যতীন্দ্ৰ নাথ দুৱৰা
অৱয়ব
যতীন্দ্ৰ নাথ দুৱৰা (ইংৰাজী: Jatindra Nath Duwarah;১৮৯২–১৯৬৪) অসমৰ এগৰাকী কবি আৰু সাহিত্যিক আছিল। অসমীয়া সাহিত্যত সাহিত্য অকাডেমি বঁটা পোৱা তেওঁ প্ৰথমগৰাকী অসমীয়া সাহিত্যিক। ১৯৫৫ চনৰ ডিচেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বাৰ্ষিক অধিবেশনৰ তেওঁ সভাপতিত্ব কৰিছিল। ইংৰাজ সাহিত্যৰ ৰোমাণ্টিক কবিসকল, পাৰস্যৰ কবি ওমৰ খৈয়াম, জাৰ্মান কবি হেইনৰিখ, আদি কবিসকলৰ দ্বাৰা প্ৰভাৱিত হৈছিল।[১] তেওঁ ওমৰ খায়ামৰ “ৰুবায়েৎ’’ৰ অসমীয়া ভাঙনি “ওমৰ তীৰ্থ’’ ৰচনা কৰিছিল৷[২]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- সকলো বস্তু কিনিছা কিনা। পৰাপক্ষত মাহেকত একোখন ভাল কিতাপ কিনিবা।[৩]
- বৈজ্ঞানিকৰ বিশ্লেষণ প্ৰথা, ভাবুকৰ সামঞ্জস্যকৰণ প্ৰথা, কবিৰ গভীৰ দৃষ্টি, দাৰ্শনিকৰ জ্ঞান সকলো গোটাই লৈ সৃষ্টি তথ্যৰ গভীৰতম প্ৰদেশলৈ ওমৰে চাই দেখিলে তাৰ আদি আৰু অন্ত দুয়ো আন্ধাৰ, গভীৰ আন্ধাৰ মানৱ মনৰ অসীমৰ প্ৰতি ব্যৰ্থতাৰ অভিযান এয়ে ওমৰৰ আৰু ওমৰৰ অভিযানৰ ব্যৰ্থতাৰ কাৰুণ্যই তেওঁৰ মানৱ জাতিৰ প্ৰতি শ্ৰেষ্ঠ দান৷[২]
- সকলোতকৈ শ্ৰেষ্ঠ কৃতি ওমৰৰ ৰুবায়েতৰ মাজেদি প্ৰকাশ পাইছে ওমৰৰ হৃদয়ৰ গভীৰতম প্ৰদেশৰ পৰা উঠা প্ৰাণস্পৰ্শী তীব্ৰ কৰুণ সুৰ৷[২]
“ওমৰ তীৰ্থ’’ আৰু দুৱৰা সম্পৰ্কে বিভিন্নজনৰ মত
[সম্পাদনা কৰক | উৎস সম্পাদনা]পাৰস্যৰ কবি ওমৰ খায়ামৰ “ৰুবায়েৎ’’ৰ অসমীয়া ভাঙনি কৰি যতীন্দ্ৰনাথ দুৱৰাই কাব্য জীৱনৰ পাতনি মেলিছিল৷[২]
- “কুৰি শতিকাৰ নানা ভাৱৰ সমাৱেশেৰে পুষ্ট হোৱা আদৰ্শক সৌন্দৰ্যৰ মাজেৰে আগত দাঙি ধৰা সকলৰ ভিতৰত শ্ৰেষ্ঠ কবি যতীন্দ্ৰনাথ দুৱৰা৷’’ (ড° বাণীকান্ত কাকতি)[২]
- “কবি যতীন্দ্ৰনাথ দুৱৰা এজন কবিয়েই নহয়, তেওঁৰ জীৱনটোৱেই এটা দীঘল কবিতা৷’’ (ড° সূৰ্য্যকুমাৰ ভূঞা)[২]
- “দুৱৰাৰ ভাববোৰ বুকুৰ তপত তেজৰ উম দি সজীৱ কৰা’’৷ (ড° বাণীকান্ত কাকতি)[২]
