সৰলা ভূঞা
অৱয়ব
সৰলা ভূঞা (ইংৰাজী: Sarala Bhuyan) লেখক, গৱেষক৷ তেখেতে অসমীয়া গীতি সাহিত্য বিষয়ক এখন বিদ্যায়তনিক গ্ৰন্থ প্ৰণয়ন কৰিছে৷
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]অসমীয়া গীতি-সাহিত্যৰ ৰূপৰেখা
- প্ৰত্যেক মানুহৰ সুখ-দুখ, হৃদয়-অনুভূতি বেলেগ বেলেগ। সেইবোৰৰ বশৱৰ্তী হৈয়ে কেতিয়াবা কোনো বিশেষ মুহূৰ্তত নিজকে প্ৰকাশ কৰিবলৈ উদ্বাউল হয়। এনে ধৰণৰ আত্মপ্ৰকাশৰ প্ৰয়াস মানুহে ব্যক্তিগতভাৱে বা সমূহীয়াভাবেও কৰে। এনেকুৱা প্ৰবৃত্তিয়েই জন্ম দিছিল কিছুমান মৌখিক গীতৰ। মানুহৰ সৃজনশীল প্ৰতিভা আৰু তীক্ষ্ণ স্মৰণ শক্তিৰ বাবে এই গীতবোৰৰ কিছুমান মুখে মুখে বাগৰি আহিও আজিকোপতি জীয়াই আছে। [১]
- লোক কবিয়ে যি দেখিছিল, যি অনুভৱ কৰিছিল আৰু যি কল্পনা কৰিছিল তাকে গীতসমূহৰ মাজত দাঙি ধৰিছিল। ফলত গীতসমূহে সমাজৰ সুখ-দুখ, সমস্যা সামাজিক প্ৰতিচ্ছবি আৰু মানুহৰ জীৱন ধাৰা হুবহু ফুটাই তোলে। লিখিত ৰূপৰ গীতি-সাহিত্যৰ মাজত একোখন সমাজৰ মানৱীয় চিন্তা, ৰুচিবোধ আৰু পাৰি-পাৰ্শ্বিকতাৰ প্ৰভাৱ দেখা যায়। যি কোনো সাহিত্যৰ উদ্দেশ্য হ'ল মানুহৰ মনত ভিন্ন ৰসৰ সৃষ্টি কৰি পৰিতৃপ্তি দিয়া। গীতি-সাহিত্যয়ো লয়, তাল, সুৰ আৰু কাব্যিক সৌন্দৰ্য সংযোগেৰে মানুহৰ মনত তৃপ্তি দিয়ে। [১]
- বিশ্বৰ সকলো দেশতে গীতি-সাহিত্য আছে। সমগ্ৰ বিশ্বতে গীতি-সাহিত্যৰ মাজত দুটা স্পষ্ট বিভাজন দেখা যায়। এটা হ'ল মৌখিক গীতৰ সৰলতা আনটো হ'ল লিখিত গীতৰ মাজত বিকশিত আধুনিকতা। সাধাৰণতে উগ্ৰ আধুনিকতাই কিছুমান গীতৰ আঞ্চলিক বৈশিষ্ট্য আৰু মৰ্যাদা হানি কৰাৰ আশংকা থাকে; কিন্তু ভিন ভিন অঞ্চলৰ লগত হোৱা সংস্পৰ্শ আৰু আধুনিকতাই কোনো কোনো ক্ষেত্ৰত গীতলৈ নতুনত্ব কঢ়িয়াই আনিব পাৰে। গতিকে গীতি-সাহিত্যৰ ৰূপ গ্ৰহণ আৰু বৰ্জনৰ মাজেদি নিৰ্ধাৰিত হয়। [২]
- বিশ্ব সাহিত্যত গীতৰ ৰচনাৰ সময়ৰ বিষয়ে সঠিক সিদ্ধান্ত দিব পৰা টান। কিছুমান গীত পৌৰাণিক আখ্যানৰ ভিত্তিত ৰচিত, কিছুমান ধৰ্মীয় অথবা লোক উৎসৱৰ ভিত্তিত আৰু কিছুমান বুৰঞ্জীমূলক ঘটনাৰ ওপৰত লিখা। কিন্তু এইবোৰ সময়েৰে গীতি-সাহিত্যৰ সময়সীমা নিৰ্ণয় কৰিব নোৱাৰি। সেইবাবে কোন ক্ষণত এই সাহিত্যৰ জন্ম হৈছিল সেই বিষয়ে পণ্ডিতসকলৰ মতদ্বৈধ্যতা আছে। সেয়ে এনে এটি সিদ্ধান্তত উপনীত হ'ব পৰা যায় যে এই সাহিত্য এক নিৰ্দিষ্ট সময়ত সৃষ্ট নহয়। কাৰণ আদিম যুগৰ পৰা বৰ্তমানলৈকে এই সাহিত্য সৃষ্টিৰ প্ৰবাহ অব্যাহত আছে। [২]
