সমললৈ যাওক

ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী

ৱিকিউদ্ধৃতিৰ পৰা

ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী (ইংৰাজী: Ranjit Kumar Dev Goswami; জন্ম :২১ ছেপ্টেম্বৰ, ১৯৫১ চন) অসমৰ এগৰাকী লেখক, সমালোচক, অধ্যাপক আৰু প্ৰাৱন্ধিক।[] সত্তৰৰ দশকত শংকৰদেৱহৰমোহনৰ আলোচনাৰে তেওঁ বিদ্ব সমাজৰ দৃষ্টি আকৰ্ষণ কৰিছিল। তাৰ পিছত অসমৰ সামাজিক, সাংস্কৃতিক আৰু বৌদ্ধিক ঐতিহ্য আৰু পৰম্পৰাৰ প্ৰেক্ষাপটত তেওঁ যথেষ্ট আলোচনা আৰু সমালোচনা আগবঢ়াইছে। দেৱ গোস্বামীৰ দুখন গ্ৰন্থ ‘বাণীকান্ত কাকতি আৰু অসমৰ বৌদ্ধিক ইতিহাস’ আৰু ‘ৰিডিং শংকৰদেৱ : মাৰজিনেলিটি এণ্ড ইণ্ডিয়াননেছ’ ক্ৰমে ১৯৯৫ আৰু ২০০৫ চনত প্ৰকাশ পায়। তেওঁৰ ৰচনা সমগ্ৰ ‘প্ৰবন্ধ’ (২০১৫) অসমীয়া সাহিত্যক্ষেত্ৰলৈ এক উল্লেখযোগ্য অৱদান। ৰচনা সমগ্ৰখনৰ পৰিৱৰ্ধিত দ্বিতীয় সংস্কৰণ ২০১৯ চনত প্ৰকাশ পায়। গোস্বামী আধুনিক দৃষ্টিভংগীৰে শংকৰদেৱ চৰ্চাৰ অন্যতম প্ৰতিষ্ঠান ‘শংকৰদেৱ অধ্যয়ন ক্ষেত্ৰৰ’ সভাপতি। সাহিত্য আলোচনী ‘কথা’ আৰু ‘কথা গুৱাহাটী’ৰ তেওঁ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক আছিল আৰু এই বিশ্ববিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰালৰ গ্ৰন্থাগাৰিক ৰূপেও কাৰ্যবিৰ্বাহ কৰিছিল। ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ সন্মানীয় শ্ৰীমন্ত শংকৰদেৱ আসন অলংকৃত কৰিছিল।[]

