সমললৈ যাওক

ৰমেশ পাঠক

ৱিকিউদ্ধৃতিৰ পৰা

ড° ৰমেশ পাঠক (জন্ম: ১ মে' ১৯৪২- মৃত্যু: ২৬ জানুৱাৰী ২০২১) এগৰাকী গৱেষক, অধ্যাপক, বিশ্লেষক, সাহিত্য সমালোচক, সম্পাদক, ভাষাবিদ, বৈয়াকৰণিক, নিবন্ধকাৰ আৰু বক্তা।[] তেখেতৰ পিতৃৰ নাম হৰেশ্বৰ পাঠক আৰু মাতৃৰ নাম শান্তি পাঠক। জন্মৰ পাছতেই তেখেতৰ মাতৃৰ মৃত্যু হয়। তেখেত হৰেশ্বৰ পাঠকৰ পঞ্চম তথা কনিষ্ঠ পুত্ৰ আছিল।[]

  1. নাটক অৱস্থাৰ অনুকৰণ৷ অনুকৰণ মানুহৰ সহজাত প্ৰবৃত্তি৷ অনুকৰণ যেতিয়া কলাত্মক ৰূপত প্ৰদৰ্শিত হয় তেতিয়া ৰস সঞ্চাৰ হয় আৰু সাহিত্যৰ মৰ্যাদা লাভ কৰে৷[]
  2. নাটকৰ জন্মৰ সৈতে ধৰ্মৰ সম্পৰ্ক আছে৷ []
  3. পৃথিৱীৰ অন্যান্য নাটকৰ সৈতে সংস্কৃত নাটকৰ মৌলিক পাৰ্থক্য হ’ল ৰস-সৃষ্টিত৷[]
  4. আধুনিক যুগ ব্যস্ত যুগ৷[]
  5. একাংক নাট স্বয়ংসম্পূৰ্ণ৷ পূৰ্ণাঙ্গ নাট এখনৰ সংক্ষিপ্ত ৰূপ ই নহয়৷[]
  1. কনকসেন ডেকা (২০১৬)। “সাহিত্যাচাৰ্য ড॰ ৰমেশ পাঠকৰ কৃতিত্ব”, ড॰ ৰমেশ পাঠক জীৱন আৰু কৃতি। পাণবজাৰ, গুৱাহাটী। অশোক বুক ষ্টল, পৃষ্ঠা:০৯।
  2. Edited by Ratneswar Mili। Ramesh Pathak : Jeevan Aaru Kriti। Ashok Book Stall, Panbazar, Guwahati 1।
  3. নাটক আৰু নাটক, অশোক বুক ষ্টল, তৃতীয় প্ৰকাশ, ২০১২, পৃষ্ঠা. ১.
  4. নাটক আৰু নাটক, অশোক বুক ষ্টল, তৃতীয় প্ৰকাশ, ২০১২, পৃষ্ঠা. ৩.
  5. নাটক আৰু নাটক, অশোক বুক ষ্টল, তৃতীয় প্ৰকাশ, ২০১২, পৃষ্ঠা. ১৫.
  6. নাটক আৰু নাটক, অশোক বুক ষ্টল, তৃতীয় প্ৰকাশ, ২০১২, পৃষ্ঠা. ৩৫.
  7. নাটক আৰু নাটক, অশোক বুক ষ্টল, তৃতীয় প্ৰকাশ, ২০১২, পৃষ্ঠা. ৩৬.