- মৌখিক গীতবোৰৰ ৰচক আছিল অখ্যাত নিৰক্ষৰ লোক। তেওঁলোকৰ নামৰ কোনো উল্লেখ নাছিল, আছিল যদিও মুখ বাগৰি অহা বাবে কৰবাত হেৰাই গ'ল আৰু কিছুমান গীতৰ ৰচকৰ নাম হয়তো পৰৱৰ্তী গায়কসকলেও দিব পাৰে। কিন্তু যেতিয়াৰ পৰা গীতি-সাহিত্যই লিখতি ৰূপ পালে তেতিয়াৰ পৰা গীতিকাৰ সকলৰ সময় আৰু পৰিচয় উলিওৱাৰ সংকট আঁতৰিল। ইয়াৰ উপৰি গীতবোৰৰ ব্যৱহৃত কিছুমান শব্দই গীতৰ সময়ৰ কিছু আভাস দিয়ে। গীতবোৰৰ বিষয়বস্তু ভালদৰে কৰা অধ্যয়নে নিশ্চয় গীতসমূহৰ সময় নিৰ্ধাৰণৰ পথ প্ৰশস্ত কৰিব। [৩]
- গীত আৰু গীতি-সাহিত্য শব্দ দুটা সাদৃশ্যযুক্ত হ'লেও সূক্ষ্ম পাৰ্থক্যও নথকা নহয়। গীতৰ সুৰ লৈ যেতিয়া মন কৰা যায় নাইবা গায়নৰ ফালে লক্ষ্য কৰা হয়, তেতিয়া ই হৈ থাকে পৰিবেশ্য কলা। আনহাতে তাৰ কথা অংশলৈ মন কৰিলে ইয়াক সাহিত্যৰ অন্তৰ্ভুক্ত কৰিব পাৰি; - যদিহে তাৰ কিছুমান নিৰ্দিষ্ট গুণ থাকে। [৩]
- গীত আৰু কবিতাৰ মাজত এক নিবিড় সম্পৰ্ক আছে। কবিতাৰ মাজত থাকে গীত, গীতৰ মাজত থাকে কবিতা। গীতে যিদৰে শ্ৰৱণ আৰু হৃদয়ক পৰিতৃপ্তি দিব পাৰে; কবিতায়ো পাৰে। কবিতাৰ সৃষ্টি প্ৰকৃতিৰ বুকুতেই। সংগীতৰ সুৰৰ উৎপত্তিৰ যি মতবাদ আছে সেই মতবাদৰ ফালৰ পৰা সুৰো প্ৰকৃতিৰ বুকুৰ পৰা অহা বুলি ক'ব লাগিব৷ [৩]
- কবিতাৰ দৰে গীতৰো মূল বস্তু শব্দ বা ধ্বনি। কবিতাৰ এটা লয় থাকে; লয়ে কবিতাক গদ্যৰ পৰা পৃথক কৰে। [৪]
- কবিতাৰ লক্ষ্য মানুহৰ মনক তৃপ্তি দিব পৰা গুণ ৰক্ষা কৰা। অকল সুৰেৰে গীত যুগমীয়া হ'ব নোৱাৰে, গীতৰ মাজত থকা কথাখিনিৰো মূল্য থাকে। কবিতাৰ দৰে গীতৰ কথায়ো কাব্যিক সৌন্দৰ্য প্ৰকাশ কৰে অলংকাৰ ছন্দ আৰু ৰসেৰে। গীত আৰু কবিতাৰ লক্ষ্য আৰু উদ্দেশ্য একেই, আনন্দ দিয়া আৰু শ্ৰোতা বা পাঠকক ভবাই তোলা। সংগীতময়তা যিদৰে কবিতাৰ সম্পদ, কাব্যিক আবেদনো সেইদৰে গীতৰ অতিৰিক্ত আকৰ্ষণ। কবিতা আৰু গীতৰ মাজত যিটো এৰাব নোৱৰা সম্পৰ্ক দৃশ্যমান হ'ল, ইয়াৰ দ্বাৰা নিঃসন্দেহে গীতক কাব্য-সাহিত্যৰ অন্তৰ্গত কৰিব পাৰি। [৪]
লগতে চাওক
[সম্পাদনা কৰক | উৎস সম্পাদনা]তথ্যসূত্ৰ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১.০ ১.১ অসমীয়া গীতি-সাহিত্যৰ ৰূপৰেখা, অসম সাহিত্য সভা, প্ৰথম প্ৰকাশ, ২০১১, পৃষ্ঠা. প্ৰস্তাৱনা, পৃ.১.
- ↑ ২.০ ২.১ অসমীয়া গীতি-সাহিত্যৰ ৰূপৰেখা, অসম সাহিত্য সভা, প্ৰথম প্ৰকাশ, ২০১১, পৃষ্ঠা. প্ৰস্তাৱনা, পৃ.২.
- ↑ ৩.০ ৩.১ ৩.২ অসমীয়া গীতি-সাহিত্যৰ ৰূপৰেখা, অসম সাহিত্য সভা, প্ৰথম প্ৰকাশ, ২০১১, পৃষ্ঠা. প্ৰস্তাৱনা, পৃ.৩.
- ↑ ৪.০ ৪.১ অসমীয়া গীতি-সাহিত্যৰ ৰূপৰেখা, অসম সাহিত্য সভা, প্ৰথম প্ৰকাশ, ২০১১, পৃষ্ঠা. প্ৰস্তাৱনা, পৃ.৪.