ৰঘুনাথ চৌধাৰী
ৰঘুনাথ চৌধাৰী (ইংৰাজী: Raghunath Choudhary; ১৮৭৯–১৯৬৭) অসমীয়া সাহিত্যৰ ৰোমাণ্টিক যুগৰ এগৰাকী বিশিষ্ট কবি আছিল। মূলতঃ প্ৰকৃতিক কেন্দ্ৰ কৰিয়েই অসংখ্য কবিতা ৰচনা কৰা বাবে তেখেত বিহগী কবি নামেৰে জনাজাত হয়। ৰঘুনাথ চৌধাৰীৰ জন্ম বিখ্যাত কলিতা চৌধাৰী বংশত ১৮৭৯ চনত অসমৰ অবিভক্ত কামৰূপ জিলা (বৰ্তমান নলবাৰী)ৰ লাউপাৰা গাঁৱত হৈছিল। ৰঘুনাথ চৌধাৰীৰ প্ৰথম কবিতা পুথি সাদৰী ১৯১০ চনত প্ৰকাশ পায়। ১৯১৮ চনত তেখেতৰ দ্বিতীয় কবিতা পুথি কেতেকী প্ৰকাশ পায়। ১৯২৩ চনত কবিতা পুথি কাৰবালা আৰু ১৯৩১ চনত দহিকতৰা প্ৰকাশ পায়। গদ্য পুথি নৱমল্লিকা ১৯৫৮ চনত প্ৰকাশ পায়। নৱমল্লিকাক কথা কবিতা বুলি কোৱা হয়। তেখেতে কৰণি নামে এখন অপ্ৰকাশিত গল্প পুথি ৰচনা কৰিছিল। তেখেতৰ সৰহভাগ ৰচনা ‘জোনাকী’, ‘আলোচনী’, ‘বাঁহী’ আদিত প্ৰকাশ হৈছিল। সত্যনাথ বৰা সম্পাদিত দ্বিতীয় খণ্ড ‘জোনাকী’ত তেখেত সহকাৰী সম্পাদক আছিল। ১৯২৩ চনত তেখেতে শিশু আলোচনী ‘মইনা’, ১৯৩৭ চনত ‘জয়ন্তী’ আৰু ১৯৮০ চনত ‘সুৰভি’ সম্পাদনা কৰে। ১৯৩৬ চনত এপ্ৰিলত তেজপুৰত হোৱা অসম সাহিত্য সভাৰ ষোড়শ অধিবেশনৰ ৰঘুনাথ চৌধাৰী সভাপতি আছিল।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- জীৱনৰ কোনো কথাতে গৌৰৱ নকৰিবা, যদি তুমি সঁচাই উপযুক্ত; তেন্তে তোমাৰ জ্ঞান-বুদ্ধিমত্তাক লৈ এদিন সমাজেই গৌৰৱ কৰিব।[উৎসৰ প্ৰয়োজন]
- হাতীক যিদৰে হাতেৰে বগৰাই দিব নোৱাৰি, অসমীয়া জাতিও সেইদৰে বাৰিষাৰ ধলত জাঁজীত উটি যাব নোৱাৰে।[১][২]
- নিজৰ ভাষাত উন্নত ধৰণৰ সাহিত্য নাথাকিলে আন ভাষাৰ সাহিত্যই মানুহে পঢ়িব, কাৰণ জ্ঞানোপাৰ্জনৰ আকাঙ্খা মানুহ মাত্ৰৰে এটা শ্বাশ্বত গুণ৷ [৩]
উত্স
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ মহৎ লোকৰ বাণী, ৫ জানুৱাৰী, ২০২২
- ↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং, ২০, প্ৰকাশক উৎপল হাজৰিকা, বাণী মন্দিৰ
- ↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং: ৩৪২, প্ৰকাশক: উৎপল হাজৰিকা, বাণী মন্দিৰ