সমললৈ যাওক

যতীন গোস্বামী

ৱিকিউদ্ধৃতিৰ পৰা

নৃত্যাচাৰ্য যতীন গোস্বামী এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু নৃত্য পৰিচালক।[] ভাৰতৰ শাস্ত্ৰীয় নৃত্যসমূহৰ ভিতৰত অন্যতম সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গুৰু যতীন গোস্বামী বিশেষভাৱে জনাজাত।[] তেওঁ গুৱাহাটীত অৱস্থিত সত্ৰীয়া একাডেমীৰ প্ৰতিষ্ঠাপক সঞ্চালক আৰু বৰ্তমান উপদেষ্টা মণ্ডলীৰ সদস্য।[] তেওঁ সংগীত নাটক একাডেমীৰ সাধাৰণ পৰিষদৰ প্ৰাক্তন সদস্য আছিল।[] তেওঁ আলোক শিল্পী সংঘ নামৰ নৃত্য একাডেমী আৰু প্ৰাগজ্যোতি কলা পৰিষদ নামৰ সংস্কৃতিক সংস্থাৰ প্ৰতিষ্ঠা কৰিছিল।[] তেওঁ সত্ৰীয়া নৃত্যলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০০৪ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল।[] ২০০৮ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[] ২০১৯ চনত সংগীত নাটক একাডেমীয়ে গুৰু যতীন গোস্বামীক ২০১৮ চনৰ বাবে একাডেমীৰ সৰ্বোচ্চ সন্মান সংগীত নাটক একাডেমী ফেল'শ্বিপ বা সদস্য ৰত্ন প্ৰদান কৰে।[] মহেশ্বৰ নেওগ আৰু ভূপেন হাজৰিকাৰ পিছত এই সন্মান লাভ কৰা তেওঁ তৃতীয়গৰাকী অসমীয়া।

  1. সত্ৰীয়া সংস্কৃতি আমাৰ পৰম্পৰা। আমাৰ জীৱনত সত্ৰীয়া সংস্কৃতি নিত্য আৰু নৈমিত্তিক কৰ্মত সংপৃক্ত হৈ আছে।[]
  2. ভাৰতৰ সকলো সংগীত পদ্ধতিত থূল বা ধাৰণা আছে। আচল কথা হৈছে তাৰ ব্যাকৰণ। ব্যাকৰণ শুদ্ধ হ'লে তাৰ পৰিৱেশন পদ্ধতি বেলেগ হ'লেও আপত্তি কৰিবলগীয়া নাই।[]
  3. ভাওনাৰ লগত দেওধনী নাচৰ কোনো সম্পৰ্ক নাই, ইয়াৰ আদৰ্শৰো মিল নাই। ভাওনাত এইবোৰৰ সংযোগ কেতিয়াও গ্ৰহণযোগ্য নহয়।[]
  4. অংকীয়া ভাওনাৰ ব্যাকৰণ মানি মাতৃভাষাৰ ভাওনা প্ৰদৰ্শন কৰিলে আপত্তি কৰিবলগীয়া নাই।[]
  5. সত্ৰীয়া আৰু শংকৰী সংস্কৃতিৰ কিছু পাৰ্থক্য নিশ্চয় আছে।[]
  6. এটা সংগীত ধাৰাৰ নিজস্ব শিক্ষণ পদ্ধতি যেতিয়ালৈকে স্থিৰ নহ'ব, তাৰ শিক্ষাদানো তেতিয়ালৈকে বেমেজালিময় হ'ব।[]
  7. অসমৰ ব্যক্তি আৰু সমাজ জীৱনত শংকৰ গুৰুজনাৰ ধৰ্মীয় দৰ্শনৰ প্ৰভাৱ অপৰিসীম। এই ধৰ্ম দৰ্শন আদৰ্শৰ আধাৰতে প্ৰতিষ্ঠিত অসমীয়া জাতি।[]
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ১.৬ ১.৭ ধনমণি দাস, হীৰকজ্যোতি নাথ, ভাৰ্গৱ কলিতা (২০১৮-১৯). "সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক, পদ্মশ্ৰী নৃত্যাচাৰ্য শ্ৰীযুত যতীন গোস্বামী ছাৰৰ সৈতে আমাৰ এখন্তেক কথা-বতৰা". দক্ষিণপাট ৪৭. 
  2. Spotlight on Sattriya dance. প্ৰকাশক: The Hindu (15 July 2006). আহৰণ কৰা হৈছে: 6 February 2016.
  3. Sattriya Kendra - Advisory Committee. প্ৰকাশক: Sangeet Natak Akademi (2016). Archived from the original on February 7, 2016. আহৰণ কৰা হৈছে: 6 February 2016.
  4. Bio-Data of Jatin Goswami. প্ৰকাশক: Sattriya Akademi (2016). আহৰণ কৰা হৈছে: 6 February 2016.
  5. Dance, a path to inner happiness. প্ৰকাশক: The Telegraph (28 August 2012). আহৰণ কৰা হৈছে: 6 February 2016.
  6. SNA Awardees. প্ৰকাশক: Sangeet Natak Akademi (2016). Archived from the original on 31 March 2016. আহৰণ কৰা হৈছে: 6 February 2016.
  7. Padma Awards. প্ৰকাশক: Ministry of Home Affairs, Government of India (2016). Archived from the original on 15 November 2014. আহৰণ কৰা হৈছে: 3 January 2016.
  8. https://assamese.sentinelassam.com/news/assam-artistes-win-sangeet-natak-akademi-awards/