- “দুৱৰাৰ হাতত খায়ামৰ ৰুবায়েৎবোৰে এনেৰূপ ল’লে যে মূলৰ লগত মিল ৰাখি মৌলিক কবিতাৰ দৰে ৰসাল আৰু আৱেদনশীল হৈ পৰিল৷’’ (ড° সত্যেন্দ্ৰনাথ শৰ্মা) [২]
- “ওমৰ তীৰ্থ নাচি-বাগি ফুৰা পৰ্বতীয়া জুৰি৷’’ (হেম বৰুৱা)[২]
- জগতত হৈ থকা ঘটনাবিলাকে মনৰ মাজত যি ভাবৰ উদয় কৰে, আনৰ মন মুহিব পৰা শক্তিৰে সৈতে সেই ভাবৰ বিকাশেই সাহিত্য৷ মন আৰু কল্পনাই তাৰ সৃষ্টিকৰ্তা৷ ভাব তাৰ অঙ্গ, মানৱ সমাজেই তাৰ প্ৰকাশৰ স্থল৷ সাহিত্যৰ মধুময় ৰসে মানৱ সমাজক মোহিত কৰি থয়-- এই সাহিত্যৰ ৰসেই সেই ধনী, দুখীয়া সকলোৰে মন মোহাই তেওঁলোকৰ কল্পনাত এখনি আনিন্দ্য-সুন্দৰ ৰাজ্য সৃষ্টি কৰো তেওঁলোকৰ মনত আনন্দ দিয়াৰ লগে লগে আনৰ মনতো আনন্দ দিবলৈ সমৰ্থ হয়৷[৪]
- "নিভাঁজ অসমীয়া মাত-কথাৰ লগত দুৱৰাৰ অভ্যস্ত লয় আৰু কণ্ঠ মিলি এক দাৰ্শনিক ৰূপক সৃষ্টিত অভূতপূৰ্ব দক্ষতা দেখুৱাইছে। ইয়াত নিয়তিৰ প্ৰতি কবিৰ আবেদন আৰু তাৰ উত্তৰতো দুৱৰাৰ কাব্যই সিদ্ধি লাভ কৰিছে। মানুহৰ আবেদনৰ কাতৰ কাকুতি আৰু নিৰ্মম নিয়তিৰ গহীন গৰ্জনত দুৱৰাৰ কাব্যত দুৰ্লভ এক অভিজ্ঞতা জাগ্ৰত হৈছে।" (ড৹ হীৰেন গোহাঁই)[৫]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ত্ৰিদিপ গোস্বামী। পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ। অনন্ত হাজৰিকা, বনলতা প্ৰকাশণ, পৃষ্ঠা:৭৫, ৭৬, ৭৮।
- ↑ ২.০ ২.১ ২.২ ২.৩ ২.৪ ২.৫ ২.৬ ২.৭ ২.৮ ফুকন, চিত্ৰলেখা, ভূঞা, দীক্ষিতা (৩১ জানুৱাৰী,১,২,৩,৪ ফেব্ৰুৱাৰী, ২০২৩)। নাৰায়ণপুৰ দৰ্পন। অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পূৰ্ণাঙ্গ অধিৱেশনৰ স্মৃতিগ্ৰন্থ, পৃষ্ঠা:৯৯।
- ↑ মহৎ লোকৰ বাণী. প্ৰকাশক: বিকাশপেডিয়া.
- ↑ বৰেণ্য অসমীয়া, পৰেশ বৈশ্য, চন্দ্ৰ প্ৰকাশ, ২০১৪, পৃষ্ঠা নং ২৯৬
- ↑ 'সাহিত্যৰ সত্য', ড৹ হীৰেন গোহাঁই। প্ৰথম প্ৰকাশঃ আগষ্ট, ১৯৭০। প্ৰকাশকঃ 'বৰুৱা এজেঞ্চি'।