৰগীতত নাই। বৰগীতত আছে বেদান্তৰ মৰ্ম সহজ-সৰল ভাষাত; তাত বাজি আছে আধ্যাত্মিক চিন্তা ঐকান্তিক ভক্তিৰ গদ্ গদ্ সুৰত আৰু আছে বিশ্বম্ভৰ ভগৱান স্বয়ং শ্ৰীকৃষ্ণৰ বিশ্ব বিমোহন বাল্য ৰূপৰ বিৱৰণ— জকমকীয়া শব্দৰ আধাৰত।”
- মহেশ্বৰ নেওগ৷[২]
- ভাবৰ ফালৰ পৰা সেই বাবে বৰগীতবিলাক উপনিষদৰ তত্ত্ব আৰু শ্ৰীমদ্ভাগৱতৰ ভক্তি— এই দুয়োটিৰ এটি ব্যঞ্জনাময় ৰূপৰ আধাৰ হৈ উঠিছে।
- ড° নগেন শইকীয়া[২]
- “শংকৰদেৱৰ ৰচিত যিবোৰ গীত এতিয়াও আছে সেই আটাইবোৰ প্ৰাৰ্থনাসূচক। মানৱ জীৱন দুষ্প্ৰাপ্য অথচ ক্ষণভংগুৰ আৰু মায়াময় হৰিভক্তি মোহাচ্ছন্ন জীৱন সমূদ্ৰত ধ্ৰুৱতৰা, এনে নানা ভাব আৰু ভাষা শংকৰদেৱৰ গীতবোৰৰ সাধাৰণ তাৎপৰ্য। মাধৱদেৱৰ ৰচিত গীত কেতবোৰত এই ভাবৰ পুনৰুক্তি আছে; কিন্তু তেওঁৰ বেছিভাগ গীততেই শিশুকৃষ্ণৰ বাল-জীৱনৰ ৰং-বিৰঙৰ চিত্ৰ ফুটি ওলাইছে। বাৎসল্য প্ৰেম মাধৱদেৱৰ ভক্ত জীৱনৰ এটি গুৰুত্বপূৰ্ণ অংগ। গীত, পদ, নাট সকলোতেই তেওঁ শ্ৰীকৃষ্ণৰ শিশু-চৰিত্ৰ সজীৱ কৰি তুলিছে।”
- ড° বাণীকান্ত কাকতি[৩]
- বৰগীত সাংসাৰিক জগতৰ প্ৰেম কাহিনীৰ পৰা সম্পূৰ্ণ মুক্ত, আধ্যাত্মিক ভাবৰ উপাসনা প্ৰসংগৰ গীত৷ তদুপৰি ই মহাপুৰুষ বিৰচিত হ’ব লাগিব৷ এনে প্ৰকাৰে বিবেচনা কৰিলে বৰগীতক এটা শ্ৰেণী নুবুলি এক পঞ্জী বা থুপ বোলাহে সমিচীন হ’ব যেন লাগে৷
- মহেশ্বৰ নেওগ[৪]