প্ৰবন্ধ

  1. ঐশী স্পৰ্শৰ বিদ্যুতেৰে সঞ্জীৱিত এই পৃথিৱীৰ জয়গানেই শংকৰদেৱ-প্ৰচাৰিত ভক্তিৰ মৰ্ম। আৰু ভক্তি মানে কেৱল ইংৰাজী devotion শব্দই সূচোৱা একপক্ষীয় এটা গতিয়েই নহয়, এয়া সংলাপধৰ্মী এক কল্পনা, পাৰস্পৰিক শ্ৰদ্ধা, ভাব-বিনিময়, অন্তৰৰ স্নেহানুভূতিৰ পবিত্ৰতা, ছোৱে'ৎজাৰ-কথিত reverence for life: "সকলো প্ৰাণীকে দেখিবেক আত্মসম” ('শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ')। []
  2. শংকৰদেৱৰ বিস্ময়কৰ, অনন্য প্ৰতিভাৰ বিচাৰত ধৰ্মীয় আৱেগে সততে আহুকাল কৰে। কিন্তু পুৰণি শৈৱ, শাক্ত বা বামাচাৰী তন্ত্ৰ সাধনাক ব্যভিচাৰৰ নামান্তৰ বোলাটো যিদৰে আধুনিক নৃতত্ত্বৰ পৰিপন্থী ভকতীয়া মত, সিবিলাকৰ তুলনাত নৱবৈষ্ণৱ আন্দোলনৰ সামাজিক- সাংস্কৃতিক অৱদান আওপাকে নুই কৰাৰ ভঙ্গীও একেই দেউলীয়া আদৰ্শৰ পৰিচায়ক। শংকৰদেৱ এটা বিশেষ আৰ্থ-সামাজিক অৱস্থাৰ সৃষ্টি, পৰিৱৰ্তনৰ সাক্ষী আৰু পুৰোধা-তেওঁৰ প্ৰতিভাৰ মূল্যায়নো সেই দৃষ্টিকোণৰপৰাই হোৱাটো যুগুত॥[]
  3. অসমীয়া সংস্কৃতিৰ দুটা ব্যৱহাৰযোগ্য-আৰু সততে ব্যৱহৃত-অতীত ক্ৰমে নৱ- বৈষ্ণৱ যুগ আৰু ঊনবিংশ শতিকা। পোন্ধৰ-ষোল্ল শতিকাৰ অসম আৰু আনন্দৰাম ঢেকিয়াল ফুকনে প্ৰতিনিধিত্ব কৰা ঊনবিংশ শতিকাৰ অসমৰ যোগসূত্ৰ এক অনন্য অনুভূতি-বিস্ময়ভাব। আগৰটো যুগত যদি অসমীয়াই ৰ-লাগি, তধা লাগি নিৰীক্ষণ কৰিছিল অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ অধিকাৰী হৰিৰ বিস্ময়াৱহ বিভিন্ন ৰূপ, ঊনবিংশ শতিকাৰ আনন্দৰামে নিৰীক্ষণ কৰিলে শ্ৰম আৰু জ্ঞানৰ জৰিয়তে দেশৰ প্ৰগতিৰ বাট সুচল কৰা দূৰৈৰ এক "সভ্যতা”ৰ জাগতিক বিস্ময়॥[]
  4. হেমচন্দ্ৰ বৰুৱাই মদ খাই অসমত আধুনিকতা প্ৰৱৰ্তন কৰা নাছিল। জনজাতি-প্ৰধান অসমত বহু শ বছৰৰ আগৰেপৰাই মদ, সি যি কি বিধৰেই নহওক কিয়, প্ৰচলিত আছিল। তথাকথিত উচ্চ বংশজাত হিন্দুৱে তাৰপৰা সম্পূৰ্ণৰূপে বিৰত থকাৰ বিশেষ প্ৰমাণতো আমাৰ হাতত নায়েই, খুচৰিলে বৰং ওলোটাটোহে উকমুককৈ মূৰ দাঙি উঠাৰ সম্ভাবনা। ইংৰাজ অহাৰ পাছত মদ খোৱাটো একপ্ৰকাৰ সামাজিক সম্ভ্ৰমৰ পৰিচায়কৰূপেই গণ্য হৈ আহিবলৈ ধৰিছিল॥[]
  5. কলিকতা বিশ্ববিদ্যালয়ৰ স্বৰ্ণযুগৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ অন্যতম বাণীকান্ত কাকতিয়ে সেই কালৰ শৈক্ষিক পৰিৱেশৰপৰা আহৰণ কৰিছিল প্ৰায় ৰিনেইছন্সধৰ্মী এক উদগ্ৰ জ্ঞানপিপাসা আৰু ডাৰৱিন-উত্তৰ প্ৰতীচ্যৰ সমন্বয় দৰ্শন কিম্বা তুলনামূলক ঐতিহাসিক বিচাৰৰ সমকালীন আদৰ্শ। অসমীয়া পঢ়ুৱৈক থোৰতে এই সাৰ্বভৌম জ্ঞান-সাধনাৰ আদৰ্শৰ কিছু আভাস দিছিল কাকতিৰ কনিষ্ঠ সমসাময়িক কৃষ্ণকান্ত সন্দিকৈয়ে, ১৯১৮ চনত॥[]