অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা
অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা (ইংৰাজী: Asomiya Jatiya Jivanat Mahapurushiya Parampara) হৈছে অসমীয়া প্ৰবন্ধকাৰ, সমালোচক আৰু সাহিত্যিক ড০ হীৰেন গোহাঁইৰ দ্বাৰা লিখিত এখনি অ-কাহিনীমূলক গ্ৰন্থ। ১৯৮৯ চনত সাহিত্য একাডেমীৰে সন্মানিত হোৱা এই গ্ৰন্থখনে মূলতঃ অসমীয়া সমাজ-জীৱনত বৈষ্ণৱ সংস্কৃতিৰ প্ৰভাৱ আৰু সামগ্ৰিকভাৱে বৈষ্ণৱ সংস্কৃতিৰ একাধিক দিশৰ ওপৰত আলোকপাত কৰে৷ ২০২৪ চনত গ্ৰন্থখনৰ চতুৰ্থটো পৰিৱৰ্ধিত সংস্কৰণ প্ৰকাশিত হয়৷
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]প্ৰসংগ উত্থাপন
[সম্পাদনা কৰক | উৎস সম্পাদনা]- সংহতিৰ যি ঐতিহ্যৰ কথা আমি কৈছোঁ, সি ঘাইকৈ সাংস্কৃতিক৷ অৰ্থাৎ তাৰপৰা ধৰ্ম, ভাষা আৰু জীৱনযাত্ৰাৰ প্ৰশ্নটো আঁতৰাই থ'ব নোৱাৰি৷
- পৃ. ৩৫
- সংহতি এটা ধোঁৱাচাঙত সাঁচি থ'ব পৰা নাইবা শৰাইত থাপি পাহৰিব পৰা পদাৰ্থ নহয়৷ ই এটা প্ৰক্ৰিয়া৷
- পৃ. ৩৫
অসমত বৈষ্ণৱ আন্দোলনৰ পটভূমি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- সাংস্কৃতিক দিশত অসমীয়া সমাজৰ বাবে সকলোতকৈ উল্লেখযোগ্য ঘটনা আছিল বৈষ্ণৱ আন্দোলন৷ কেৱল তাৰ বিপুল আৰু গভীৰ প্ৰভাৱৰ বাবেই নহয়৷ এই আন্দোলনে মানসিক আৰু নৈতিকভাৱে অসমৰ মানুহক যিমান ওপৰলৈ তুলিলে, আন একোৱে এতিয়ালৈকে নিব পৰা নাই৷ বিদেশীৰ আগত আমাৰ পৰিচয়ৰ প্ৰধান সূত্ৰ এই আন্দোলনসমূহ৷
- পৃ. ৪১
ভক্তিবাদৰ দ্বিতীয় পৰ্যায়
[সম্পাদনা কৰক | উৎস সম্পাদনা]মহাপুৰুষীয়া ধৰ্মমত প্ৰচাৰত মাধৱদেৱৰ সোঁহাত আছিল ক্ষুদ্ৰ ব্যৱসায়ী নাৰায়ণ দাস বা ঠাকুৰ আতা৷ পণ্য ব্যৱস্থাৰ বিকাশ আৰু প্ৰসাৰত এই দোকানী, সৰু-সুৰা বেপাৰী আৰু ভ্ৰাম্যমাণ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বৰঙণিও আছিল উল্লেখযোগ্য৷
- পৃ. ৭৭
অসমত বৈষ্ণৱ ধৰ্মৰ সামাজিক ভূমিকা
[সম্পাদনা কৰক | উৎস সম্পাদনা]- শংকৰদেৱৰ বাবে ভাগৱত পুৰাণ ভক্তিৰ অন্যতম প্ৰধান অৱলম্বন৷ প্ৰথম, দ্বিতীয় দশমৰ আদিছোৱা, একাদশ আৰু দ্বাদশ স্কন্ধ শংকৰদেৱে নিজে অসমীয়ালৈ ভাঙিছে৷ কিন্তু মূল ভাগৱতৰ মূল আৰু সূক্ষ্ম তত্ত্বকথা তেওঁ হয় বাদ দিছে, নতুবা অত্যন্ত সংক্ষেপে অনুবাদ কৰিছে৷
- পৃ. ৯৯
শংকৰদেৱ ইতিহাসৰ ঊৰ্ধ্বত আছিল নে?(১)
[সম্পাদনা কৰক | উৎস সম্পাদনা]- শ্ৰীমন্ত শংকৰদেৱ অসমীয়াহে নালাগে সকলো অসমবাসীৰ কৃতজ্ঞ শ্ৰদ্ধাৰ পাত্ৰ৷ তেওঁৰ আদৰ্শ আৰু অৱদানে অসমৰ মানসিক আৰু আধ্যাত্মিক জগতত এনে সাঁচ বহুৱাই থৈ গৈছে যে বহু যুগ ধৰি আমি তেওঁৰ বিষয়ে আলোচনা কৰি থাকিব লাগিব, তেওঁৰ শিক্ষা কামত লগাব লাগিব৷
- পৃ. ১৩৫
তথ্যসূত্ৰ
[সম্পাদনা কৰক | উৎস সম্পাদনা]গোহাঁই, হীৰেন (২০২৪, চতুৰ্থ পৰিৱৰ্ধিত সংস্কৰণ). অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা . পাণবজাৰ, গুৱাহাটী-৭৮১০০১. জে বি বুক ষ্টল. আই.এচ.বি.এন. 978-81-968388-2-9.