৮ মাৰ্চ

ৱিকিউদ্ধৃতিৰ পৰা

বিগত বৰ্ষৰ আজিৰ উদ্ধৃতি:

২০২৩
“পৰিবৰ্তন জগতৰ ধৰ্ম৷ কালৰ অবিৰাম সোঁতে জগতক একেথিৰে ৰখা নাই৷ কেৱল ঢৌৰ উপৰি ঢৌ৷ পৰিবৰ্তনৰ পিছত পৰিবৰ্তন৷ এটা কথাৰে পৰিবৰ্তনৰ মাজেদি বিকাশ আৰু আনটোৰে পৰিবৰ্তনৰ মাজেদি বিনাশ৷ বিকাশৰ পৰিবৰ্তনেই উন্নতি আৰু বিনাশৰ পৰিবৰ্তনেই অৱনতি৷”
~ ৰত্নকান্ত বৰকাকতি ~

২০২৪
“সমগ্ৰ জনসংখ্যাৰ আধাই হ’ল নাৰী৷ এই আধা জনসংখ্যাৰ মানুহ যদি অশিক্ষিত আৰু পৰনিৰ্ভৰ হৈ থাকে, যদি নিৰ্যাতিত আৰু অত্যাচাৰিত হৈ থাকে, সমাজৰ বাবে যদি এই বিপুল সংখ্যাৰ মেধা, বুদ্ধি, শক্তি, ক্ষমতা একো কামত নালাগে, তেন্তে সেই সমাজতো পিছুৱায়ে থাকিব৷ নাৰী পিছ পৰি থাকিলে প্ৰগতি পিছ পৰি থাকে৷ নাৰী পিছ পৰি থাকিলে সভ্যতা পিছ পৰি থাকে৷”
~ তছলিমা নাছৰিন ~