সীতানাথ লহকৰ
অৱয়ব
সীতানাথ লহকৰ এজন নাট্যকাৰ, নাট্য পৰিচালক, চলচিত্ৰ পৰিচালক৷ তেওঁ কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ আছিল৷ তেওঁ ‘সমাহাৰ’ নাট্যগোষ্ঠীৰ জন্মদাতা আছিল৷
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- আমাৰ সমাজখন এতিয়া যিটো পৰ্য্যায়ত আছে, তাৰপৰা আৰু আগুৱাই যোৱাৰ প্ৰয়োজন আছে। অগ্ৰগতিৰ প্ৰয়োজন আছে। তাৰবাবে যিবিলাক চিন্তাৰ প্ৰয়োজন বা যিবোৰ চিন্তাৰ বিষয়বস্তু মানুহৰ সন্মুখলৈ অনাৰ দৰকাৰ, সেই বিষয়বস্তুক লৈ যিখিনি নাটক সৃষ্টি হয়, সেইখিনিয়ে আচলতে প্ৰগতিশীল নাটক। [১]
- সমাজৰ প্ৰগতিৰ স্বাৰ্থত যিবিলাক নাটক ৰচিত হয়, সেইখিনিয়েই প্ৰগতিশীল নাটক।[১]
- অসমত বেছিভাগ নাটকেই সমাজ বাস্তৱতাৰ লগত জড়িত নহয়। অৰ্থাৎ জনসাধাৰণৰ সমস্যাৰ লগত জড়িত নহয়। তাৰ মাজতো দুই তিনিখন ব্যতিক্ৰমী নাটক অৱশ্যেই আছে। উদাহৰণস্বৰুপে আমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘কাৰেঙৰ লিগিৰীৰ কথা ক’ব পাৰোঁ। সেই খনেই এখন নাটক, যি সামন্তবাদৰ মুখত প্ৰচণ্ড আঘাত হানিছে।[১]
- প্ৰতিবাদী নাটকে জনগণৰ মানসিকতাৰ উত্তৰণ ঘটাই সমাজ ব্যৱস্থা সলনি কৰিব পাৰে।[১]
- অপেচাদাৰী নাট্যদলৰ সামৰ্থ অনুযায়ী কম ভাড়াৰ প্ৰেক্ষাগৃহৰ বৰ প্ৰয়োজন গুৱাহাটীত।[১]
- বাটৰ নাটৰ জন্মই হয় ৰাজনৈতিক ভাৱে। ই প্ৰায় ১৬০ বছৰ পুৰণি। বিশেষকৈ ইউৰোপত কমিউনিষ্ট নাট্যকাৰ বাৰ্টল্টব্ৰেখট আৰু তেওঁৰ গুৰু আৰভিনপিস্কাটাৰ, এওঁলোক দুজনকেই বাটৰ নাটৰ সৃষ্টিকৰ্তা বুলিব পাৰি।[১]